ETV Bharat / state

Climate chang in Assam: জলবায়ু পৰিৱৰ্তনৰ কৱলত গুৱাহাটী

author img

By

Published : Dec 31, 2022, 4:12 PM IST

ভয়াবহ প্ৰদূষণে সলনি কৰিছে বিশ্বৰ জলবায়ু । সলনি হৈছে অসমৰ কেইবাখনো জিলাৰ লগতে গুৱাহাটীৰ জলবায়ু(Climate change in Ghy and other district of Assam) । অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্যত প্ৰকাশ পাইছে এক ভয়ংকৰ তথ্য ।

Climate change in Ghy and other district of Assam
ভয়াবহ প্ৰদূষণে সলনি কৰিছে অসমৰ কেবাখনো জিলাৰ লগতে গুৱাহাটী মহানগৰীৰ জলবায়ু

গুৱাহাটী,৩১ ডিচেম্বৰ: প্ৰতিদিনে বাঢ়ি অহা প্ৰদূষণৰ ফলত সমগ্ৰ বিশ্বতে আচৰিতভাৱে সলনি হৈছে জলবায়ু । বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে সলনি হৈছে ভাৰত তথা অসমৰ জলবায়ু । অসমৰ কেবাখনো জিলাৰ লগতে গুৱাহাটী মহানগৰীতো গোলকীয় উষ্ণতা ভয়াবহভাবে বৃদ্ধি পাইছে(Climate change in Ghy and other district of Assam) । গুৱাহাটীৰ লগতে অসমৰ নগাঁও, নলবাৰীত বায়ু প্ৰদূষণৰ পৰিমাণ ভয়াবহভাবে বৃদ্ধি পাই আছে ।

এই তথ্য অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ(Assam State Pollution Control Board) । ইফালে কটন বিশ্ববিদ্যালয়ৰ আন্তৰবিজ্ঞানীয় জলবায়ু গৱেষণা কেন্দ্ৰৰ(Centre for Interdisciplinary Climate Research) গৱেষণাৰ এক তথ্যত প্ৰকাশ পাইছে যে গুৱাহাটী এতিয়া জলবায়ু পৰিৱৰ্তনৰ কৱলত পৰিছে । যোৱা কিছু বছৰৰ পৰা দেখা গৈছে যে গৰমৰ দিনত অস্বাভাৱিক গৰম বাঢ়ি গৈছে । আনকি ঠাণ্ডাৰ দিনতো অস্বাভাৱিকভাৱে বৃ্দ্ধি পাইছে তাপমাত্ৰা ।

কম সময়ত হোৱা বেছি পৰিমাণৰ বৰষুণ বৃদ্ধি পাইছে । ফলত গুৱাহাটীত বান আৰু ভূমিস্খলনৰ সমস্যা বৃদ্ধি পাইছে(Floods and landslide problems in Guwahati) । এই ক্ষেত্ৰত গুৱাহাটীৰ অপৰিকল্পিত দ্রুত নগৰীকৰণ, অবিজ্ঞানসন্মত নলা, জাৱৰৰ সমস্যা আৰু পাহাৰ আৰু জলাশয় ধ্বংস কাৰ্য আদি কাৰকে গুৱাহাটীত বান আৰু ভূমিস্খলনৰ সমস্যাক আৰু অধিক জটিল কৰি তুলিছে ।

কটন বিশ্ববিদ্যালয়ৰ জলৱায়ু গৱেষণা কেন্দ্ৰৰ বিভিন্ন গৱেষণাৰ পৰা লাভ কৰা তথ্য মতে ১৯৬০ চনৰ পিছত পৰা গুৱাহাটী লাহে লাহে গোলকীয় উষ্ণতাৰ(Global warming) কৱলত পৰা আৰম্ভ কৰিছিল । ১৯৬০ পৰা ১৯৯০ চনলৈ গুৱাহাটীত গোলকীয় উষ্ণতাৰ পৰিমাণ দ্রুত হাৰত বৃদ্ধি পাইছে । বর্তমানো গোলকীয় উষ্ণতাৰ পৰিমাণ বাঢ়ি গৈ আছে । তথ্য মতে ১৮১০ চনৰ পৰা ১৮৬০ চনলৈ গুৱাহাটীৰ গড় তাপমাত্রা ০.৬৫ ডিগ্রী চেলছিয়াছ আছিল ।

