ETV Bharat / state

ৰাইমনা অভয়াৰণ্যলৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি

author img

By

Published : Jun 5, 2021, 3:23 PM IST

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ৰাজ্যলৈ সুখবৰ । এতিয়াৰে পৰা ৰাজ্যত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৬খনলৈ বৃদ্ধি পালে । দিহিং পাটকাই অভয়াৰণ্যকো ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতিৰ বাবে প্ৰাৰম্ভিক কাম আৰম্ভ কৰা হৈছে । গুৱাহাটীৰ গান্ধী মণ্ডপত বিশ্ব পৰিৱেশ দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ।

ৰাইমনা অভয়াৰণ্যলৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি
ৰাইমনা অভয়াৰণ্যলৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি

গুৱাহাটী, 5 জুন : বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ৰাজ্যখনলৈ এটা সুখবৰ আহিল। ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ইয়াৰ ফলত অসমত বৃদ্ধি পালে আৰু এখন ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা । চৰকাৰী এই সিদ্ধান্তৰ কথা শনিবাৰে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্রী গৰাকীয়ে লগতে জনাই যে, দিহিং পাটকাই অভয়াৰণ্যকো ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতিৰ বাবে প্ৰাৰম্ভিক কাম আৰম্ভ কৰা হৈছে ।

ৰাইমনা অভয়াৰণ্যলৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি
ৰাইমনা অভয়াৰণ্যলৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি

আনহাতে এতিয়াৰে পৰা ৰাজ্যত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৬খনলৈ বৃদ্ধি পালে। পূৰ্বতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল ক্ৰমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানে। এতিয়াৰে পৰা বিটিআৰৰ অন্তৰ্গত ৰাইমানা অভয়াৰণ্যই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যদা লাভ কৰিলে । শনিবাৰে গুৱাহাটীৰ গান্ধী মণ্ডপত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । এই উপলক্ষ্যে আয়োজন কৰা এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে বিটিআৰৰ ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰে । লগতে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়াৰ কামো চলি আছে বুলি উল্লেখ কৰে।

ৰাইমনা অভয়াৰণ্যলৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি
ৰাইমনা অভয়াৰণ্যলৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি

আনহাতৰ ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক আজিৰ পৰা বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ হিচাপে নতুনকৈ নামকৰণ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্রী গৰাকীয়ে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে গুৱাহাটীৰ গান্ধী মণ্ডপত ১১টা ৰুদ্ৰাক্ষ গছপুলি ৰোপণ কৰি মুখ্যমন্ত্রীয়ে যুৱ সমাজক জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰি বহনক্ষম পদ্ধতি গ্ৰহণেৰে অধিক গছপুলি ৰোপণ কৰিবলৈ আৰু পৰিৱেশ সুৰক্ষাৰ দিশত আন্তৰিকতাৰে কাম কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত বন মন্ত্রী পৰিমল শুক্লবৈদ্য গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল । উল্লেখযোগ্য যে, পৰিৱেশ আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে আজি ৰাজ্য ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

ৰাইমনা অভয়াৰণ্যলৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি
ৰাইমনা অভয়াৰণ্যলৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি

লগতে পঢ়ক : ৰাজ্য চৰকাৰে সাল-সলনি কৰিলে ক’ভিডৰ নীতি নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.