ETV Bharat / state

কোন সঁচা কোন মিছা ! দীপক কুমাৰ vs পংকজ ৰয় !

author img

By

Published : Oct 31, 2019, 11:28 PM IST

মুঠ 10 খন ট্ৰাকত 250 টা গৰু জব্দ কৰা হৈছে যদিও এই ঘটনাৰে জড়িত কোনো লোকক বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই । উল্লেখ্য যে, আৰক্ষী আয়ুক্ত আৰু ভাৰপ্ৰাপ্ত বিষয়াৰ ভাষ্য অমিল হোৱাটো  বৰ্তমান ৰহস্যৰ আৱৰ্তত ৷

সোণাপুৰত চোৰাং গৰু সহ জব্দ 10 খন ট্ৰাক

গুৱাহাটী, 31 অক্টোবৰঃ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে চোৰাং গৰু সৰবৰাহ । সোণাপুৰ আৰক্ষীয়ে বুধবাৰে নিশাৰে পৰা বৃহস্পতিবাৰ পুৱালৈকে চলোৱা এক বিশেষ অভিযানত 10 খন ট্ৰাকৰ পৰা 200টা চোৰাং গৰু উদ্ধাৰ কৰে । গৰু সমূহ বাংলাদেশলৈ চোৰাং ভাবে ভাবে লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷

ঘটনা সম্পৰ্কে আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয়, গোপন সূত্ৰৰ ভিত্তিতে মহানগৰ আৰক্ষীয়ে সোণাপুৰত চলোৱা অভিযানত মুঠ ১০ খন ট্ৰাকত প্ৰায় 200 টা গৰু উদ্ধাৰ কৰে । চোৰাং সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ হোৱা গৰুকেইটা অবৈধভাৱে নগাঁৱৰ পৰা মেঘালয়লৈ লৈ যোৱা হৈছিল । ঘটনাৰ লগত জড়িত চালকসহ মুঠ 10 জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও মন্তব্য কৰে দীপক কুমাৰে। প্ৰাৰম্ভিক তদন্তত গৰুসমূহ মেঘালয়লৈ লৈ যোৱাৰ তথ্য ইতিমধ্যে লাভ কৰা হৈছে বুলিও কুমাৰে প্ৰকাশ কৰে । কিন্তু তদন্তৰ পাচতহে পোহৰলৈ আহিব যে এই উদ্ধাৰ কৰা গৰুসমূহ বাংলাদেশলৈ লৈ যোৱাৰ পৰিকল্পনা আছিল নে নাই ।

সোণাপুৰত চোৰাং গৰু সহ জব্দ 10 খন ট্ৰাক

ইয়াৰ বিপৰীতে সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ ৰয়ৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত তেওঁ কয়, মুঠ 10 খন ট্ৰাকত 250 টা গৰু জব্দ কৰা হৈছে যদিও এই ঘটনাৰে জড়িত কোনো লোকক বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই । উল্লেখ্য যে, আৰক্ষী আয়ুক্ত আৰু ভাৰপ্ৰাপ্ত বিষয়াৰ ভাষ্য অমিল হোৱাটো বৰ্তমান ৰহস্যৰ আৱৰ্তত ৷

লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ ফেচবুকত কৰা অশ্লীল মন্তব্য আৰু হত্যাৰ ভাবুকি সন্দৰ্ভত দীপক কুমাৰে কয় যে, ফেচবুকত এই মন্তব্য কৰা লোকজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে । বিৰুবাৰীৰ বাসিন্দা ৰাজীৱ ৰহমান ওৰফে হাবিবুৰ ৰহমানে ই-ৰিক্সা চলাই জীৱিকা নিৰ্বাহ কৰে । বুধবাৰে হাবিবুৰ ৰহমানে পল্টন বজাৰ থানাত উপস্থিত হৈ এই ঘটনা সম্পৰ্কে এক এজাহাৰ দাখিল কৰি ঘটনাৰ লগত তেওঁ জড়িত নহয় বুলি মন্তব্য কৰে । হাবিবুৰ ৰহমানে কোনো দুষ্ট চক্ৰৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলিও দাবী কৰে।

