ETV Bharat / state

GMC Election 22 : ৬০ নং ৱাৰ্ডত ভোট দিবলৈ একেলগে আহিল কংগ্ৰেছ-বিজেপি প্ৰাৰ্থী

author img

By

Published : Apr 22, 2022, 9:38 PM IST

Updated : Apr 23, 2022, 1:54 PM IST

৬০ নং ৱাৰ্ডত ভোট দিবলৈ একেলগে আহিল কংগ্ৰেছ-বিজেপি প্ৰাৰ্থী
৬০ নং বাৰ্ডত ভোট দিবলৈ একেলগে আহিল কংগ্ৰেছ-বিজেপি প্ৰাৰ্থী

অন্ত পৰিল গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ । ভোটাৰ ৰাইজৰ সেৰেঙা উপস্থিতিৰ মাজতে সম্পন্ন ভোটগ্ৰহণ প্ৰক্ৰিয়া । ইয়াৰ মাজতে এক আজৱ দৃশ্য । এটা ৱাৰ্ডত ভোট দিবলৈ একেলগে আহিল কংগ্ৰেছ-বিজেপি প্ৰাৰ্থী ।

গুৱাহাটী,২২ এপ্ৰিল: বহু প্ৰতীক্ষাৰ অন্তত অনুষ্ঠিত হ'ল গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ । শুকুৰবাৰে পুৱাৰ পৰা বিভিন্ন ভোটকেন্দ্ৰ সমূহত পচন্দৰ প্ৰাৰ্থীৰ সমৰ্থনত ভোট দিবলৈ ভোটাৰ ৰাইজ আগবাঢ়ি অহা দেখা যায় যদিও গুৱাহাটীৰ বহু ভোট কেন্দ্ৰত ভোটাৰ ৰাইজৰ উপস্থিত আছিল যথেষ্ট সেৰেঙা । ইতিমধ্যে ৬০টা ৱাৰ্ড যুক্ত গুৱাহাটী পৌৰ নিগমৰ ৩ টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী ।

তাৰোপৰি এইবাৰ পৌৰ নিগমৰ নিৰ্বাচনত প্ৰথমবাৰলৈ EVM ব্যৱহাৰ কৰা পৰিলক্ষিত হয় । ইফালে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ৬০ নং বাৰ্ডৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী স্বপন দাস আৰু বিজেপিৰ প্ৰাৰ্থী ভূপেন বৰুৱাই পুৱাৰ ভাগত বাঘৰবৰী হাইস্কুলত ভোটাধিকাৰ সাব্যস্ত কৰে ।

৬০ নং ৱাৰ্ডত ভোট দিবলৈ একেলগে আহিল কংগ্ৰেছ-বিজেপি প্ৰাৰ্থী

দুয়োগৰাকী প্ৰাৰ্থীয়ে জয়লাভ সুনিশ্চিত বুলি দাবী কৰি বাৰ্ডটোৰ পৰা জয় লাভ কৰাৰ পিছত বাৰ্ডটোৰ উন্নয়ন,খোৱাপানী, ৰাস্তা ঘাট আদিৰ সমস্যা সমাধান কৰাৰ বাৱে চেষ্টা কৰিব বুলি আশা প্ৰকাশ কৰে । ভোট দিবলৈ আহি পৰস্পৰে মুখামুখি হোৱাৰ পিছত দুয়ো গৰাকী প্ৰাৰ্থীয়ে কৰ্মদন কৰি শুভেচ্ছা জনাই ।

লগতে পঢ়ক: কোকৰাঝাৰত নিৰ্মীয়মান কৰ্কট চিকিৎসা প্ৰতিষ্ঠান পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

Last Updated :Apr 23, 2022, 1:54 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.