ৰাজ্যৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

author img

By

Published : Sep 27, 2021, 9:38 AM IST

cm-himanta-biswa-sarma-meeting-with-tai-ahom-matak-community-representatives
টাই-আহোম-মটক সম্প্ৰদায়ৰ সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক ()

শীঘ্ৰেই শিৱসাগৰত টাই ভাষা শিক্ষণ কেন্দ্ৰ(Tai Language Training Centre) স্থাপন কৰিব ৰাজ্য চৰকাৰে(Assam Govt) । লগতে জয়সাগৰত এটা টাই সংগ্ৰহালয়(Tai Museam) আৰু ৰংঘৰৰ চৌহদত জয়মতী সংগ্ৰহালয়(Jaymoti Museam) স্থাপন কৰা হ’ব । জনতা ভৱনতো নিৰ্মাণ হ’ব চ্যুকাফাৰ প্ৰতিমূৰ্তি ।

গুৱাহাটী, 27 ছেপ্তেম্বৰ : অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দেওবাৰে টাই আহোম সম্প্ৰদায়ৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) । এই বৈঠকত সদৌ টাই আহোম ছাত্ৰ সন্থা(AATASU), টাই আহোম যুৱ পৰিষদ অসম(TAYPA), পূৰ্বাঞ্চল টাই সাহিত্য সভা, সদৌ অসম আহোম সভা আৰু মহন দেওধাই বাইলুং সন্মিলনৰ প্ৰতিনিধিসকলে তেওঁলোকৰ সম্প্ৰদায়সমূহৰ বিভিন্ন বিষয় মুখ্যমন্ত্ৰীক অৱগত কৰে ।

cm-himanta-biswa-sarma-meeting-with-tai-ahom-matak-community-representatives
টাই-আহোম-মটক সম্প্ৰদায়ৰ সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে, টাই ভাষা(Tai Language)টো জনপ্ৰিয় কৰা তথা সমাজত বর্তাই ৰখাৰ বাবে ৰাজ্য চৰকাৰে অচিৰেই টাই ভাষা শিক্ষণ কেন্দ্ৰ(Tai Language Training Centre) এটা স্থাপন কৰিব । ৰাজ্যখনৰ ট্ৰাইবেল ব্লক(Tribal Block) আৰু বেল্ট(Belt)সমূহত আহোমসকলক সংৰক্ষিত শ্ৰেণীৰ মর্যাদা প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ৷

তেওঁ জনোৱা মতে, যোৰহাটত থকা চ্যুকাফা সমন্বয় ক্ষেত্ৰক পর্যটনৰ এক উল্লেখযোগ্য স্থানলৈ ৰূপান্তৰ কৰা হ’ব আৰু ইয়াৰ সকলো কাম পৰৱৰ্তী দুবছৰৰ ভিতৰত সম্পূর্ণ কৰা হ’ব । শিৱসাগৰৰ জয়সাগৰত এটা টাই সংগ্ৰহালয়(Tai Museam) আৰু ৰংঘৰৰ বাকৰিত জয়মতী সংগ্ৰহালয়(Jaymoti Museam) নিৰ্মাণ কৰা হ’ব ।

cm-himanta-biswa-sarma-meeting-with-tai-ahom-matak-community-representatives
টাই-আহোম-মটক সম্প্ৰদায়ৰ সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি, অসম দর্শন আঁচনি(Assam Darshan Scheme)ৰ অধীনত আহোমসকলৰ উপাসনাথলীসমূহ সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ লগতে জনতা ভৱনত এটা চ্যুকাফাৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব । টাই আহোম উন্নয়ন পৰিষদলৈ প্ৰদান কৰিবলগীয়া 135 কোটি টকা চলিত বর্ষৰ 30 নৱেম্বৰৰ ভিতৰত মোকলাই দিয়া হ’ব । সম্প্ৰদায়টোক কমকৈ জ্ঞাত ঐতিহাসিক স্থান তথা সমলসমূহ সংৰক্ষণৰ বাবে এই পুঁজি ব্যৱহাৰ কৰিবলৈ মুখ্যমমন্ত্ৰীয়ে আহ্বান জনায় ৷

