ETV Bharat / state

ৰেডিশ্বন ব্লুত কি চলিছে নাজানে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই

author img

By

Published : Jun 27, 2022, 6:20 PM IST

ৰেডিশ্বন ব্লুত কি চলিছে নাজানে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই
ৰেডিশ্বন ব্লুত কি চলিছে নাজানে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই

দেশজুৰি চৰ্চিত ৰেডিশ্বন ব্লুৰ প্ৰসংগত ৰাজ্য়ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য(CM Himanta Biswa Sarmah important remarks in the context of Radiation Blue) । কি চলি আছে ৰেডিশ্বন ব্লুত এই সন্দৰ্ভত খবৰ লবলৈ আহৰি নাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বান আৰু চৰকাৰী কামক লৈ ব্যস্ত থকা বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

গুৱাহাটী,২৭ জুন: মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দে(Shiv Sena rebel leader Eknath Shinde)ৰ নেতৃত্বত গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতি থকা বিধায়ককসকলে কি কল্পনা-জল্পনা কৰিছে সেই সন্দৰ্ভত জ্ঞাত নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । সোমবাৰে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এই বিষয়ে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(CM Himanta Biswa Sarmah important remarks in the context of Radiation Blue) । তেঁও কয় যে এই বিষয়ত তেঁও কোনো খবৰ কৰা নাই আৰু এইবোৰ চিন্তা কৰিবলৈ তেঁওৰ সময়ো নাই ।

ৰেডিশ্বন ব্লুত কি চলিছে নাজানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে তেঁও বৰ্তমান বানত ক্ষতিগ্ৰস্ত লোকৰ লগত আৰু চৰকাৰী কামতে ব্যস্ত আছে । এইবোৰ কৰিবলৈ তেঁওৰ সময় নাই, কাৰোবাৰ সময় আছে গতিকে গৈ আছে । স্বাধীন দেশত কোনোবা গ'লে মুখ্যমন্ত্ৰীয়ে বাধা দিব নোৱাৰে বুলিও উল্লেখ কৰে । কোন আহিছে কোন গৈছে সেই বিষয়েও তেঁও খবৰ ৰখা নাই বুলি মন্তব্য কৰে ।

উল্লখ্য যে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সোঁত বৰ্তমানো বৈ আছে । বুধবাৰৰ পৰা শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত বিধায়ককসকলে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতি আছে । এতিয়ালৈ ৰেডিশ্বন ব্লুত বিসম্বাদী বিধায়কৰ মুঠ সংখ্যা হৈছে 48 জন(48 dissident MLAs in Radisson Blue) । ইয়াৰে শিৱসেনাৰ 39 জন আৰু 9 জন নিৰ্দলীয় ।

লগতে পঢ়ক: ৰিজাল্টক লৈ সুখী শিক্ষামন্ত্ৰী: প্ৰদান কৰা হ’ব স্কুটী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.