ETV Bharat / state

Challenges to implementing PMAY: বাসগৃহ নিৰ্মাণ সামগ্ৰীৰ বৰ্ধিত মূল্যই বিপদত পেলাইছে হিতাধিকাৰীক

author img

By

Published : May 18, 2023, 7:52 AM IST

Updated : May 18, 2023, 9:52 AM IST

বাসগৃহ নিৰ্মাণ সামগ্ৰীৰ দাম বৃদ্ধিয়ে বেমেজালি লগাইছে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ কামত ৷ অৰ্ধনিৰ্মিত অৱস্থাতে আছে বৃহৎ সংখ্যক ঘৰ, সমস্যাত পৰিছে হিতাধিকাৰী (PMAY scheme) ৷

problems in pmay scheme
বাসগৃহ নিৰ্মাণ সামগ্ৰীৰ দাম বৃদ্ধি

গুৱাহাটী, ১৮ মে’ : চৰকাৰী বিজ্ঞাপনৰ ৰঙীন ছবিত দেখা চৰকাৰী আঁচনিৰ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰবোৰ দেখিলে আপোনাৰো ধাৰণা হ’ব যে অসমত অতি সুন্দৰভাৱে ৰূপায়িত হৈ আছে আঁচনিখন । লাখ লাখ দৰিদ্ৰ লোকে অসমত পাইছে চৰকাৰী ঘৰ ৷ পাইছে মূৰৰ ওপৰৰ এখন চালি ৷ কিন্তু ইয়াৰ প্ৰকৃত সত্য অন্য কিবাহে (Challenges to implementing PMAY) ৷

অসমত প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত চলিছে প্ৰহসন ৷ ৰাজ্য চৰকাৰে দাবী কৰা নিৰ্মিত সংখ্যাৰ বিপৰীতে দেখা গৈছে এখন সম্পূৰ্ণ বিপৰীত ছবি ৷ বিভাগীয় তথ্যৰ বিপৰীতে বাস্তৱ ক্ষেত্ৰত দেখা গৈছে আন এখন ছবি ৷ ৰাজ্য চৰকাৰৰ দাবীৰ বিপৰীতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা পোৱা গৈছে এই আঁচনিৰ অধীনত নিৰ্মিত অসম্পূৰ্ণ ঘৰ ৷

শিল-ইটা-বালি আৰু চিমেণ্টৰ বৰ্ধিত দামে বিপাঙত পেলাইছে সাধাৰণ হিতাধিকাৰী ৰাইজক ৷ ৰাজ্য চৰকাৰৰ দাবী অনুসৰি প্ৰধানমন্ত্ৰীৰ আবাস যোজনা (গ্ৰামীণ) ৰ অধীনত সমগ্ৰ অসমত ১০,০২,৯৩৬ টা ঘৰ সম্পূৰ্ণ কৰিছে ৷ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সদৰি কৰা তথ্য এয়া । মন্ত্ৰীগৰাকীৰ দাবী অনুসৰি এই ১০,০২,৯৩৬ টা PMAY ঘৰৰ ভিতৰত বৰ্তমানৰ চৰকাৰৰ দিনত যোৱা দুবছৰত ৫,৯৮,৬২৭ টা ঘৰ নিৰ্মাণ কৰা হৈছে ৷ অভিযোগ উত্থাপিত হৈছে যে ক্ষেত্ৰভিত্তিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে চৰকাৰীভাৱে উল্লেখ কৰা সম্পূৰ্ণ হোৱা ঘৰৰ সংখ্যাৰ ৬০ শতাংশও বাস্তৱত সম্পূৰ্ণ হোৱা দেখিবলৈ নাযাব ৷ ক্ষেত্ৰভিত্তিক অধ্যয়নতো দেখা গৈছে যে বৃহৎ সংখ্যক ঘৰ অসম্পূৰ্ণ অৱস্থাতে আছে (Problems in PMAY scheme)।

বাস্তৱত দেখা গৈছে যে প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ অধীনত যি পৰিমাণৰ টকা ঘৰ নিৰ্মাণৰ বাবে আগবঢ়োৱা হয় সেই পৰিমাণৰ টকাৰে ব্যাপক মূল্যবৃদ্ধিৰ বাবে ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা নাই দৰিদ্ৰ হিতাধিকাৰীসকল ৷ আঁচনিখনৰ গাইড নীতি অনুসৰি এচটা ইটাৰ বাবদ নিৰ্ধাৰণ কৰা হৈছিল ৭ টকা আৰু ৰডৰ বাবে নিৰ্ধাৰিত ধনৰ পৰিমাণ প্ৰতি কুইণ্টলত ৫২০০ টকা ৷ পিছে এতিয়া ইটা আৰু ৰডৰ দাম PMAY ৰ নিৰ্ধাৰিত ধনতকৈ আকাশলংঘী হৈছেগৈ ৷ এতিয়া বজাৰত এচপৰা ইটাৰ দাম ১২ ৰ পৰা ১৪ টকা পৰ্যন্ত ৷ নিৰ্ধাৰিত ৰডৰ দাম নিৰ্ধাৰিত ৫২০০ টকাৰ বিপৰীতে বৰ্তমান বজাৰত কুইণ্টলত ৭০০০ টকা পৰ্যন্ত হৈছেগৈ । একেদৰে ব্যাপক হাৰত দাম বৃদ্ধি হৈছে চিমেণ্ট-বালিৰো (problems in PMAY scheme due to price hike) ।

কেন্দ্ৰীয় চৰকাৰৰ আঁচনিখনৰ অধীনত সৰ্বমুঠ ১,৫১,১৭০ টকাকৈ নিৰ্দিষ্ট মাপৰ ঘৰটোৰ বাবে আবণ্টন কৰা হয় ৷ ইয়াৰে ২১,১৭০.০০ টকা জৱকাৰ্ডৰ জৰিয়তে গৃহ নিৰ্মাণৰ কামত খৰছ কৰা হয় । ইয়াৰ পিছত ঘৰটো নিৰ্মাণ কৰিবলৈ ৰয়গৈ মাত্ৰ ১,৩০,০০০.০০ টকা । স্বাভাৱিকতেই ৰাজ্যৰ বৃহৎ সংখ্যক প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ হিতাধিকাৰী এতিয়া অৰ্ধ নিৰ্মিত ঘৰক লৈ সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে ৷

লগতে পঢ়ক : MP Abdul Khaleque: বিজেপিয়ে ঘৃণাৰ ৰাজনীতি কৰে, বিদ্বেষৰ ৰাজনীতি কৰে; আব্দুল খালেক

Last Updated : May 18, 2023, 9:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.