প্ৰসিদ্ধ সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঞিৰ নামত মুকলি হ’ল পথ

author img

By

Published : Dec 6, 2021, 10:50 PM IST

himanta biswa sarma inaugurates homen borgohain road

হোমেন বৰগোহাঞি পথৰ নামেৰে নাৰেংগী- ভকত গাঁও সংযোগী পথ মুকলি মুখ্যমন্ত্ৰীৰ(Himanta Biswa Sarma inaugurates Homen Borgohain road) । পানীখাইতি ৰেল আলিৰ ওপৰত নিৰ্মাণ হ’ব উৰণীয়া সেঁতু । ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

গুৱাহাটী, 6 ডিচেম্বৰ : ‘‘প্ৰতিথযশা কথা শিল্পী, বিশিষ্ট সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি অসমৰ জাতীয় জীৱনৰ এগৰাকী প্ৰকৃতাৰ্থত মহীৰূহ আছিল । তেওঁৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক পূৰাব নোৱাৰা ক্ষতি ।’’ এই মন্তব্য মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma remembers Homen Borgohain) । সোমবাৰে বিশ্ব বেংক আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰে নিৰ্মাণ কৰা নাৰেংগী-জাগী ভকত গাঁও সংযোগী ৩ নং ৰাজ্যিক ঘাইপথৰ হোমেন বৰগোহাঞি পথ হিচাপে নামকৰণ কৰা ৫০.৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা মুকলি কৰি এনেদৰে মন্তব্য কৰে মুখ্য মন্ত্ৰী ডঃ শৰ্মাই ।

উল্লেখ্য যে, নাৰেংগী তিনি আলিত মুখ্যমন্ত্ৰী গৰাকীয়ে আজি বিয়লি উক্ত পথচোৱাৰ নামাকৰণ ফলক মুকলি কৰাৰ লগতে ফিটা কাটি পথটি ৰাইজৰ বাবে হোমেন বৰগোহাঞি পথ হিচাপে মুকলি কৰে (Himanta Biswa Sarma inaugurates Homen Borgohain road)। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বীৰকুছিত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত ভাগ লয় ৷ নিজৰ বক্তব্যত তেওঁ কয় যে, হোমেন বৰগোহাঞি আছিল সাহিত্যক জীৱনৰ সকলো দিশৰ পৰা অশ্বৰ্যময় এগৰাকী ব্যক্তি । অসমৰ জাতীয় জীৱনৰ এটা নক্ষত্ৰ । ইয়াৰ পিছতো তেওঁ তেওঁৰ জন্ম স্থান ঢকুৱাখনা কোনো দিনে পাহৰা নাছিল ।

ঢকুৱাখনা আছিল তেওঁৰ অতিকৈ আপোন আৰু সপোন । ১৯৬৩ চনৰ পৰা মৃত্যুৰ আগ মূহুৰ্তলৈকে একেৰাহে অসমৰ জাতীয় জীৱনলৈ যি বৰঙণি আগবঢ়াই থৈ গৈছে সেয়া অপূৰণীয় । তেওঁৰ জীৱন গাঁথা ইতিমধ্যে কেইবাখনো বিশেষ গ্ৰন্থৰ জৰিয়তে লিপিবদ্ধ কৰি থৈ গৈছে । আনকি কেইবাখনো আত্ম জীৱনীমূলক গ্ৰন্থৰ জৰিয়তে নিজৰ জীৱনৰ বিষয়ে প্ৰকাশ কৰি থৈ গৈছে ।

চাকৰি জীৱন ত্যাগ কৰি হোমেন বৰগোহাঞিয়ে সাংবাদিকতাৰ দায়িত্ব গ্ৰহণ কৰিছিল । ১৯৬৮ চনত ‘নীলাচল’ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই সাংবাদিকতাৰ কাম আৰম্ভ কৰিছিল । হোমেন বৰগোহাঞিৰ জীৱনৰ আটাইতকৈ বৌদ্ধিক চিন্তাৰাশিৰ ফচল নীলাচলৰ পাততে সমৃদ্ধ হৈ আছে । ১৯৬৮ চনৰ পৰা মৃত্যুৰ আগ মূহুৰ্তলৈকে তেওঁ কেইবাখনো দৈনিক বাতৰি কাকত, সাপ্তাহিক কাকত আৰু আলোচনীৰ সম্পাদনাৰ দায়িত্বভাৰ সুচাৰুৰূপে পালন কৰি গৈছে ।

ইয়াৰ ওপৰিও 2001 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল । সাহিত্যিক গৰাকীয়ে অসম চৰকাৰৰ ২০০৭ চনত সাহিত্য আৰু সংস্কৃতিৰ সৰ্বোচ্চ সন্মান ''শ্ৰীমন্ত শংকৰদেৱ বঁটা''ৰ লগতে কেইবাটাও বিশেষ সন্মানেৰে সন্মানিত হৈছিল । তেওঁৰ গোটেই জীৱন আছিল মানুহৰ বাবে আদৰ্শ স্বৰূপ । স্পষ্টবাদীতা তেওঁৰ জীৱনৰ অলংকাৰ আছিল ।

বৰগোহাঞিৰ জীৱন গাঁথাৰে অসমীয়াত এটা নতুন জাতি, বিকশিত জাতি আৰু যুক্তিনিষ্ঠ জাতি হিচাপে গঢ়ি তোলাত সহায় কৰিব । তেওঁ আবেগৰ বিপৰীতে গোটেই জীৱনটো যুক্তি নিষ্ঠ সাংবাদিকতা কৰিছিল । জাতিটোৰ বিপদৰ সময়ত জাতিটোৰ লগতে থাকি প্ৰয়োজন সাপেক্ষে চৰকাৰৰ লগত যুঁজ দিয়াৰো সাহস থকা এজন ব্যক্তি আছিল তেওঁ । এনে এজন ব্যক্তিৰ নামত এই পথটো অৰ্পণ কৰিব পাৰি অসম চৰকাৰ গৌৰৱাম্বিত বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

এইজন ব্যক্তিৰ মৃত্যুৰ পিছৰ প্ৰথমটো জন্মদিনতে মঙলবাৰে সাহিত্যিক গৰাকীক সন্মান জনোৱাৰ অৰ্থে সাহিত্যিক পেঞ্চন প্ৰদান কৰিব । তেনেদৰে ৰাজ্য চৰকাৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত ক্ৰীড়া পেঞ্চন আৰু শিল্পী দিৱসত সাংস্কৃতিক পেঞ্চন প্ৰদান কৰিব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে । ইপিনে মহানগৰীৰ নাৰেংগী চন্দ্ৰপুৰ সংযোগী পথৰ ৰেল আলিৰ ওপৰত এখন উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ধনৰ আৱন্টন দিছে বুলিও তেওঁ লগতে ব্যক্ত কৰে । তদুপৰি পবিতৰাৰ পৰা আৰম্ভ কৰি মৰিগাঁও সংযোগ কৰিব পৰা আৰু গুৱাহাটী-যোৰাবাটৰ এটি বিকল্প পথ হিচাপে এই পথটোৱে গুৰুত্ব বহন কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ।

লগতে পঢ়ক : সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হোৱা অসম আৰক্ষীৰ জোৱানে লাভ কৰিব ৫০ লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.