ETV Bharat / state

APCC on LPG Price Reduce : ৰন্ধন গেছৰ নামত বিজেপিয়ে সাপ হৈ খুঁটি বেজ হৈ জাৰিছে; প্ৰদেশ কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 8:55 PM IST

বিজেপিৰ কথাত ভোল নাযাবলৈ ৰাইজক আহ্বান প্রদেশ কংগ্ৰেছৰ। সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহ। চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ জৰিয়তে বিজেপিয়ে লুণ্ঠন কৰিছে ৮,৩৩,৬৪০.৭৬ কোটি টকা। কংগ্ৰেছৰ দিনৰ ৪০০ টকীয়া চিলিণ্ডাৰটো ১২০০ টকীয়া কৰি এতিয়া নিৰ্বাচনৰ বাবে ২০০ টকা কমাইছে বুলি মন্তব্য কৰে নেতাজনে।

Bharat Narah Criticizes BJP Govt
বিজেপিৰ কথাত ভোল নাযাবলৈ ৰাইজক আহ্বান প্রদেশ কংগ্ৰেছৰ

প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহৰ সংবাদমেল

গুৱাহাটী, 1 ছেপ্টেম্বৰ : ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত ৰাজ্যত এতিয়া চূড়ান্ত অপপ্ৰচাৰ চলিছে ৷ এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ৷ শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহে কয় যে সাপ হৈ খুঁটি বেজ হৈ জৰাৰ নীতিৰে চলি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে সমগ্ৰ দেশৰ জনতাক প্ৰতিটো মুহূৰ্ততে কেৱল আভুৱা ভাৰি আহিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল নিৰ্বাচনহে চিনি পায় ৷

তেওঁ কয় যে, দেশৰ চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত ৷ লগতে লোকসভা নিৰ্বাচনলৈ মাজত মাথো আৰু 200 দিন আছে ৷ সেয়ে বিগত 10 বছৰে মূল্যবৃদ্ধিৰে জনতাক মাধমাৰ শোধাই অহা প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়া ঘঁৰিয়ালৰ চকুপানী টুকি ৰন্ধন গেছৰ দাম 200 টকা হ্ৰাস কৰিছে ৷ কিন্তু এইবাৰ দেশৰ সাধাৰণ জনতাই মোদী আৰু বিজেপিৰ এনে কৌশলী ৰাজনীতিত মুঠেই ভোল নাযায় বুলি তেওঁ কয় ৷ তেওঁ লগতে কয় যে ৰন্ধন গেছৰ দাম মোদীয়ে হঠাৎ কিয় 200 টকা কমাই দিলে সেয়া সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিগৰাকী লোকে বুজি উঠিছে ৷ গতিকে এই বিষয়ে মুখ্যমন্ত্ৰীয়ে টুইটাৰত অপপ্ৰচাৰ নচলোৱাই ভাল ৷ তেওঁ চাহ বাগিচাৰ মাটিৰ মূল্য হ্ৰাস কৰি দিয়াৰ আঁৰত কি কাৰণ আছে সেয়া টুইটাৰ, ফেচবুক, ইউটিউব চেনেল, টিভি চেনেল অথবা ৰীল বনাই ৰাজ্যবাসীক বুজাই দিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনায় ৷

নেতাজনে পুনৰ কয় যে, মোদীয়ে চিলিণ্ডাৰৰ দাম 200 টকা কিয় কমালে সেয়া ৰাইজক কোৱাৰ দৰকাৰ নাই ৷ অসমৰ ৰাইজে এতিয়া সকলো বুজি পোৱা হৈছে ৷ মুখ্যমন্ত্ৰীয়ে টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰামত ৰীল বনাই এইটো বুজাই দিয়ক যে কি কাৰণে চাহ বাগিচাৰ মাটিৰ দাম হ্ৰাস কৰি দিয়া হ'ল ৷ তেওঁ আৰু কয় যে 2015 চনত মোদী আৰু বিজেপিয়ে ৰন্ধন গেছৰ চিলিণ্ডাৰত ৰাজসাহাৰ্য প্ৰদানৰ বিৰোধিতা কৰিছিল ৷ সেইজন মোদীয়ে এতিয়া আকৌ কংগ্ৰেছৰ দিনৰ ৰাজসাহাৰ্য আৰম্ভ কৰিছে ৷ মোদীৰ নিজৰ কথাৰ ঠিক নাই ৷ মোদীয়ে আচলতে কি কয় আৰু কৰে নিজেই নাজানে ৷ এতিয়া নিৰ্বাচন অহাৰ বাবে মোদীয়ে 200 টকাৰ ৰাজসাহাৰ্য দি দাম কমাই দিছে ৷ নিৰ্বাচন আহিলেই একাউণ্টত 15 লাখ টকাকৈ দিম বুলি কোৱা এইজন মোদীক আৰু মানুহে বিশ্বাস নকৰে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা ভৰত নৰহে৷

বিজেপিয়ে আৰু মুখ্যমন্ত্ৰীয়ে যিমানেই টুইট নকৰক, ৰীলছ নবনাওক কিয় অসমৰ মানুহৰ আগত বিজেপিৰ গোমৰ ফাঁক বাহিৰ হৈ গৈছে ৷ বিজেপিক এইদৰে কটাক্ষ কৰি তেওঁ কয় যে নিজকে দৰিদ্ৰ বুলি জহাই ভালপোৱা প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ 31.37 কোটি ৰন্ধন গেছৰ উপভোক্তাক বিগত 9 বছৰ 6 মাহত কৌশলেৰে লুণ্ঠন কৰি আহিছে ৷ দুখীয়াৰ ঢেঁটু চেপা মোদী চৰকাৰে কংগ্ৰেছৰ দিনৰ 400 টকীয়া চিলিণ্ডাৰটো 1,200 টকীয়া কৰি পেলালে ৷ ৰাজসাহাৰ্য দিম বুলি কৈয়ো নিদিয়া চৰকাৰখনে এই সময়ছোৱাত দেশৰ জনতাৰ পৰা চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ জৰিয়তে 8,33,640.76 কোটি টকা লুণ্ঠন কৰিছে বুলি তেওঁ কয় ৷ সাহস থাকিলে গেছৰ চিলিণ্ডাৰৰ দাম 500 টকা কৰিবলৈ তেওঁ বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনায় ৷ এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল ৷

লগতে পঢ়ক : One Nation One Election: এক দেশ এক নিৰ্বাচন সিদ্ধান্তক আদৰণি বিজেপি বিধায়ক দিগন্ত কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.