ETV Bharat / state

৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 7:08 PM IST

CM Himanta Bishwa Sarma meet president of India
৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱলৈ সাদৰেৰে আমন্ত্ৰণ

দিল্লীত বাহৰ পতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিৰ উপৰি সাক্ষাৎ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক । বুধবাৰে নিশা সাক্ষাৎ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক । চাৰিদিন ধৰি দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

গুৱাহাটী,১৪ ডিচেম্বৰ : নতুন দিল্লীত বিগত চাৰিদিন ধৰি বাহৰ পতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে । সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে অসমৰ প্ৰসংগত বিভিন্ন দিশত আলোচনা কৰে । আনহাতে, সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অসমবাসীৰ হৈ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱলৈ সাদৰেৰে আমন্ত্ৰণ জনায় । এই বিষয়ে সামাজিক মাধ্যমযোগে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰে ।

CM Himanta Bishwa Sarma meet president of India
কাৰ্বি যুৱ মহোৎসৱলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আমন্ত্ৰণ

মুখ্যমন্ত্ৰী সামাজিক মাধ্যমত কয় যে আমাৰ প্ৰাচীন জনগোষ্ঠীয় সংস্কৃতিৰ উদযাপনৰ মাধ্যম স্বৰূপ কাৰ্বি যুৱ মহোৎসৱত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৰ গৌৰৱময় উপস্থিতিয়ে নিশ্চিতভাৱে সোণত সুৱগা চৰাব । আনহাতে, ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৰ সান্নিধ্য লাভৰ সময়খিনিত সদায় ধন্য হৈ পৰোঁ । তেখেতৰ বিনম্ৰতা আৰু সহানুভূতিশীল ব্যক্তিত্ব আমাৰ সকলোৰে বাবে এক অপৰিসীম শক্তিৰ উৎস । আজি সাক্ষাৎকালত তেখেতৰ পৰা বহুমূলীয়া পৰামর্শ লাভেৰে সময়খিনি উজ্জীৱিত হৈ পৰিল’’ ।

দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকো সাক্ষাৎ কৰে । সৌজন্যমূলক সাক্ষাতকালত মুখ্যমন্ত্ৰীয়ে সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব সফলতাৰ বাবে দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক অভিনন্দন জ্ঞাপন কৰে । আনহাতে, সাক্ষাতকালত মুখ্যমন্ত্ৰীয়ে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত বিভিন্ন দিশ আলোচনা কৰাৰ লগতে ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ পৰা বিভিন্ন দিহা-পৰামৰ্শ গ্ৰহণ কৰে ।

CM Himanta Bishwa Sarma meet president of India
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ

উল্লেখ্য যে, বিগত চাৰিদিন ধৰি দিল্লীত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে । ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক আৰু আইন-শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিশা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী । নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ নিজা বাসভৱনত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৰাজ্যত অপৰাধৰ সংখ্যা হ্ৰাস পোৱাৰ কথা ব্যক্ত কৰি এইক্ষেত্ৰত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ কথা ব্যক্ত কৰে ।

আনহাতে, আলফাৰ সৈতে শীঘ্ৰে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ লগতে পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা (স্বাধীন)ৰ সৈতেও শান্তি আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰাত গুৰুত্ব আৰোপ কৰে । বৈঠকত অনাগত লোকসভা নিৰ্বাচনৰ সন্দৰ্ভতো আলোচনা হয় ।

দিল্লীত বাহৰ পাতি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালক সাক্ষাৎ কৰিছিল । মুখ্যমন্ত্ৰীৰ এই দিঘলীয়া দিল্লী ভ্ৰমণসূচীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক : পুনৰ ‘কা’ নমনাৰ প্ৰতিশ্ৰুতিৰে নতুন ছবিৰ বাৰ্তা দিলে জুবিনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.