ETV Bharat / state

এমহীয়া খতিয়ান লৈ নাগপুৰৰ আৰ এছ এছ(RSS)ৰ কাৰ্যালয়লৈ মুখ্যমন্ত্ৰী

author img

By

Published : Jun 11, 2021, 2:02 PM IST

দিল্লীৰ পৰা নাগপুৰ অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) । নাগপুৰস্থিত আৰ এছ এছ (RSS)ৰ কাৰ্যালয়লৈ যাব মুখ্যমন্ত্ৰীগৰাকী । আৰ এছ এছ (RSS)ৰ মুৰব্বী মোহন ভাগৱত(Mohan Bhagwat) সমন্বিতে শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ।

Chief Minister Himanta Biswa Sarma will visit RSS office on Friday
এমহীয়া খতিয়ান লৈ নাগপুৰৰ আৰ এছ এছৰ কাৰ্যালয়লৈ মুখ্যমন্ত্ৰী

গুৱাহাটী, ১১ জুন : চৰকাৰ গঠনৰ এমহীয়া খতিয়ান আৰ এছ এছ (RSS)ৰ নেতৃত্বক দাখিল কৰিবলৈ শুকুৰবাৰে দিল্লীৰ পৰা নাগপুৰ অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) । নাগপুৰত আৰ এছ এছ (RSS)ৰ মুৰব্বী মোহন ভাগৱত(Mohan Bhagwat) সমন্বিতে শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী হিচাপে শপত লৈয়ে গুৱাহাটীত অৱস্থিত আৰ এছ এছ (RSS)ৰ মূল কাৰ্যালয় "কেশৱধাম" (Keshabdham)ত উপস্থিত হৈছিল ড৹ হিমন্ত বিশ্ব শৰ্মা । তাৰ পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো দিল্লী যাত্ৰাৰ সময়ত দিল্লীস্থিত আৰ এছ এছ (RSS)ৰ কাৰ্যালয়লৈও গৈছিল মুখ্যমন্ত্ৰীগৰাকী ।

ইয়াৰ পিছতে চৰকাৰৰ এমাহপুৰ্তি উপলক্ষে বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদমেলত অংশ লোৱাৰ পাছতে তেওঁ দিল্লীলৈ উৰা মাৰে । সেই অনুসৰি শুকুৰবাৰে ড৹ শৰ্মা দিল্লীৰ পৰা ৰাওনা হয় নাগপুৰ অভিমুখে ।

লগতে পঢ়ক:কামৰূপ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ডেৰ কোটি টকাৰ হেৰ’ইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.