ETV Bharat / state

অসমত পাম খেতি কৰিবই কেন্দ্ৰীয় চৰকাৰে

author img

By

Published : Jul 6, 2022, 11:43 AM IST

জোতস
Palm cultivation:অসমত পাম খেতি কৰিবই কেন্দ্ৰীয় চৰকাৰে

পাম খেতিয়ে অসমৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি বিশেষজ্ঞই কৰা সতর্কবাণীকো আওকাণ কেন্দ্ৰৰ(Palm cultivation in Assam)। পতঞ্জলি ফুড লিমিটেডে অসমৰ সাতখন জিলা কৰিব খেতি । কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলত পাম খেতিৰ বাবে বিনিয়োগ কৰিব ৫,৮৫০ কোটি টকা।

গুৱাহাটী,৬ জুলাই: বিভিন্ন দল-সংগঠনে অসমত পাম খেতিৰ বিৰোধিতা কৰি অহাৰ পাছতো চৰকাৰ থমকি ৰোৱা নাই (Palm cultivation in Assam)। পাম খেতিয়ে অসমৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি বিশেষজ্ঞসকলেও উল্লেখ কৰি আহিছে। কিন্তু এই সকলো বিৰোধিতা আৰু সতর্কবাণীৰ পাছতো কেন্দ্ৰীয় চৰকাৰে অসমত পাম খেতি কৰিবলৈ আগবাঢ়িছে । আনকি বাবা ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিয়ে অসমত পাম খেতি কৰাৰ বাবে ৰাজ্য চৰকাৰখনৰ সৈতে এখন চুক্তিও স্বাক্ষৰ কৰিছে( Baba Ramdevs institute Patanjali)।

জানিব পৰা মতে,পতঞ্জলি ফুড লিমিটেডে (পূৰ্বৰ ৰুচি চয়া ইণ্ডাষ্ট্রিজ লিমিটেড) অসমৰ সাতখন জিলা ক্রমে তিনিচুকীয়া,যোৰহাট,গোলাঘাট,নগাঁও,কামৰূপ আৰু গোৱালপাৰাত পাম খেতি কৰিব (Patanjali Food Limited will cultivate)। আনকি কোম্পানীটোৱে অসমত স্থাপন কৰিব পাম তেল প্ৰছেচিং উদ্যোগো । উল্লেখ্য় যে কেন্দ্ৰীয় চৰকাৰে 'নেশ্যনেল মিছন ফৰ ইডিবল অইল-অইল পাম' নামেৰে এক অভিযান আৰম্ভ কৰিছে (Central Government National Mission for idibal Oil-Oil Palm)। এই অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১১,০৪০ কোটি টকা অনুমোদন দিছে । এই পুঁজিৰ ৫,৮৫০ কোটি টকা বিনিয়োগ কৰা হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত । কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখন অসমত বাস্তৱত ৰূপায়িত কৰাৰ বাবেই এতিয়া আগবাঢ়ি আহিছে পতঞ্জলি নামৰ কোম্পানীটো ।

palm
অসমত পাম খেতি কৰিবই কেন্দ্ৰীয় চৰকাৰে

আনহাতে,পাম খেতিয়ে কৃষি ভূমিৰ মান বিনষ্ট কৰাৰ লগতে জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে বুলি ইতিমধ্যে প্রকৃতি সংৰক্ষণ সংস্থা আৰু গৱেষকসকলে প্ৰকাশ কৰিছে । বিশেষজ্ঞসকলৰ মতে,পাম খেতি কৰা মাটিৰ উৰ্বৰা শক্তি নাইকিয়া হয় । পাম গছবোৰে ওচৰৰ মাটিৰ পৰা খনিজাত পদাৰ্থ আৰু সকলো ধৰণৰ পুষ্টিকৰ খাদ্য শোষণ কৰে । ফলত ওচৰৰ অন্যান্য সকলো উদ্ভিদৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয় । যদি গছ-গছনি নাথাকে, সেই ঠাইত জীৱ-জন্তুৱে বাস কৰিব নোৱাৰে ।

palm
অসমত পাম খেতি কৰিবই কেন্দ্ৰীয় চৰকাৰে

উল্লেখ্য় যে পাম খেতি কৰাৰ কাৰণে প্ৰথমে গছ-গছনি কাটি, মাটি পৰিষ্কাৰ কৰিব লাগে । আনহাতে,এই খেতিৰ কাৰণে যথেষ্ট পৰিমাণে পানীৰো প্ৰয়োজন হয় । ইয়াৰ ফলত খৰাং হোৱাৰ আশংকা থাকে । ইতিমধ্যে মালয়েছিয়া, ইণ্ডোনেছিয়াৰ দৰে দেশে পাম খেতি কৰি তাৰ কুফল এতিয়া লাভ কৰিছে । শ্রীলংকাকে আদি কৰি পৃথিৱীৰ অন্যান্য দেশবোৰত এই খেতি কৰাত বাধা আৰোপ কৰিছে । আনকি কেৰালাতো এই খেতি বন্ধ কৰা হৈছে । এনে পৰিস্থিতিত উত্তৰ পূৰ্বাঞ্চলৰ দৰে দেশৰ জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত চহকী অঞ্চলত ব্যাৱসায়িক ভিত্তিত বৃহৎ পৰিসৰত পাম খেতি কৰিলে ইয়াৰ পৰিণাম অতি ভয়াৱহ হ’ব । ইতিমধ্যে উত্তৰ-পূবৰ কেইবাজনো সাংসদে এই সন্দৰ্ভত কেন্দ্রীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি উত্তৰ-পূবত পাম খেতি নকৰিবলৈ দাবী উত্থাপন কৰিছে । কিন্তু এই দাবীৰ প্ৰতি অলপো গুৰুত্ব দিয়া নাই কেন্দ্ৰীয় চৰকাৰে । ফলত কেন্দ্ৰৰ এই হঠকাৰী সিদ্ধান্তই যে অসমসহ উত্তৰ-পূৰ্বাঞ্চললৈ বিপদ মাতিব সেয়া নিশ্চিত ।

লগতে পঢ়ক:লেপটপ নিদিয়ে: ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.