ETV Bharat / state

Badminton Excellence Centre: আমিনগাঁৱত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 11, 2023, 8:56 PM IST

Badminton Excellence Centre
Badminton Excellence Centre

ক্ৰীড়া ক্ষেত্ৰত আৰু এখোজ আগোৱাই নিয়াৰ দিশত অসম চৰকাৰ ৷ শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে বেডমিণ্টনৰ বাবে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ উদ্বোধন কৰে ৷ কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ স্থায়ী কাৰ্যালয়ৰ শিলান্যাসো কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আমিনগাঁৱত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 11 আগষ্ট: শুকুৰবাৰে আমিনগাঁৱত বেডমিণ্টনৰ বাবে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ 302 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে এই বেডমিণ্টন উৎকৃষ্টতা কেন্দ্ৰ ৷ 4 হাজাৰ দৈৰ্ঘ্য ফুটৰ এই ষ্টেজিয়ামত আছে 16খন বেডমিণ্টন কৰ্ট আৰু খেলুৱৈসকলৰ বাবে থকা-খোৱাৰ সুবিধা ৷

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ষ্টেডিয়ামত 2025 অথবা 2027 চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰাৰ বাবে অলিম্পিক এছ’চিয়েশ্যনলৈ পত্ৰ লিখা হৈছে ৷ ইফালে এই ষ্টেডিয়ামৰ পৰা বহু সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈ ওলাব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়, ‘‘বেডমিণ্টনৰ বাবে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰই প্ৰশিক্ষণ আৰু প্ৰতিভা বিকাশত গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰিব ৷’’

উল্লেখ্য যে একেলগে প্ৰায় 3500 গৰাকী দৰ্শকে বহি খেল উপভোগ কৰিব পাৰিব এই ষ্টেডিয়ামখনত । সমান্তৰালকৈ ষ্টেডিয়ামখনত মুঠ ৬৪ জন খেলুৱৈ আৰু ২০জন প্ৰশিক্ষকৰ বাবে সাজু কৰা হৈছে ৷ ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে চোৱা-চিতা কৰিব ষ্টেডিয়ামখন আৰু বেডমিন্টন ফেডাৰেশ্যন অৱ ইণ্ডিয়াই তদাৰক কৰিব ইয়াৰ কাৰিকৰী দিশ ।

ইফালে এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে আমিনগাঁৱত 20 হাজাৰ আসন যুক্ত এখন মুকলি ষ্টেডিয়ামৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে ৷ এই মুকলি ষ্টেডিয়ামখনৰ নিৰ্মাণৰ বাবে ব্যয় হ’ব 300 কোটি টকা ৷ দুবছৰৰ ভিতৰত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰ উপৰিও শুকুৰবাৰে কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ স্থায়ী কাৰ্যালয়ৰ শিলান্যাস কাৰ্যসূচী সম্পন্ন হয় ৷ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ আমিনগাঁৱত নিৰ্মাণ হ’ব লগীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ৰ শিলান্যাস কাৰ্যসূচী ৰূপায়ন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

শিলান্যাস কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 3 কোটি 65 লাখ 65 হাজাৰ 65 টকা বিনিয়োগ কৰি নিৰ্মাণ কৰা হ’ব এই কাৰ্যালটো ৷ 18 মাহৰ পৰা দুবছৰৰ ভিতৰত এই কাৰ্যালয়টোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

পলাশবাৰীত আমি এখন আদৰ্শ থানা নিৰ্মাণ কৰিব বিচাৰিছো বুলি উল্লেখ কৰি তেওঁ কয় যে এই থানাৰ চৌহদতে থাকিব কোৱাৰ্টাৰ, যাতে আৰক্ষীসকলে বাহিৰলৈ যাব নালাগে ৷ এই প্ৰচেষ্টা সফল হ’লে বাকী থানাসমূহো এইদৰে গঢ়ি তোলা হ’ব বুলি তেওঁ কয় ৷ ভাৰতীয় সেনাৰ তত্বাৱধান প্ৰশিক্ষণ গ্ৰহণ কৰি থকা আমাণ্ডো-বেটেলিয়নৰ পাঁচটা গোটে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি তেওঁ কয় ৷

এই অনুষ্ঠানত কামৰূপ জিলাৰ সকলো বিধায়ক উপস্থিত থকাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং আৰু জিলা আয়ুক্ত কীৰ্তি জল্লী উপস্থিত থাকে ৷

লগতে পঢ়ক: Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ; 19 টা বিধানসভা সমষ্টিৰ নাম সলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.