ETV Bharat / state

তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 27, 2022, 9:05 PM IST

দেওবাৰে নিছিদ্ৰ নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা ৷ ইণ্টাৰনেট পৰ্যন্ত কৰ্তন কৰি অনুষ্ঠিত কৰিবলগীয়া এই পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ বাবে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on recruitment examination)৷

Himanta Biswa Sarma on recruitment examination
তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 27 আগষ্ট: তৃতীয় বৰ্গৰ পদসমূহ পূৰণৰ বাবে দেওবাৰে অনুষ্ঠিত হ'ব পৰীক্ষা (Grade 3 recruitment exam Assam) ৷ পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কত আলোচনা কৰাৰ উদ্দেশ্যৰে শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত ভিডিঅ’ কনফাৰেঞ্চিং যোগে শীর্ষ বিষয়া আৰু পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া জিলাৰ উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষকসকলৰ সৈতে এক বৈঠকত মিলিত হয় (Himanta Biswa Sarma recruitment examination)।

কেন্দ্ৰসমূহত যাতে অতি সূচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত হয় তাৰ বাবে সকলোধৰণৰ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । পূৰ্বে অনুষ্ঠিত চতুর্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৰাজি কাইলৈও গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক তেওঁলোকৰ জিলাত যান-জঁট নিয়ন্ত্ৰণৰ বাবেও যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে পৰীক্ষাৰ্থীসকলে সময়মতে পৰীক্ষাগৃহত উপস্থিত হোৱাৰ দিশত কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় । বৈঠকত উপস্থিত থকা আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত(DGP Bhaskarjyoti Mahanta), গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিজ বার্মাই দেওবাৰে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা পৰিচালিত কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে ।

ড৹ শৰ্মাই কয় যে খালী হৈ থকা চৰকাৰী পদসমূহ(Assam Govt job vacancy) যদি মেধাৰ ভিত্তিত নিৰ্বাচিত যুৱক-যুৱতীয়ে লাভ কৰে তেতিয়া চৰকাৰী ব্যৱস্থাটোৰ কাৰ্যদক্ষতা অধিক বৃদ্ধি পাব । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অদূৰ ভৱিষ্যতে ইয়েই ৰাজ্যখনক দেশৰ ভিতৰতে অন্যতম উন্নত আৰু প্ৰগতিশীল ৰাজ্যলৈ ৰূপান্তৰিত কৰাৰ দিশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাবলৈ সক্ষম হ’ব । যোৱা ২১ আগষ্টত অনুষ্ঠিত চতুর্থ শ্ৰেণীৰ পদৰ নিযুক্তি পৰীক্ষাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যত পূৰ্বে অনুষ্ঠিত হোৱা অন্যান্য নিযুক্তি পৰীক্ষাৰ তুলনাত অনুপস্থিতিৰ সংখ্যা নগণ্য হোৱাটো এক ইতিবাচক দিশ বুলি কয় ।

নিযুক্তি পৰীক্ষাৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখিবলৈ প্ৰশাসন সক্ষম হোৱা বাবেই যুৱক-যুৱতীসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছে বুলিও তেওঁ কয় । এই ভিডিঅ’ কনফাৰেন্সিঙৰ সময়ত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিজ বাৰ্মা প্ৰমুখ্য কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক: বিজেপি নেতাক সংস্থাপন দিয়াতেই সীমাবদ্ধ অসম ছ’ছাইটি ফৰ ছ’ছিয়েল অডিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.