ETV Bharat / state

Evaluation of NAAC:নাকৰ মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ নকৰা মহাবিদ্যালয়লৈ শিক্ষা বিভাগৰ জাননী!

author img

By

Published : Jun 7, 2023, 6:35 PM IST

College Evaluated by NAAC
'নাক'ৰ মূল্যায়ন প্ৰক্ৰিয়া

ৰাজ্যৰ ৯০খন মহাবিদ্যালয়ে 'নাক'ৰ মূল্যায়ন প্ৰক্ৰিয়া আজিও আৰম্ভ নকৰাত ক্ষুন্ন শিক্ষা বিভাগ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিচতো আৰম্ভ কৰা নাই 'নাক'ৰ মূল্যায়ন প্ৰক্ৰিয়া (CM Himanta Biswa Sarma)।

গুৱাহাটী, ৭ জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিচতো ৰাজ্যৰ ৯০খন মহাবিদ্যালয়ে 'নাক'ৰ মূল্যায়ন প্ৰক্ৰিয়া আজিও আৰম্ভ কৰা নাই । যাৰ বাবে ৰাজ্যৰ এই ৯০ খন মহাবিদ্যালয়ৰ প্ৰতি অসন্তুষ্ট হৈ পৰিছে শিক্ষা বিভাগ । উল্লেখ্য যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়ম অনুসৰি মহাবিদ্যালয়সমূহে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত 'নাক'ৰ দ্বাৰা মূল্যায়ন কৰিব লাগে (College Evaluated by NAAC)। 'নাক'ৰ দ্বাৰা মূল্যায়ন কৰাৰ বাবে মহাবিদ্যালয়সমূহে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি দেশৰ নাকৰ কমিটীক নাকৰ দ্বাৰা মূল্যায়ন কৰাৰ বাবে আমন্ত্ৰণ কৰিব লাগে ।

সেইমতে নিৰ্ধাৰিত সময়ত আহি নিৰ্দিষ্ট মহাবিদ্যালয়ক নাকৰ দ্বাৰা মূল্যায়ন কৰা হয় । মহাবিদ্যালয়খনৰ সকলো দিশ‌ পৰীক্ষা কৰি নাকৰ দলে মহাবিদ্যালয়খনক গ্ৰেড প্ৰদান কৰে । মন কৰিবলগীয়া যে যোৱা বছৰতে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ যিবোৰ মহাবিদ্যালয়ত নাকৰ দ্বাৰা মূল্যায়ন হোৱা নাই সেইবোৰ মহাবিদ্যালয়ত নাকৰ মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছতো ৰাজ্যৰ ৯০খন মহাবিদ্যালয়ে 'নাক'ৰ মূল্যায়ন প্ৰক্ৰিয়া আজিও আৰম্ভ কৰা নাই (College not started process of evaluation of NAAC)। যাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা এই মহাবিদ্যালয়সমূহকলৈ অসন্তুষ্ট হৈ পৰিছে । যোৱা ৩ জুনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই কয়,"মহাবিদ্যালয়সমূহে নিজৰ দায়বদ্ধতা বুজি পাব লাগিব । আমি বলেৰে কাকো দায়বদ্ধ কৰিব খোজা নাই । সেইবুলি আপোনালোকে নাভাবিব যে আমি আপোনালোকক দায়বদ্ধ কৰিব নোৱাৰো । নতুন প্ৰজন্মৰ সু-ভৱিষ্যতৰ বাবে চৰকাৰক যিকোনো বাধা আঁতৰাবলৈ ১০ মিনিটো নালাগে (Assam CM on NAAC evaluation)।"

আমাৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ কেনেদৰে বহুমুখী ব্যৱহাৰ কৰিব পাৰি, সেই কথা ভাবিবলৈ মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ পৰামৰ্শ আগবঢ়াইছে মুখ্যমন্ত্রী ড৹ শৰ্মাই । শৈক্ষিক বিষয়ক লৈ বিশ্ববিদ্যালয়ৰ উপাচার্যসকলে তেওঁলোকৰ মাজত কথা পাতিবলৈ এখন সম্মিলিত মঞ্চ গঠনৰো পৰামৰ্শ আগবঢ়াইছে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই । ইপিনে, শিক্ষা বিভাগে 'নাক'ৰ মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ নকৰা ৰাজ্যৰ ৯০ খন মহাবিদ্যালয়লৈ জাননী প্ৰেৰণ কৰাৰ যো-জা চলাইছে বুলি শিক্ষা বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিছে ।

লগতে পঢ়ক:Debabrata Saikia in Morigaon: অসমত কংগ্ৰেছে ভবা নাই যে এআইইউডিএফ নাথাকিলে বিৰোধীৰ শক্তি দুৰ্বল হ’ব- দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.