ETV Bharat / state

গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিবলৈ পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে: মুখ্যমন্ত্রী

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 9:02 PM IST

North Eastern States on Urban Planning
Conference of NESUP

নগৰ পৰিকল্পনা সম্পৰ্কীয় উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । নগৰ পৰিকল্পনা আৰু উন্নয়নী নীতি প্রণয়ন কৰাৰ সময়ত উত্তৰ পূব ভাৰতৰ সুকীয়া ভূ-প্রকৃতি আৰু ভৌগোলিক বাধাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নীতি নিৰ্দ্ধাৰক সকলক আহ্বান মুখ্যমন্ত্ৰীৰ ।

গুৱাহাটী, ৮ ডিচেম্বৰ: বৰ্তমানৰ ৰাজ্য চৰকাৰে উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ চহৰ গুৱাহাটীক বিশেষ গুৰুত্ব দি সমগ্ৰ ৰাজ্যখনৰে নগৰাঞ্চলৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । শুকুৰবাৰে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উদ্যোগত কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ৰ উচ্চ পৰ্যায়ৰ সমিতিৰ সহযোগত আয়োজন কৰা নগৰ পৰিকল্পনা সম্পৰ্কীয় উত্তৰ-পূব ৰাজ্যসমূহৰ সন্মিলন উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এইদৰে কয় ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীক স্বাভাৱিকতে উত্তৰ-পূৱৰ দুৱাৰমুখ স্বৰূপ বুলি অভিহিত কৰাৰ কথা উল্লেখ কৰি কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মহানগৰী গুৱাহাটীক দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে পৰিগণিত কৰাৰ সম্ভাৱনা আছে ৷ ইয়াক সেই দিশত বাস্তৱায়িত কৰাৰ বাবে যোৱা দুবছৰত বহু পৰিকল্পনা আৰু প্ৰয়োজনীয় কাম-কাজসমূহৰ পদক্ষেপ লোৱা হৈছে ।

কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ে গুৱাহাটী মহানগৰীৰ দ্ৰুত উন্নয়ন আৰু আধুনিকীকৰণৰ দিশত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাষী প্ৰকল্পৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী মহানগৰীৰ উন্নয়নমূলক পৰিকল্পনা ৰূপায়ণৰ দিশত বহু বাধা অতিক্ৰম কৰিবলগীয়া হয় ।

এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে নদী, পাহাৰ, সংৰক্ষিত বনাঞ্চল, জলাশয় আদিৰ দৰে পৰিৱেশগত দিশৰ বাবে ভৌগোলিকভাৱে মহানগৰীখনক সম্প্ৰসাৰণৰ দিশত অতি সীমিত সুবিধা আছে বুলিও কয় ।

বিগত দুবছৰত আৰম্ভ হোৱা বৃহৎ ৰাজহুৱা আন্তঃগাঁথনিৰ উন্নয়ন আৰু পুনৰ উন্নয়ন প্ৰকল্পৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আত্মবিশ্বাস প্ৰকাশ কৰি কয় যে এই পদক্ষেপসমূহ কাৰ্যকৰী হ'লেই গুৱাহাটীয়ে বহু দিশত নতুন মাইলৰ খুঁটি অতিক্ৰম কৰিব । মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগত ছিংগাপুৰৰ পৰামর্শদাতা প্ৰতিষ্ঠান সুৰবানা জুৰোঙৰ সৈতে অসম চৰকাৰৰ হোৱা বুজাবুজিৰ কথা উল্লেখ কৰে ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বর্তমান সময়ত প্ৰতিখন নগৰতে জনসংখ্যা বৃদ্ধি পাইছে । এনে প্ৰেক্ষাপটত সঠিক পৰিকল্পনাৰ প্ৰয়োজনীয়তা আছে । মুখ্যমন্ত্ৰীয়ে নগৰ পৰিকল্পনা আৰু উন্নয়নৰ নীতি প্ৰণয়ন কৰাৰ সময়ত উত্তৰ-পূব ভাৰতৰ সুকীয়া ভূ-প্ৰকৃতি আৰু ভৌগোলিক বাধাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নীতি নিৰ্ধাৰকসকলক আহ্বান জনায় ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাষ্ট্ৰৰ বাবে নীতি প্ৰণয়নৰ ক্ষেত্ৰত একপ্ৰকাৰ নীতি নিৰ্ধাৰণ কৰিব পৰা নাযায় । এনে কৰিলে এটা অঞ্চলৰ বাবে ফলপ্ৰসূ হোৱা নীতি আন এক অঞ্চলৰ ক্ষেত্ৰত কাৰ্যকৰী নহ’বও পাৰে । মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় নীতি প্ৰণয়নৰ সময়ত নীতি নিৰ্দ্ধাৰ্কসকলক আঞ্চলিক আৰু উপ আঞ্চলিক নীতিৰ দিশটো বিবেচনা কৰিবলৈ আহ্বান জনায় ।

আজিৰ এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰতিনিধিৰ উপৰিও গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল, কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ৰ উচ্চ পৰ্যায়ৰ সমিতিৰ অধ্যক্ষ কেশৱ বাৰ্মা, নগৰ উন্নয়নৰ বিশেষজ্ঞ অধ্যাপক পি এছ এন ৰাও, গৃহ নির্মাণ আৰু নগৰ উন্নয়ন বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন উপস্থিত আছিল ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ আত্মনির্ভৰ অসম অভিযানৰ আবেদন দাখিলৰ প্ৰক্ৰিয়া মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.