ETV Bharat / state

গুৱাহাটী মাষ্টাৰ প্লেন ২০৪৫ৰ খচৰা পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 8:22 PM IST

Chief minister Himanta Biswa Sarma reviews the draft Guwahati Master Plan 2045
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

Guwahati Master Plan-2045: সোমবাৰে এখন বৈঠকত গুৱাহাটী মাষ্টাৰ প্লেন ২০৪৫ৰ খচৰা পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

গুৱাহাটী, ২৫ ডিচেম্বৰ : গুৱাহাটীৰ বাবে পুনৰ এখন নতুন মাষ্টাৰ প্লেন প্ৰস্তুত কৰাৰ পথত আগবাঢ়িছে ৰাজ্য চৰকাৰ । ২০৪৫ চনক ভিত্তি কৰি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে প্ৰস্তুত কৰি আছে গুৱাহাটীৰ বাবে এখন নতুন মাষ্টাৰ প্লেন "গুৱাহাটী মাষ্টাৰ প্লেন 2045" ।

গুৱাহাটী মাষ্টাৰ প্লেন ২০৪৫ৰ খচৰা পৰ্যালোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়াসকলৰ লগত সোমবাৰে জনতা ভৱনত এখন বৈঠকত অংশগ্ৰহণ কৰে । বৈঠকত বিষয়াসকলে গুৱাহাটী মাষ্টাৰ প্লেন ২০৪৫ৰ খচৰা মুখ্যমন্ত্ৰীক দাখিল কৰি জাবৰ নিষ্কাশন, খোৱা পানী যোগান, নলা-নৰ্দমা, পৰিৱেশ অনুকূল পৰিকল্পনা আদি ব্যৱস্থাৰ সবিশেষ ৰূপৰেখা দাঙি ধৰে ।

মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰি চূড়ান্ত মাষ্টাৰ প্লেন প্ৰস্তুত কৰি অনাগত দিনত উন্নয়নৰ আৰ্হি হিচাপে গঢ়ি তুলিবলৈ বিষয়াসকলক পৰামৰ্শ আগবঢ়ায় । এই বৈঠকত মন্ত্ৰী অশোক সিংহলকে ধৰি অন্যান্য বিষয়ববীয়াও উপস্থিত থাকে । মুখ্যমন্ত্ৰী শৰ্মাই "এক্সত" কয়, “আজি এক বৈঠক যোগে গুৱাহাটী ‘মাষ্টাৰ প্লেন ২০৪৫’ ৰ খচৰা পৰ্যালোচনা কৰোঁ৷ পৰ্যালোচনা কালত বিশেষভাৱে চহৰখনত কমি যোৱা নগৰীয়া অৰণ্য সৃষ্টি, উদ্যান আৰু সেউজীয়া ঠাই নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ দিশত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰোঁ । আমাৰ লক্ষ্য গুৱাহাটী মহানগৰীক আগন্তুক বছৰসমূহত দেশৰ ভিতৰতে অন্যতম লেখত ল’বলগীয়া চহৰ হিচাপে গঢ়ি তোলা আৰু এইক্ষেত্ৰত আমি দায়বদ্ধ ৷”

উল্লেখ্য যে, জিএমডিএ এক্ট ১৯৮৫ অনুসৰি পূৰ্বতে ২০০৯ চনৰ ৭ জুলাইত জিমএমডি এ/এমপি/পাৰ্ট-১/১০৩ নম্বৰৰ জাননীখনৰ জৰিয়তে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে গুৱাহাটীৰ প্ৰথম মাষ্টাৰ প্লেন ২০২৫ প্ৰকাশ কৰিছিল । ২০২৫ চনক ভিত্তি বৰ্ষ হিচাপে লৈ গুৱাহাটীৰ প্ৰথম মাষ্টাৰ প্লেন ২০২৫ প্ৰস্তুত কৰা হৈছিল । পৰৱৰ্তী সময়ত ২০১৫ চনত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে আকৌ ২০৩৫ চনক ভিত্তি বষ হিচাপে লৈ নতুন গুৱাহাটীৰ মাষ্টাৰ প্লেন ২০৩৫ খচৰা প্ৰস্তুত কৰিছিল যদিও সেইখন বিভিন্ন খেলিমেলিৰ বাবে চূড়ান্ত নহ’ল ।

লগতে পঢ়ক : দুদিনত চাৰিটা এনকাউন্টাৰ অসমত; মুখ্যমন্ত্ৰীয়ে সাংবাদিকক সুধিলে সমস্যা ক’ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.