হিমন্ত বিশ্ব শৰ্মাক লৈ ফেচবুকত কৰা অশ্লীল মন্তব্য
হিমন্ত বিশ্ব শৰ্মাক লৈ ফেচবুকত কৰা অশ্লীল মন্তব্য
গুৱাহাটী
হিমন্ত বিশ্ব শৰ্মাক লৈ ফেচবুকত কৰা অশ্লীল মন্তব্য
Intro:সোণাপুৰ আৰক্ষীৰ অভিযানত চোৰাং সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ 200 টা গৰু: জব্দ 10 খন ট্ৰাক আৰু গ্ৰেপ্তাৰ 10 চালক


Body:Anchor: ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰু সৰবৰাহ। সোণাপুৰ আৰক্ষীয়ে বুধবাৰে নিশাৰে পৰা বৃহস্পতিবাৰ পুৱালৈকে চলোৱা এক বিশেষ অভিযানত 10 ট্ৰাকৰ পৰা 200 গৰু চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰে।

ঘটনা সম্পৰ্কে আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে এক গোপন সূত্ৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে সোণাপুৰত চলোৱা এক অভিযানত মুঠ ১০ খন ট্ৰাকত প্ৰায় 200 টা গৰু উদ্ধাৰ কৰা হৈছে। চোৰাং সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ হোৱা গৰুকেইটা অবৈধভাৱে উজনি নগাওঁ পৰা মেঘালয়লৈ লৈ অনা হৈছিল। পাছত এই ঘটনাৰে জড়িত চালকসহ মুঠ 10 জনক গ্ৰেপ্তাৰ কৰা হৈছে। জব্দ হোৱা ট্ৰাকখন মেঘালয় হৈ যোৱাৰ কথা আছিল নেকি এই সম্পৰ্কে সাংবাদিকৰে হোৱা এক প্ৰশ্নৰ উত্তৰত আৰক্ষী আয়ুক্ত গৰাকীয়ে কয় যে প্ৰাৰম্ভিক তদন্তত গৰুসমূহ মেঘালয়লৈ লৈ যোৱাৰ তথ্য ইতিমধ্যে লাভ কৰা হৈছে। আচলতে তদন্তৰ পিছত হে পোহৰলৈ আহিব যে এই উদ্ধাৰ কৰা গৰুসমূহ বাংলাদেশলৈ লৈ যোৱাৰ পৰিকল্পনা আছিল নেকি।

আনহাতে গৰুভৰ্তি ট্ৰাক জব্দ কৰা সন্দৰ্ভত সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ ৰয়ৰে হোৱা টেলিফোনিক বাৰ্তালাপত কয় যে মুঠ 10 খন ট্ৰাকত 250 টা গৰু জব্দ কৰা হৈছে যদিও এই ঘটনাৰে জড়িত কোনো লোকক বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই। আৰক্ষী আয়ুক্ত আৰু ভাৰপ্ৰাপ্ত বিষয়াৰ ভাষ্য অমিল হোৱাটো এক ৰহস্যৰ সৃষ্টি কৰিছে।

বাইট - আৰক্ষী আয়ুক্ত








Conclusion:End VO: এতিয়া প্ৰশ্ন হয় যে, এই অবৈধ বেহা মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াতে সংঘটিত হৈ আহিছে নেকি? দেশত দুৰ্নীতি নিৰ্মূল হোৱা বুলি দম্ভালি মাৰি থকাৰ পিছতো কিয় এনে অবৈধ বেহা, ছিণ্ডিকেটবোৰে গা কৰি উঠিছে? কেতিয়া নিৰ্মূল হব এইসমূহ বেহা? এই বিষয়ে কিবা বিহীত ব্যৱস্থা লব নে শ্লোগান আওৰাই থকা চৰকাৰখনে ?

জব্দ কৰা ট্ৰাকসমূহ ৰিপৰ্টাৰ এপছত দিয়া হৈছে।


Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.