ETV Bharat / state

Congress protest in Guwahati:ডিমা হাচাওৰ মুখ্য কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে কংগ্রেছৰ ধৰ্ণা

author img

By

Published : Jul 18, 2023, 5:34 PM IST

কনিষ্টবল হবিবুৰ ৰহমানৰ মৃত্যুৰ সঠিক তদন্ত কৰি চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে শীঘ্রে দোষীক শাস্তি দিয়াৰ দাবী কংগ্রেছৰ । ডিমা হাচাও জিলা কংগ্ৰেছ কমিটীয়ে কামৰূপ মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ সহযোগত ৰাজীৱ ভৱনত তদন্তৰ দাবীত ৰূপায়ন কৰিলে ধৰ্ণা কাৰ্যসূচী ।

Congress demand for probe into constable death
গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰতিবাদ

গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰতিবাদ

গুৱাহাটী,১৮ জুলাই: ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰতিবাদ । হাফলঙত সন্ত্রাসবাদীৰ হাতত মৃত্যু হোৱা আৰক্ষী কনিষ্টবল হবিবুৰ ৰহমানৰ মৃত্যুৰ সঠিক তদন্ত কৰি চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে অতিশীঘ্রে দোষীক শাস্তি দিয়াৰ দাবীত ডিমা হাচাও জিলা কংগ্রেছ কমিটীৰ উদ্য়োগত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় । হত্যাকাণ্ডত অভিযুক্ত দেৱলাল গাৰ্লোচাই সাক্ষীক ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগ তুলি ন্যায়ৰ দাবীত মঙলবাৰে উত্তাল হৈ পৰে ৰাজীৱ ভৱন ।

ডিমা হাচাও জিলা কংগ্ৰেছ কমিটীয়ে কামৰূপ মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ সহযোগত ৰাজীৱ ভৱনত এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । উল্লেখ্য যে ডিমা হাচাওৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে আৰক্ষী কনিষ্টবল হাবিবুৰ ৰহমানক হত্যা কৰাৰ গুৰুতৰ অভিযোগ আছে । ইফালে, এই হত্যাকাণ্ডৰ অন্যতম সাক্ষী বিকাশ থাউচেনক দেৱলাল গাৰ্লোচাৰ গুণ্ডাবাহিনীয়ে সাক্ষী নিদিবলৈ ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে । যাৰ বাবে সমস্ত ঘটনাৰ নিৰপেক্ষ তদন্ত বিচাৰি আৰু সাক্ষীৰ সৈতে সাক্ষীৰ পৰিয়ালৰ নিৰপত্তা বিচাৰি আজি ৰাজীৱ ভৱনত পাহাৰীয়া জিলাখনৰ কংগ্ৰেছ নেতা-কৰ্মীসকলে ধৰ্ণা কাৰ্যসূচী পালন কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দে' পুৰকায়স্থ, ডিমা হাচাওৰ দায়িত্বত থকা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যকে ধৰি প্ৰদেশ কংগ্ৰেছৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে ।

সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই কয় যে এজন আৰক্ষীৰ লোকক হত্যা কৰা হ'ল । যিজন মানুহে হত্যা কৰিলে সেইজন দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে ইতিমধ্যে পুৰ্ণেন্দু লাংথাচা আৰু নিন্দু লাংথাচাক হত্যা কৰাৰ গোচৰ ন্যায়ালয়ত চলি আছে । আৰক্ষীৰ লোকজনক হত্যা কৰা ঘটনাৰ অন্যতম সাক্ষী হৈছে বিকাশ থাউচেন । সাক্ষী বিকাশ থাউচেনৰ সাক্ষ্যদানৰ ওপৰত দেৱলাল গাৰ্লোচাৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে । কিন্তু অসম আৰক্ষী তথ‍া অসম চৰকাৰে বিকাশ থাউচেনক নিৰাপত্তা দিব বিচৰা নাই । তেওঁ কয় যে বৰ্ত্তমান সময়ত বিকাশ থাউচেনৰ কোনো খবৰ নাই । জীয়াই আছে নে নাই সেই কথাও জ্ঞাত নহয় ।

ইফালে, বিকাশ থাউচেনৰ পত্নীয়ে গোচৰ দিছে যে দেৱলাল গাৰ্লোচাৰ ঘনিষ্ঠ দাৰা সিঙে তেওঁলোকক মৃত্যুৰ ভাবুকি দিছে । সাক্ষী নিদিবলৈ মৃত্যুৰ ভয় দেখুওৱা হৈছে । দেৱলাল গাৰ্লোচাৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অভিযোগ কৰি কয় যে বিজেপিয়ে এজন হত্যাকাৰীক মুৰব্বী সজাই ৰাখিছে । ইফালে, সাক্ষীজনৰ বৰ্ত্তমান কোনো শুং-সূত্ৰ নাই । ডিমা হাচাওৰ ৰাইজে আন্দোলন কৰিবলৈ ঠাই পোৱা নাই । সাক্ষীক নিৰাপত্তা দিব নোৱাৰা বিজেপি চৰকাৰে এজন হত্যাকাৰীক ৰঙা লাইটৰ গাড়ী দি ডাঙৰ পদত ৰাখিছে বুলি তেওঁ অভিযোগ কৰে । তেওঁ কয়,"আমি বিকাশ থাউচেন আৰু তেওঁলোকৰ পৰিয়ালৰ নিৰাপত্তা বিচাৰিছো ।" তেওঁ লগতে কয় যে এই বিষয়টো লোকসভা আৰু ৰ‍াজ্যসভাৰ মজিয়ালৈ লৈ যোৱা হ'ব । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছ দলে ঘটনাৰ উপযুক্ত তদন্ত দাবী কৰে । সাক্ষীৰ লগতে সাক্ষীৰ পৰিয়ালক নিৰাপত্তা প্ৰদানৰো তেওঁ দাবী জনায় ।

লগতে পঢ়ক:Education system in Assam : শোচনীয় অৱস্থাত ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.