আনহাতে, স্বর্গদেউ চ্যুকাফা বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱটো চৰকাৰে ইতিবাচক দিশেৰে বিবেচনা কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিবর্গক কয় । টাইসকলৰ জনজাতিকৰণৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে টাই আহোম সম্প্ৰদায়ৰ সংগঠনসমূহৰ লগত ট্ৰাইবেল সংঘৰ প্ৰতিনিধিবর্গৰ এক বৈঠক অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনায়, যাতে বিষয়সমূহৰ সমাধানসূত্ৰ উলিয়াই আগবাঢ়িব পৰা যায় ।

cm-himanta-biswa-sarma-meeting-with-tai-ahom-matak-community-representatives
টাই-আহোম-মটক সম্প্ৰদায়ৰ সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, অসমৰ সকলো খিলঞ্জীয়া সম্প্ৰদায়সমূহ একত্ৰিত হৈ থাকিব লাগিব যাতে প্ৰব্ৰজনকাৰীসকলৰ পৰা চ্যুকাফাৰ অসমক সুৰক্ষিত কৰিব পৰা যায় । আনহাতে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনৰ মটক(Matak) সম্প্ৰদায়ৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিবর্গৰ সৈতেও আন এখন বৈঠকত মিলিত হয় ।

এই বৈঠকত মটক স্বায়ত্ব শাসিত পৰিষদ(Matak Autonomous Council), সদৌ অসম মটক সম্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদৰ প্ৰতিনিধিসকলে তেওঁলোকৰ সম্প্ৰদায়ৰ বিভিন্ন বিষয় সম্পৰ্কে মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে সম্প্ৰদায়টোৰ সৰ্বাংগীন কল্যাণৰ বিভিন্ন পৰিকল্পনাৰ বিষয়েও আলোচনা কৰে ।

বৈঠকযোগে মুখ্যমন্ত্ৰীয়ে কয় যে, মটক সম্প্ৰদায়ৰ লোকসকললৈ অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ দিশত সদৌ অসম মটক সন্মিলনক সম্পূর্ণ কর্তৃত্ব প্ৰদান কৰা হ’ব । ৰাজ্যখনৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত মটক সম্প্ৰদায়ৰ আসন সংৰক্ষণ নিৰ্ধাৰণ কৰাৰ বাবে বিভিন্ন বিভাগৰ মমন্ত্ৰীসকলক সামৰি এখন সমিতি গঠন কৰা হ’ব ৷

cm-himanta-biswa-sarma-meeting-with-tai-ahom-matak-community-representatives
টাই-আহোম-মটক সম্প্ৰদায়ৰ সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

সম্প্ৰদায়টোৰ ভূমি সম্বন্ধীয় বিষয়সমূহ আলোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, মিছন বসুন্ধৰা(Mission Basundhara)ৰ অধীনত সময় সাপেক্ষে আৰু স্বচ্ছতাৰে এই বিষয়সমূহ নিষ্পত্তি কৰা হ’ব । ৰাজ্য চৰকাৰে ইতিমধ্যে মটক সম্প্ৰদায়লৈ জনজাতিৰ মর্যাদা প্ৰদানৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণৰ দিশত নীতিগতভাৱে সন্মতি প্ৰদান কৰিছে । ৰাজ্য চৰকাৰে মটক উন্নয়ন পৰিষদৰ শক্তিশালীকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব ৷

পৰিষদলৈ 45 কোটি টকা প্ৰদানৰ দায়বদ্ধতা 30 নৱেম্বৰৰ ভিতৰত পূৰণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ এই পুঁজি ব্যৱহাৰ তথা প্ৰস্তাৱসমূহৰ ওপৰত ভিত্তি কৰি আৰু অধিক পুঁজি আগবঢ়োৱা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয় । মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটীত মটক ভৱন নির্মাণৰ বাবে ভূমি প্ৰদান, মায়ামৰা সত্ৰক বেদখলৰ পৰা মুক্তকৰণ, সম্প্ৰদায়টোৰ ঐতিহাসিক স্থান আৰু সমল সংৰক্ষণ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনিৰুদ্ধদেৱ আসন কার্যক্ষম কৰাৰ দিশত ৰাজ্য চৰকাৰে ক্ষীপ্ৰতাৰে পদক্ষেপ ল’ব বুলি উল্লেখ কৰে ।

মটক সম্প্ৰদায়ৰ সংগঠনসমূহক সম্প্ৰদায়টোৰ মাজত শৈক্ষিক পৰিৱেশ সৃষ্টি তথা মটক সম্প্ৰদায়ৰ শিক্ষিত যুৱক-যুৱতীসকলক সম্প্ৰদায়টোৰ সামূহিক উন্নয়নৰ দিশত ঐকান্তিকতাৰে কাম কৰাবৰ বাবেও উক্ত বৈঠকতে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় । উক্ত বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰী তথা ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু(Ranoj Pegu) আৰু চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা(Ponakan Baruah) উপস্থিত থাকে ৷

লগতে পঢ়ক : নলবাৰীত গৰুখুটিত উচ্ছেদ অভিযানৰ সমৰ্থনত হিন্দু জাগৰণ মঞ্চৰ বৃহৎ সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.