ETV Bharat / state

100th episode of Maan Ki Baat: মন কি বাতে ৰাষ্ট্ৰক নতুন গতিপথ দিছে; মুখ্যমন্ত্রী

author img

By

Published : Apr 30, 2023, 8:37 PM IST

Mann Ki Baat in Assam
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১০০ সংখ্যক "মন কি বাত"

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১০০ সংখ্যক "মন কি বাত" শুনিলে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰীয়ে নতুন ভাৰতৰ নিৰ্মাণৰ বাবে দেশবাসীক একতাৰ দোলেৰে বান্ধি আগবঢ়াই নিছে (Atal Bihari Vajpayee Bhawan in Assam)।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১০০ সংখ্যক "মন কি বাত"

গুৱাহাটী, ৩০ এপ্রিল: সমগ্ৰ দেশৰ লগতে অসমতো বিজেপিয়ে এক উৎসৱমুখৰ পৰিৱেশত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১০০ সংখ্যক "মন কি বাত" অনুষ্ঠান শুনিলে । ৰাজ্যৰ ২৮ হাজাৰতকৈ অধিক বুথত লাখ লাখ কাৰ্যকৰ্তাৰ উপস্থিতিত "মন কি বাত" অনুষ্ঠান আয়োজিত হয় । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কেন্দ্রীয় মন্ত্রীদ্বয় সর্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলী, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মা, ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী মন্ত্রী, বিধায়ক, সাংসদ তথা দলৰ ৰাজ্যিক বিষয়ববীয়া সকলো নিৰ্ধাৰিত বুথত উপস্থিত থাকি "মন কি বাত" শুনিলে (Mann Ki Baat in Assam)।

উল্লেখ্য যে, দলৰ গুৱাহাটী মহানগৰ জিলাৰ ৰাজধানী মণ্ডলৰ অন্তৰ্গত ২০৬, ২২১ আৰু ২২৮ নম্বৰ বুথৰ উদ্যোগত বিজেপিৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী’ ভৱনত "মন কি বাত" অনুষ্ঠান আয়োজন কৰা হয় (Maan Ki Baat observed in Guwahati)।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, ৰাজ্যিক উপ সভাপতি অশোক ভট্টৰায়, কোষাধক্ষ্য ৰাজকুমাৰ শৰ্মাৰ লগতে দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ক্ৰমে ৰাজেন গোহাঁই আৰু ৰমেন ডেকা উপস্থিত থাকে । এই অনুষ্ঠানটোত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা বহু কেইগৰাকী বিশিষ্ট লোকো বিশেষভাৱে উপস্থিত থাকে ।

উল্লেখ্য যে, বিশিষ্টা লেখিকা নম্ৰতা দত্তই "মন কি বাত"ৰ ওপৰত যুগুত কৰা এখন গ্ৰন্থ মুখ্যমন্ত্ৰীক প্ৰদান কৰে । "মন কি বাত" অনুষ্ঠান উপভোগ কৰি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, আজিৰ দিনটো ভাৰতীয় গণতন্ত্ৰৰ বাবে ঐতিহাসিক দিন ।

তেওঁ লগতে কয় যে, তৃণমূল পর্যায়ত সমাজ পৰিৱৰ্তনৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা লোকৰ কাহিনী, নতুন চিন্তাৰ উদ্রেগকাৰী ধাৰণাৰ আদান-প্রদান কৰাকে ধৰি সদায় ন ন বিষয়ৰে দেশবাসীক অনুপ্ৰেৰণা যোগান ধৰি "মন কি বাত"ৰ জৰিয়তে প্রধানমন্ত্ৰীয়ে নতুন ভাৰতৰ নিৰ্মাণৰ বাবে দেশবাসীক একতাৰ দোলেৰে বান্ধি আগবঢ়াই লৈ গৈছে । "মন কি বাত" অনুষ্ঠানে দেশৰ সাধাৰণ মানুহক সৰ্বাধিক প্ৰভাৱিত আৰু অনুপ্রাণিত কৰিছে ।

এই অনুষ্ঠানটোত উপস্থিত থকা দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই "মন কি বাত" কার্যক্রমে দেশত ইতিবাচক পৰিৱেশ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি সদৰি কৰে । প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় জিলাৰ ১৬১ নম্বৰ বুথত উপস্থিত থাকি "মন কি বাত"ৰ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰে ।

আনহাতে, নলবাৰী জিলাৰ যগ্ৰাপাৰৰ শ্রী শ্রী হৰিমন্দিৰ প্ৰাংগণত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, গুৱাহাটী মহানগৰীৰ গোটানগৰস্থিত শ্রী শ্রীশংকৰদেৱ সত্ৰৰ প্ৰাংগণত সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু কেন্দ্রীয় মন্ত্ৰী ৰামেশ্বৰ তেলী দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত হুগ্ৰীজানৰ ৭৯ নম্বৰ বুথত উপস্থিত থাকি "মন কি বাত" অনুষ্ঠানৰ অংশীদাৰ হয় ।

লগতে পঢ়ক:100th episode of Maan Ki Baat: মন কী বাতৰ 100 সংখ্যক খণ্ডৰ সাক্ষী হ’ল নলবাৰীবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.