এই ৫০ বছৰত গুৱাহাটীৰ গড় তাপমাত্রা একে আছিল(Guwahati average temperature rises in 50 years) । সলনি হোৱা নাছিল । কিন্তু ১৯১০ চনৰ পৰা গুৱাহাটীৰ গড় তাপমাত্রা বাঢ়িবলৈ আৰম্ভ কৰে । ১৯১০ চনত গুৱাহাটীৰ গড় তাপমাত্রা হৈছিল ০.৭২ ডিগ্রী চেলছিয়াছ । আকৌ ১৯৬০ চনত গুৱাহাটীৰ গড় তাপমাত্রা হৈছিল ১.০৫ ডিগ্রী চেলছিয়াছ । ১৯৯০ চনত গুৱাহাটীৰ গড় তাপমাত্রা ২.৫১ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি হয় ।

অর্থাৎ ১৯৬০ চনৰ পৰা গুৱাহাটীৰ গড় তাপমাত্রা ব্যাপকভাবে বৃদ্ধি হবলৈ আৰম্ভ কৰিছিল । এই তথ্যসমূহে দেখুৱাই দিছে যে গুৱাহাটী গোলকীয় উষ্ণতাৰ কৱলত ভয়াবহ ৰূপত পৰিছে । জলৱায়ু গৱেষণা কেন্দ্ৰৰ আন এক তথ্য মতে গুৱাহাটী গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ বাবে ২০২০ চনৰ পিছত গুৱাহাটীত জলবায়ু পৰিৱৰ্তনৰ ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে ৷

যোৱা ১৮৬০ চনৰ ২০২০ চনলৈ চলোৱা কটন বিশ্ববিদ্যালয়ৰ জলৱায়ু গৱেষণা কেন্দ্ৰৰ এক গৱেষণামূলক অধ্যয়ন মতে ২০০০ চনৰ পিছৰ পৰা গুৱাহাটীত গৰমৰ দিনত আৰু ঠাণ্ডাৰ দিনত সর্ব্বোচ্চ তাপমান বাঢ়ি গৈছে । ১৮৬০ চনৰ পিছত অৰ্থাৎ ১৪০ বছৰ পিছত ২০০০ চনৰ পৰা জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ স্পষ্ট ৰূপত দেখা দিছে । শেহতীয়াভাবে যোৱা ১৪ আৰু ১৫ অক্টোৱৰত গুৱাহাটীত সর্ব্বোচ তাপমাত্রা আছিল ৩৭.৭ ডিগ্রী চেলছিয়াছ ।

অক্টোবৰ মাহত সাধাৰণতে সৰ্ব্বোচ তাপমাত্রা ৩০.৬ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব লাগে । কটন বিশ্ববিদ্যালয়ৰ আন্তৰবিজ্ঞানীয় জলৱায়ু গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড৹ ৰাহুল মহন্তই কয় যে গুৱাহাটীৰ জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত গোলকীয় উষ্ণতা বৃদ্ধিয়ে ইয়াৰ প্ৰধান কাৰণ । ইয়াৰ বাবে গুৱাহাটীৰ মানুহক দায়ী কৰিলে নহ'ব । গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত আমেৰিকা তথা ইউৰোপৰ পশ্চিমীয়া দেশবোৰ প্ৰধানভাৱে দায়ী ।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমেৰিকা তথা ইউৰোপৰ ধনী দেশবোৰে ব্যাপক উদ্যোগীকৰণৰ জৰিয়তে বতাহত প্ৰচুৰ পৰিমাণে নিৰ্গত কৰা কাৰ্বন ডাই অক্সাইডে গোলকীয় উষ্ণতা বৃদ্ধি কৰিছে । এতিয়া তাৰ ফল ভোগ কৰিবলগীয়া হৈছে দুখীয়া দেশবোৰে, বিশেষকৈ ভাৰতৰ নিচিনা দেশবোৰে । দেখা গৈছে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে গুৱাহাটীত দিন আৰু ৰাতিৰ মাজত থকা তাপমাত্ৰাৰ পাৰ্থক্য কমি আহিছে ।

