ETV Bharat / state

সততাৰ সন্মান: বৰছিং বে’ক আৰক্ষী কনিষ্টবল পদত নিযুক্তি

author img

By

Published : Jun 26, 2021, 3:42 PM IST

Updated : Jun 26, 2021, 5:06 PM IST

গৃহৰক্ষী জোৱান বৰছিং বে'ক হোমগাৰ্ডৰ পৰা কনিষ্টবল পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে অসম সচিবালয়ৰ প্ৰাংগণত বৰছিং বে'ক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰছিং বে'ৰ আদৰ্শ, নিষ্ঠা, সততাৰ বিষয়ে প্ৰশংসা কৰি এনে কাৰ্য আনৰ বাবে অনুপ্ৰেৰণাৰ কাৰক বুলি উল্লেখ কৰে ।

appointment letter
বৰছিং বে’ক আৰক্ষী কনিষ্টবল পদত নিযুক্তি

গুৱাহাটী, ২৬ জুন : সততা, নিষ্ঠাৰে নিজৰ কৰ্তব্য সমাপন কৰা অসম আৰক্ষীৰ গৃহৰক্ষী জোৱান (Home guard) বৰছিং বে’ বৰ্তমান সময়ত অসম আৰক্ষীৰ বাবে গৌৰৱৰ প্ৰতীক । খাকী পোছাকত দাগ লাগিবলৈ নিদি সৎ পথেৰে কাম কৰি যোৱাৰ সুফল লাভ কৰা গৃহৰক্ষী জোৱান বৰছিং বে'ক হোম গাৰ্ডৰ পৰা কনিষ্টবল (Constable) পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । কিছুদিন পূৰ্বে মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটী অভিমুখী এখন নৈশ বাছত অকলেই তালাচী চলাই প্ৰায় ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল বৰছিং বে'ই ।

তাৰ পাছতে অসম আৰক্ষী আৰু কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা জনোৱাৰ লগতে ১ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰিছিল । পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ তৰফৰ পৰা বৰছিং বে'ক অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে কেবিনেটযোগে বৰছিং বে'ক কনিষ্টবল হিচাপে নিযুক্তি দিয়াৰ ঘোষণা কৰিছিল । শনিবাৰে অসম সচিবালয়ৰ (Assam Secretariat) প্ৰাংগণত বৰছিং বে'ক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰছিং বে'ৰ আদৰ্শ, নিষ্ঠা, সততাৰ বিষয়ে প্ৰশংসা কৰি এনে কাৰ্য আনৰ বাবে অনুপ্ৰেৰণাৰ কাৰক বুলি উল্লেখ কৰে ।

appointment letter
বৰছিং বে’

ইপিনে পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি আৰক্ষীত পদোন্নতি দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে হোমগাৰ্ড এজনে থ্ৰী ষ্টাৰ ইউনিফৰ্ম পিন্ধিলে তেওঁ ভাল পাব ।

কিন্তু DGP বা মন্ত্ৰী এজনে নিজৰ নিৰাপত্তাৰক্ষী এজনক SI লৈ পদোন্নতি দিলে নহ'ব । পদোন্নতি দিয়াৰ বিশেষ পদ্ধতি থাকিব ৷ পৰৱৰ্তী দুই-তিনিখন কেবিনেটত আৰক্ষীৰ বিনামূলীয়া চিকিৎসা, বাসস্থানৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰাৰ লগতে বিত্তমন্ত্ৰীৰ বাজেট ভাষণত এনেধৰণৰ বহু নতুন কথা থাকিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে ।

বৰছিং বে’ক আৰক্ষী কনিষ্টবল পদত নিযুক্তি

উল্লেখ্য যে, অসম আৰক্ষীৰ কনিষ্টবল পদ লাভ কৰি বৰছিং বে’ যথেষ্ট আনন্দিত আৰু তেওঁ কয় যে ২০০২ চনৰ পৰা তেওঁ গৃহৰক্ষী জোৱান হিচাপে নিষ্ঠা সহকাৰে কাৰ্যনিৰ্বাহ কৰি আছিল । সমান্তৰালভাৱে আৰক্ষীৰ কনিষ্টবল পদৰ বাবে কেইবাবাৰো সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল যদিও কোনো ফলাফল লাভ কৰা নাছিল । আজি এনেদৰে ভাল কামৰ ফল দিয়াৰ বাবে অসম আৰক্ষীৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে । পূৰ্বেও এইগৰাকী জোৱানে কৰ্মদক্ষতাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা সন্মান লাভ কৰিছিল ।

লগতে পঢ়ক: সকলো চৰকাৰী কৰ্মচাৰীক ক'ভিড প্ৰতিষেধক প্ৰদানৰ দাবী কৰ্মচাৰী পৰিষদৰ

Last Updated :Jun 26, 2021, 5:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.