ETV Bharat / state

1 আগষ্টৰ পৰা অ’লা-উবেৰ বৰ্জন ছয় সহস্ৰাধিক কেব চালকৰ

author img

By

Published : Jul 25, 2021, 5:08 PM IST

সদৌ অসম কেব মজদুৰ সংঘ আৰু সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ সংবাদমেল । ছয় সহস্ৰাধিক কেব চালকে পহিলা আগষ্টৰ পৰা অ'লা আৰু উবেৰ কোম্পানী দুটাক বৰ্জন কৰি 'পে ইণ্ডিয়া' ৰ যোগেদি কেব সেৱা প্ৰযোজ্য ৰাখিব । অ’লা আৰু উবেৰ কর্তৃপক্ষই বছৰৰ পাচত বছৰ ধৰি কেব চালকসকলক লুণ্ঠন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম কেব মজদুৰ সংঘ আৰু সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে ।

ola uber service boycott
পহিলা আগষ্টৰ পৰা নাথাকিব অ’লা উবেৰ সেৱা

গুৱাহাটী, 25 জুলাই : পহিলা আগষ্টৰ পৰা গুৱাহাটী মহানগৰীত উপলব্ধ নহ'ব অ'লা আৰু উবেৰৰ সেৱা । দুয়োটা কোম্পানীৰ সেৱা বৰ্জন কৰিছে সদৌ অসম কেব মজদুৰ সংঘ আৰু সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে । দুয়োটা সংগঠনৰ অন্তৰ্গত ছয় সহস্ৰাধিক কেব চালকে পহিলা আগষ্টৰ পৰা অ'লা আৰু উবেৰ কোম্পানী দুটাক বৰ্জন কৰি 'পে ইণ্ডিয়া' ৰ যোগেদি কেব সেৱা প্ৰযোজ্য ৰাখিব ।

দেওবাৰে দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে সদৌ অসম কেব মজদুৰ সংঘ আৰু সদৌ গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ নেতৃত্বই । বহুজাতিক কোম্পানী অ’লা আৰু উবেৰ কর্তৃপক্ষই বছৰৰ পাছত বছৰ ধৰি কেব চালকসকলক লুণ্ঠন চলাই অহাৰ অভিযোগ উত্থাপন কৰি সদৌ অসম কেব মজদুৰ সংঘৰ মুখ্য উপদেষ্টা কেশৱ গোস্বামীয়ে কয় - ‘আমি কেব চালকসকলে অ’লা আৰু উবেৰ কর্তৃপক্ষৰ শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্রতিবাদ সাব্যস্ত কৰি আহিছো ৷ কিন্তু কোনো ফল ধৰা নাই ।

পহিলা আগষ্টৰ পৰা নাথাকিব অ’লা উবেৰ সেৱা

আমাৰ চৰ্তসমূহ অ’লা-উবেৰ কর্তৃপক্ষই পূৰণ নকৰাৰ বাবে আমি ১ আগষ্টৰ পৰা অ’লা-উবেৰ বর্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো । ইতিমধ্যে আমি 'পে ইণ্ডিয়া' নামৰ থলুৱা কোম্পানীটোৰে চুক্তিবদ্ধ হৈছো । তেওঁলোকে আমাৰ চৰ্তসমূহ মানি লৈছে । আমি আমাৰ শ্ৰমৰ উচিত মূল্য বিচাৰো ।'

উল্লেখ্য যে, গুৱাহাটী মহানগৰীত অ’লা আৰু উবেৰত প্ৰায় ১৬ হাজাৰ শিক্ষিত নিবনুৱাই কেব চলাই পৰিয়াল পোহপাল দি আহিছিল । কিন্তু অ’লা-উবেৰ কর্তৃপক্ষৰ মইমতালি আৰু ক'ভিডকালীন পৰিস্থিতিৰ বাবে প্ৰায় ১০ হাজাৰ চালকে বিগত দুটা বছৰত কেব চলাবলৈ অসমৰ্থ হৈ পৰে । বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত প্ৰায় ৬ হাজাৰ কেব চালক আছে ।

এই চালকসকলে পহিলা আগষ্টৰ পৰা পে-ইণ্ডিয়া কেব নামৰ এপটোৰ জৰিয়তে সেৱা আগবঢ়াব । ক'ভিড পৰিস্থিতিৰ বাবে চৰম আৰ্থিক সংকটত ভোগা কেব চালকসকলে চৰকাৰৰ সহায়-সহযোগিতা কামনা কৰিছে । তেওঁলোকে বাহনৰ নথিপত্ৰ নবীকৰণৰ লগতে ফাইনেঞ্চৰ ঋণৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে । সংবাদমেলত সদৌ অসম কেব মজদুৰ সংঘৰ মুখপাত্ৰ ধ্ৰুৱ ৰাজ অসম, অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ সভাপতি ভাস্কৰ তালুকদাৰকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল ।

লগতে পঢ়ক: হাতৰ তলুৱাত লাভলীনাৰ ছবি অংকন কৰি শুভেচ্ছা জনালে যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.