ৰাতিবোৰ বেছি গৰম হৈ গৈ আছে । আগতে তেনে নাছিল । দিনত যদি গৰম হয় দিনতকৈ ৰাতি অলপ ঠাণ্ডা হয় । ৰাতিৰ সৰ্ব্বোচ তাপমাত্রা বাঢ়ি যোৱাতো ভৱিষ্যতৰ জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত অতি ভয়ংকৰ কথা । বিশ্ববিদ্যালয়ৰ আন্তৰবিজ্ঞানীয় জলৱায়ু গৱেষণা কেন্দ্ৰৰ গৱেষণাত দেখা গৈছে যে গুৱাহাটীত কমসময়ৰ ভিতৰত অধিক বৰষুণ হোৱাৰ ঘটনা বাঢ়ি গৈছে ।

কম সময়ৰ ভিতৰত অধিক বৰষুণ হোৱা বৰষুণৰ পানী নিষ্কাষণ কৰাৰ বাবে গুৱাহাটী ব্যৱস্থা নাই । যিবোৰ নলা আছে সেইবোৰ বিজ্ঞানসন্মত নহয় । যাৰ বাবে গুৱাহাটীত কৃত্রিম বানৰ সমস্যা প্ৰতিদিনে জটিল হৈ গৈ আছে । কম সময়ৰ ভিতৰত অধিক বৰষুণ হোৱাৰ ঘটনা বাঢ়ি যোৱাৰ ফলত গুৱাহাটীত ভূমিস্খলনৰ ঘটনা বাঢ়ি আছে ।সেয়েহে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত পৰা গুৱাহাটীত জলবায়ু পৰিৱৰ্তন অভিযোজন অৰ্থাৎ জলবায়ু পৰিৱৰ্তনৰ লগত খাপ খুৱাই লোৱা ব্যৱস্থাৰ (climate change adaption) প্রয়োজন ।

ইয়াৰ বাবে গুৱাহাটীৰ পৰা অধিক গৱেষণা কৰাৰ প্ৰয়োজন । তদুপৰি বিজ্ঞানসন্মত উন্নত নলা, বিজ্ঞানসন্মতভাৱে জাৱৰ নিষ্কাষণ কৰা, পাহাৰ সংৰক্ষণ, জলাশয়বোৰ সংৰক্ষণ কৰাৰ লগতে গুৱাহাটীৰ দুর্যোগ ব্যৱস্থাপনা শক্তিশালী আৰু অধিক উন্নত কৰাৰ সম্পৰ্কত মনোনিৱেশ কৰিব লাগিব । এক কথাত ক'বলৈ গ'লে গুৱাহাটীক ভৱিষ্যতৰ জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ পৰিমাণৰ পৰা এক মাত্র জলবায়ু পৰিৱৰ্তন অভিযোজনাই ৰক্ষা কৰিব পাৰিব । অন্যথা ভৱিষ্যতে হ'বলগীয়া জলবায়ু পৰিৱৰ্তনৰ ভয়াবহতাৰ পৰা গুৱাহাটী সুৰক্ষিত হৈ নাথাকিব ।

লগতে পঢ়ক: Majuli MLA mustard cultivation : ভূৱন গামৰ নেতৃত্বত মাজুলীত কৃষি বিপ্লৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.