ETV Bharat / state

এন আৰ চি পুঁজি বন্ধ কৰিলে কেন্দ্ৰই

author img

By

Published : Mar 30, 2021, 7:15 AM IST

এন আৰ চি পুঁজি বন্ধ কৰিলে কেন্দ্ৰই ৷ চাকৰি গ’ল ২৬২ গৰাকী কনিষ্ঠ সহায়কৰ ৷

এন আৰ চি পুঁজি বন্ধ কৰিলে কেন্দ্ৰই
এন আৰ চি পুঁজি বন্ধ কৰিলে কেন্দ্ৰই

গুৱাহাটী, 30 মাৰ্চ: বহুচৰ্চিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাবে পুঁজি যোগান বন্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে । কিয়নো অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ বাবে কেন্দ্ৰীয় কেবিনেটে ১,৬০২.৬৬ কোটি টকাৰ অনুমোদন জনাইছিল । এই অনুমোদন দিয়া হৈছিল ২০১৯ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত । যিহেতু সেই সময় ইতিমধ্যে উকলি গৈছে গতিকে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাৰ্যালয়ৰ কামকাজ চলাই নিয়াৰ পৰা আৰম্ভ কৰি আনুষংগিক সকলো কামৰ বাবে যি ধনৰ প্ৰয়োজন হয় সেয়া আৰু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ মহাপঞ্জীয়কে যোগান নধৰে ।

এন আৰ চি পুঁজি বন্ধ কৰিলে কেন্দ্ৰই
এন আৰ চি পুঁজি বন্ধ কৰিলে কেন্দ্ৰই

ইতিমধ্যে কেন্দ্ৰীয় মহাপঞ্জীয়কৰ যুটীয়া সঞ্চালক যশপাল সিঙে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব এছ আৰ ভূঞাক এক পত্ৰযোগে স্পষ্টকৈ এই কথা জনাই দিছে । উল্লেখ্য যে, অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাকী ৰৈ যোৱা কামসমূহ চলাই নিবৰ বাবে প্ৰতি মাহে প্ৰয়োজন হয় ৩.৩২ কোটি টকা । কিন্তু এই ধনৰাশিৰ যোগান কেন্দ্ৰীয় মহাপঞ্জীয়কে বন্ধ কৰাত এতিয়া বিমোৰত পৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষ ।

যাৰ ফলস্বৰূপে এন আৰ চিৰ কাম চলাই নিবলৈ ঠিকাভিত্তিত নিয়োজিত সকলো কৰ্মচাৰীকে অব্যাহতি দিবলৈ মহাপঞ্জীয়কে নিৰ্দেশ দিছে । সেই মৰ্মে সুদীৰ্ঘ সময়জুৰি এই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ থকা ২৬২ গৰাকী কনিষ্ঠ সহায়কক ইতিমধ্যে অব্যাহতি দিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই ।

লগতে পঢ়ক: নিৰ্বাচনী ব্যস্ততা সামৰি ৰুগীয়া মাতৃৰ কাষত লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.