ETV Bharat / state

Teach Science Maths in English: গণিত-বিজ্ঞান মাতৃ ভাষাত পঢ়াবলৈ আহ্বান

author img

By

Published : Jun 9, 2023, 3:35 PM IST

ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পাঠদান কৰাক লৈ ৰাজ্যজুৰি অব্যাহত তীব্ৰ প্ৰতিক্ৰিয়া । প্রথম গোটৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত ইংৰাজীত দিয়া প্ৰশ্ন কাকতক কেন্দ্ৰ কৰি বিদ্যালয় সমূহত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতিৰ(Teach Science Maths in English from class six) । ছাত্ৰ-ছাত্ৰীৰ আপত্তি অনুসৰি দ্বি-ভাষিক প্ৰশ্ন কাকত দিবলৈ বাধ্য শিক্ষকসকল ।

Call to teach mathematics and science in mother tongue
গণিত-বিজ্ঞান মাতৃ ভাষাত পঢ়াবলৈ আহ্বান

গুৱাহাটী,৯ জুন: শিক্ষা বিভাগে হঠাৎ ইংৰাজী মাধ্যম জাপি দিয়া কাৰ্যক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া । মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পাঠদানক লৈ বিপাঙত পৰিছে ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়ত্ৰী । চৰকাৰী এই অবিবেচকী সিদ্ধান্তৰ বিৰুদ্ধে শিক্ষক সংগঠনসমূহে বিৰোধীতা কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই মাহজোৰা প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে (AASU protests against Govt) ।

অন্যান্য দল-সংগঠনসমূহেও এই সিদ্ধান্তৰ বিৰোধীতা কৰি আহিছে । শিক্ষাৰ্থীসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এক গুৰত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই । সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই সংবাদ মাধ্যমক জনাই যে, অসম চৰকাৰে ইংৰাজী ভাষাত ষষ্ঠ শ্রেণীত গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান কৰিবলৈ সময়ে সময়ে দিয়া নির্দেশনা মর্মে শিক্ষক সকলে সযত্নে ইংৰাজী ভাষাত পাঠদান চলাই আহিছে(Teach Science Maths in English from class six) ।

এতিয়া প্রথম গোটৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত ইংৰাজীত দিয়া প্ৰশ্ন কাকতক কেন্দ্ৰ কৰি বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ আপত্তি উত্থাপন হোৱাত ইংৰাজী আৰু অসমীয়া দ্বি-ভাষিক প্ৰশ্ন কাকত শিক্ষকসকলে দিবলৈ বাধ্য হয় আৰু ছাত্ৰ-ছাত্ৰীয়ে মাতৃভাষাত উত্তৰ সমূহ লিখে ।

প্রায় বিলাক বিদ্যালয়তে সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতি । এনে পৰিস্থিতি সাপেক্ষে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই দায়বদ্ধতাৰে বুধবাৰে নিশা অনলাইনযোগে এখনি সভা আহ্বান কৰে । মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰে সভাপতিত্ব কৰা সভাখনত আলোচনাত উপস্থিত থকা শিক্ষক মঞ্চৰ অন্তৰ্গত শিক্ষক সংগঠনসমূহৰ নেতৃত্বই অংশ গ্ৰহণ কৰি সিদ্ধান্ত দিয়ে যে যিহতু অসম চৰকাৰে মাতৃ ভাষাত পাঠদান আৰু পাঠগ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো বাধা নিষেধ কৰা নাই(Teach mathematics and science in mother tongue) ।

গতিকে বিদ্যালয় সমূহত মাতৃ ভাষাত পাঠদান কৰাত কোনো জটিলতা নাই । সেয়ে শিক্ষক মঞ্চৰ আহ্বান জনায় যে বিদ্যালয়সমূহে মাতৃভাষা মাধ্যমৰ পুৰণি কিতাপ সংগ্ৰহ কৰি মাতৃ ভাষাত পাঠদানৰ ব্যৱস্থা কৰে যেন । লগতে সংশ্লিষ্ট বিদ্যালয়খন যি খণ্ড শিক্ষা বিষয়ৰ কাৰ্যালয়ৰ অধীনত পৰে তাত লিখিতভাৱে মাতৃ ভাষাত পাঠদান কৰা বুলি জনাই থবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: Letter to the CM: বিধায়ক হৈ মুখ্যমন্ত্ৰীলৈ চিঠি লিখিব নোৱাৰো নেকি ? সাংবাদিকক উভতি ধৰিলে বিধায়ক দেউৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.