ETV Bharat / state

নৰেন্দ্ৰ মোদীয়ে একমাত্ৰ নিৰ্বাচনত পৰাজিত হোৱালৈ ভয় কৰে: পি চিদাম্বৰম

author img

By

Published : Dec 16, 2021, 8:58 PM IST

গুৱাহাটীত উপস্থিত হৈ দেশৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে ক’লে, নৰেন্দ্ৰ মোদীয়ে ক্ষমতাৰ বাবে বহু তললৈ নামিব পাৰে ৷ নৰেন্দ্ৰ মোদীয়ে মাত্ৰ এটা বস্তুকে ভয় কৰে, সেয়া হৈছে নিৰ্বাচনত পৰাজয় বৰণ কৰা(Chidambaram says Modi fears failing in election) । সবিশেষ জানো আহক ৷

chidambaram-says-modi-fears-failing-in-election
নৰেন্দ্ৰ মোদীয়ে একমাত্ৰ নিৰ্বাচনত পৰাজিত হোৱালৈ ভয় কৰে: পি চিদাম্বৰম

গুৱাহাটী, 16 ডিচেম্বৰ : "বিজেপিয়ে দেশৰ অৰ্থনীতি ধ্বংস কৰিছে ।" অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিৱিৰত বৃহস্পতিবাৰে অংশগ্ৰহণ কৰি দেশৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে এই মন্তব্য কৰে(P Chidambaram blames BJP for falling economy) ।

তেওঁ কয় যে, বিজেপি চৰকাৰখনে দেশৰ প্ৰচলিত অৰ্থনৈতিক ব্যৱস্থাটোক ভাঙি-ছিঙি দি জনগণৰ স্বাৰ্থৰ বিপক্ষে থিয় দিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শাসনকালত বিমুদ্ৰাকৰণৰ(Demonetization by Modi government) পৰা আৰম্ভ কৰি তিনিখন কৃষি আইন( Three farm laws) অনালৈ সকলো ভুল সিদ্ধান্ত লৈছিল ।

নৰেন্দ্ৰ মোদীয়ে একমাত্ৰ নিৰ্বাচনত পৰাজিত হোৱালৈ ভয় কৰে: পি চিদাম্বৰম

মোদীৰ শাসনত দেশত দুৰ্নীতি আৰু অপৰাধ বৃদ্ধি পাইছে । দুখীয়ালোকসকল অধিক দুখীয়া হৈছে আৰু মধ্যবিত্তসকল বেছি সমস্যাৰ সম্মুখীন হৈছে , নিবনুৱা সমস্যা বাঢ়িছে ৷ তেওঁ কয় যে, মোদীৰ শাসনত গ্ৰাম্য শ্ৰমিকৰ সংখ্যা বাঢ়িছে আৰু নগৰীয়া শ্ৰমিকৰ সংখ্যা কমিছে ।

এয়া দেশৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত শুভ নহয় বুলি মন্তব্য কৰি পি চিদাম্বৰমে কয় যে, নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত জয়ী হ'বলৈ যিকোনো অপকৰ্ম কৰি জনগণক প্ৰতাৰণা কৰিবলৈ কুন্ঠাবোধ নকৰা হ'ল । এইটো গণতন্ত্ৰৰ বাবে, দেশৰ জনতাৰ বাবে ভয়ংকৰ ভাবুকি হৈ দেখা দিছে । মোদীৰ শাসন কালত ২০২১ চনত দেশত ভয়াৱহ মূল্যবৃদ্ধি হৈছে, নিবনুৱা সমস্যা বাঢ়িছে, বেংকত bad loan বাঢ়িছে ।

তেওঁ প্ৰধানমন্ত্ৰী মোদীয়ে শাসনকালত দুটা কামে ভালদৰে কৰিছে । সেয়া হৈছে দিনত চাৰিবাৰ কূৰ্টা সলনি কৰা আৰু মাহত চাৰিবাৰকৈ শ্লোগান সলনি কৰা । পি চিদাম্বৰমে কয় যে, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতিত অসহিষ্ণুতাই মূলধন হৈ পৰিছে । নৰেন্দ্ৰ মোদীয়ে কাকো ভয় নকৰে, আনকি ভগবানকো ।

নৰেন্দ্ৰ মোদীয়ে ক্ষমতাৰ বাবে বহু তললৈ নামিব পাৰে, নৰেন্দ্ৰ মোদীয়ে মাত্ৰ এটা বস্তুকে ভয় কৰে সেয়া হৈছে নিৰ্বাচনত পৰাজয় বৰণ কৰা(Chidambaram says Modi fears failing in election) । সেয়ে অনাগত নিৰ্বাচনত বি জে পি পৰাজিত কৰাৰ বাবে কংগ্ৰেছ কৰ্মী সকলে মাৰবান্ধি যুজাৰ বাবে তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয় কটাক্ষ কৰিলে পি চিদাম্বৰমে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.