ETV Bharat / state

Assam weather updates : শীতৰ প্ৰকোপত ব্যাহত জনজীৱন

author img

By

Published : Jan 24, 2023, 1:46 PM IST

Cold wave in Assam 2023
শীতৰ প্ৰবাহত কঁপিছে সমগ্ৰ ৰাজ্য

গুৱাহাটী মহানগৰীত সম্প্ৰতি শীতৰ প্ৰকোপ ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন (Cold wave in Assam)। দিনৰ ভাগত শীতৰ মাত্ৰা কিছু পৰিমাণে কম হ’লেও সন্ধিয়া হোৱাৰ লগে লগে শীত আৰু কুঁৱলীৰ প্ৰকোপ বৃদ্ধি পাই আহিছে ৷

গুৱাহাটী, 24 জানুৱাৰী: শীতৰ প্ৰবাহত কঁপিছে সমগ্ৰ ৰাজ্য (Cold wave in Assam 2023) ৷ শেহতীয়াকৈ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো সম্প্ৰতি বৃদ্ধি পাইছে শীতৰ প্ৰকোপ । দিনৰ ভাগত শীতৰ মাত্ৰা তুলনামূলকভাৱে কম হ’লেও সন্ধিয়া হোৱাৰ লগে লগে শীত আৰু কুঁৱলীৰ প্ৰকোপ বৃদ্ধি পাই আহিছে ৷ যাৰ ফলত এক প্ৰকাৰে ব্যাহত হৈ পৰে সাধাৰণ জনজীৱন ।

গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এক সূত্ৰৰ মতে, তুলনামূলকভাৱে এইবেলি শীত কিছু পলমকৈ আহিছে। বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত হোৱা বতৰৰ কেতবোৰ পৰিঘটনা তথা দক্ষিণ-পশ্চিম দিশৰ পৰা বতাহ বলি থকা বাবে অসম, অৰুণাচল প্ৰদেশ, ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ অধিকাংশ অঞ্চলেই শীতৰ কৱলত পৰিছে (Assam weather updates ) ।

Cold wave in Assam 2023
শীতৰ প্ৰবাহত কঁপিছে সমগ্ৰ ৰাজ্য

বিশেষকৈ অৰুণাচল প্ৰদেশৰ এক বৃহৎ অঞ্চল তুষাৰপাতে আবৰি ৰাখিছে । আনহাতে যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, ডুমডুমা, শদিয়াকে ধৰি সমগ্ৰ উজনি অসম আৰু উত্তৰ লখিমপুৰ, ধেমাজি তথা জোনাইকে ধৰি উত্তৰ অসমৰ এক বিস্তীর্ণ অঞ্চলত এমাহ ধৰি নিশা অব্যাহত আছে শীতৰ প্ৰবাহ । অভাৱনীয়ভাৱে শীতৰ কৱলত পৰা বিগত দিনকেইটাত উজনি অসমৰ যোৰহাট, উত্তৰ লখিমপুৰকে ধৰি কেইবাটাও অঞ্চলত নিশাৰ ভাগত ন্যূনতম তাপমাত্ৰা বহু পৰিমাণে কমি গৈছে ।

ইফালে বিগত 24 ঘণ্টাত শ্বিলং চহৰৰ ন্যূনতম তাপমাত্ৰা আছিল 5.7 ডিগ্ৰী চেলচিয়াছ । ইয়াৰ বিপৰীতে উত্তৰ লখিমপুৰৰ ন্যূনতম তাপমাত্ৰা আছিল 7 ডিগ্ৰী চেলচিয়াছ আৰু ডিব্ৰুগড়ৰ ন্যূনতম তাপমাত্ৰা আছিল 8.6 ডিগ্ৰী চেলচিয়াছ । আনহাতে গুৱাহাটীৰ ন্যূনতম তাপমাত্ৰা আছিল 10.2 ডিগ্ৰী চেলচিয়াছ ।

একেদৰে তেজপুৰৰ ন্যূনতম তাপমাত্ৰা আছিল 10.7 ডিগ্ৰী চেলচিয়াছ, শিলচৰৰ ন্যূনতম তাপমাত্ৰা আছিল 10.9 ডিগ্ৰী চেলচিয়াছ, ধুবুৰীৰ 11.7 ডিগ্ৰী চেলচিয়াছ আৰু যোৰহাটৰ 7.9 ডিগ্ৰী চেলচিয়াছ । ইয়াৰ বিপৰীতে মিজোৰামৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল 5.9 ডিগ্ৰী চেলচিয়াছ, নগালেণ্ডৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল 5 ডিগ্ৰী চেলচিয়াছ, মণিপুৰৰ 4.7 ডিগ্ৰী চেলচিয়াছ আৰু ত্ৰিপুৰাৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল 12.1 ডিগ্ৰী চেলচিয়াছ ।

ইফালে, বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 26 জানুৱাৰীৰ গণৰাজ্য দিৱসলৈকে অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ কেতবোৰ অঞ্চল প্ৰচণ্ড শীতৰ কৱলত পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে । লগতে গণৰাজ্য দিৱসলৈকে সন্ধিয়া হোৱাৰ লগে লগে শীতৰ প্ৰকোপৰ লগতে ঘন কুঁৱলীৰ প্ৰকোপ বহু বৃদ্ধি পাব বুলিও সদৰি কৰিছে । একে সময়তে দক্ষিণ-পশ্চিমৰ পৰা শীতল বতাহ বলি থাকিব বাবে সন্ধিয়াৰ পাছত ঘৰৰ বাহিৰলৈ ওলাই অহা লোকে শীতৰ সৈতে সহাৱস্থান কৰিব লাগিব বুলিও বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰটোৱে মন্তব্য কৰিছে ।

লগতে পঢ়ক: Cold wave in India: শীতত কঁপিছে উত্তৰ ভাৰত, ব্যাহত ৰে’ল আৰু বিমান সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.