ETV Bharat / state

পদপথত সন্দেহযুক্ত লোকৰ আগমনত শংকিত মহানগৰবাসী

author img

By

Published : Oct 19, 2020, 3:56 PM IST

গুৱাহাটীৰ পদপথত সন্দেহযুক্ত লোকৰ আগমন ৷ বিভিন্ন সামগ্ৰী বিক্ৰীয়ে অসামাজিক কামত লিপ্ত হোৱাৰো অভিযোগ লোকসকলৰ বিৰুদ্ধে ৷

City dwellers apprehensive of the arrival of a suspicious person on the sidewalk
পদপথত সন্দেহযুক্ত লোকৰ আগমনত শংকিত মহানগৰবাসী

গুৱাহাটী, 19 অক্টোবৰ : লক ডাউন শিথিল হোৱাৰ লগে লগেই অসমলৈ আগমন ঘটিছে একাংশ সন্দেহযুক্ত নাগৰিকৰ ৷ বিশেষকৈ মহানগৰীৰ ভিন্ন প্ৰান্তত দেখা পোৱা গৈছে অবৈধভাৱে আগমন হোৱা সন্দেহযুক্ত নাগৰিকক ৷ মহানগৰীৰ একাংশ পদপথত সম্পূৰ্ণৰূপে নিজৰ বসতিস্থল হিচাপে ব্যৱহাৰ কৰি আহিছে এইসকল লোকে ৷ বিশেষকৈ গুৱাহাটী ৰে'লৱে ষ্টেচনৰ সমীপৰ কটন ছাত্ৰাবাসৰ সন্মুখভাগ, ৰিজাৰ্ভ বেংকৰ সন্মুখ ভাগত তেওঁলোকে বসতি স্থাপন কৰি লোৱা বুলি জানিব পৰা গৈছে ৷

তেওঁলোকৰ ভাষ্যত প্ৰকাশ পোৱা অনুসৰি, তেওঁলোকৰ অধিকাংশ লোকেই পশ্চিমবংগ, আলিপুৰদুৱাৰ আদি অঞ্চলৰ পৰা আহিছে ৷ পেছাত বিভিন্ন সামগ্ৰী বিক্ৰীৰে জীৱিকা চলোৱা এইসকল সন্দেহযুক্ত নাগৰিকে বিভিন্ন সময়ত বিভিন্ন অসামাজিক কামকাজত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন হৈছে ৷

উল্লেখ্য যে, এই সকল লোক অবৈধভাৱে বাস কৰাৰ পিচতো মহানগৰ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বৰ্তমান যথেষ্ট সচেতন হৈ পৰিছে মহানগৰীৰ সচেতন মহল ৷

পদপথৰ বাসিন্দা লোকৰ মন্তব্য

উল্লেখ্য যে, বিগত 16 অক্টোবৰত গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কাৰ্য্যালয়ৰ পৰা এক জৰুৰীকালীন বাৰ্তা প্ৰেৰণ কৰি মহানগৰীত বিভিন্ন সন্দেহজনক নাগৰিকৰ প্ৰৱেশ হোৱা বুলি প্ৰকাশ কৰিছে মহানগৰ আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত মহানগৰীৰ বিভিন্ন স্থানত 144 ধাৰাও জাৰী কৰা হৈছিল আৰু মহানগৰীৰ ভাড়াঘৰ সমূহত আৰক্ষীৰ অনুমতি অবিহনে যিকোনো নাগৰিককে ঘৰ ভাড়ালৈ দিব নোৱাৰিব বুলি এই বাৰ্তাটোত কোৱা হৈছিল ৷

লগতে পঢ়ক : কঠিয়াতলীত বিদ্যুত বিভাগৰ কাৰ্যালয়ত উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.