ETV Bharat / state

Assam Industry Department MoU: অসমৰ ঔদ্যোগিক খণ্ডত ব্যক্তিগত কোম্পানীৰ ৮ হাজাৰ কোটিৰ বিনিয়োগৰ চুক্তি স্বাক্ষৰ

author img

By

Published : May 9, 2023, 7:02 PM IST

মঙলবাৰে ব্যক্তিগত খণ্ডৰ আঠটাকৈ উদ্যোগ-প্ৰতিষ্ঠানেৰে অসম চৰকাৰৰ ৮ হাজাৰ কোটিৰ চুক্তিত স্বাক্ষৰ (Assam Industry Department 8000 crores MoU) । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ । অনুষ্ঠানত আঠটাকৈ অনুষ্ঠানে ৮,২০১ কোটি টকাৰ বিনিয়োগৰ চুক্তিত স্বাক্ষৰ কৰে ।

Assam Industry Department MoU
Assam Industry Department MoU

ব্যক্তিগত কোম্পানীৰ ৮ হাজাৰ কোটিৰ বিনিয়োগৰ চুক্তি স্বাক্ষৰ

গুৱাহাটী, ৯ মে' : অসমৰ ঔদ্যোগিক খণ্ডৰ বাবে ভাল খবৰ । ৰাজ্যত বিনিয়োগৰ বাবে আগবাঢ়ি আহিছে ব্যক্তিগত খণ্ডৰ বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান । অসমৰ বিভিন্ন প্ৰান্তত মেগা ঔদ্যোগিক প্ৰকল্পৰ বাবে মঙলবাৰে ব্যক্তিগত খণ্ডৰ আঠটাকৈ উদ্যোগ-প্ৰতিষ্ঠানেৰে অসম চৰকাৰে আঠ হাজাৰ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰে (Assam govt 8000 crores MoU in industrial sector) । এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় (CM Himanta Biswa Sarma) ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে, আজি অসমৰ ঔদ্যোগিক খণ্ডৰ বাবে উল্লেখযোগ্য দিন । আঠটাকৈ অনুষ্ঠানে ৮,২০১ কোটি টকা বিনিয়োগৰ চুক্তিত স্বাক্ষৰ কৰিছে (Assam CM in 8000 crores MoU programme) । ৰাজ্যখনত শেহতীয়াকৈ ১৪ হাজাৰ কোটি টকাৰ বিনিয়োগ হৈছে ।

আনহাতে, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগতো বৃহৎ পৰিমাণৰ বিনিয়োগ হৈছে । মুখ্যমন্ত্রীয়ে কয় যে, চৰকাৰখনৰ বিগত দুবছৰীয়া কাৰ্যকালৰ এটা বছৰ ক'ভিডত যোৱাৰ পাছতো ১৪ হাজাৰ কোটি টকাৰ বিনিয়োগ হৈছে (investment in Assam industrial sector) ।

তেওঁ লগতে কয় যে, এতিয়াও উদ্যোগ বিভাগত বিভিন্ন কোম্পানীৰ ১১ হাজাৰ কোটি টকাৰ বিনিয়োগৰ অতিৰিক্ত প্ৰস্তাৱ বিবেচনাধীন হৈ আছে । ল'জিষ্টিক ক্ষেত্রতো বিনিয়োগ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কাজিৰঙা আৰু গুৱাহাটীত দুখনকৈ মুঠ চাৰিখন পঞ্চতাৰকা হোটেল নিৰ্মাণ হোৱাৰ কথা সদৰী কৰে । দুবছৰীয়া কাৰ্যকালত চৰকাৰখনে অৰ্থনৈতিক দিশত দ্ৰুত উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে, বিগত এটা বছৰত ৰাজ্যখনৰ জিডিপি বৃদ্ধিৰ হাৰ ১৫ শতাংশলৈ বৃদ্ধি পাইছে (CM attend MoU signing Meeting) ।

যিটো দেশৰ ভিতৰতে সৰ্বাধিক । ৰাজ্যখনত পৰিৱেশ উন্নত হৈছে আৰু বিনিয়োগৰ বাতাৱৰণ গঢ় লৈ উঠিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে, এতিয়া অসমত আন্দোলন তথা প্ৰতিবাদৰ পৰিৱেশ নাই । বিগত দুটা বছৰত কোনো ধৰণৰ 'বন্ধ' হোৱা নাই বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে । চৰকাৰখনৰ বিগত দুবছৰীয়া কাৰ্যকালৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্রীয়ে কয় যে, চৰকাৰখনে বহুকেইটা দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰিছে । বৰ্তমান ৰাজ্যখন সকলো ক্ষেত্রতে আগুৱাই গৈছে বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে আগলৈয়ো সেন্দুৰীয়া এই যাত্রা অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে ।

অনুষ্ঠানত কেলকাম চিমেণ্ট ইণ্ডিয়া লিমিটেডে ৪,৬৫৩ কোটি টকা, চেঞ্চুৰী ফ্লু'ট গ্ৰাছ লিমিটেডে ৮০০ কোটি টকা, ডি এছ গ্ৰুপে ১৪০ কোটি টকা, পেপছিক' ইণ্ডিয়া হল্ডিং প্ৰাইভেট লিমিটেডে ৭৭৮ কোটি টকা, ষ্টাৰ চিমেণ্ট ইণ্ডিয়া লিমিটেডে ৬৪০.৬৯ কোটি টকা, ষ্টাৰ চিমেণ্ট নৰ্থ ইষ্ট লিমিটেডে ৭০০.৯৪ কোটি টকা, তাজ চিমেণ্ট লিমিটেডে ৩৪২.৩৯ কোটি টকা আৰু বৰুণ বেভেৰেজ প্ৰাইভেট লিমিটেডে ১৪৬.২৭ কোটি টকা বিনিয়োগৰ চুক্তিত স্বাক্ষৰ কৰে । অনুষ্ঠানত কাৰ্গ' সেৱাৰ বাবে আদানি গ্ৰুপৰে এ আই ডি চিৰ আন এক চুক্তি স্বাক্ষৰিত হয় । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মন্ত্রী বিমল বড়া, অজন্তা নেওগ, জয়ন্তমল্ল বৰুৱা, অতুল বৰা, ইউ জি ব্ৰহ্ম, যোগেন মহন, কেশৱ মহন্ত আৰু সঞ্জয় কিষাণ উপস্থিত থাকে ।

লগতে পঢ়ক :চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল LIVE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.