ETV Bharat / state

ক'ভিড পৰিস্থিতিত দিশাহাৰা হাজাৰ হাজাৰ কেব চালক

author img

By

Published : Jun 5, 2021, 8:11 PM IST

গুৱাহাটীত প্ৰায় ১৬ হাজাৰ কেব চালক আছিল যদিও বৰ্তমান সেই সংখ্যা হ্ৰাস হৈ প্ৰায় ৯ হাজাৰ হৈছে । অৰ্থাৎ ইয়াৰ লগত ৫০ ৰ পৰা ৬০ হাজাৰ লোকৰ কথা জড়িত হৈ আছে । কেব চালকসকলৰ সমস্যা সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা সদৌ অসম কেব মজদুৰ সংঘৰ উপদেষ্টাদ্বয় ধ্ৰুৱ ৰাজ অসম আৰু দিগন্ত নাথৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল।

problem of cab driver
ক'ভিড পৰিস্থিতি দিশাহাৰা হাজাৰ হাজাৰ কেব চালক

গুৱাহাটী,৫ জুনঃ ক'ভিড পৰিস্থিতিয়ে দিশাহীন কৰি পেলাইছে ৰাজ্যৰ বিশেষকৈ গুৱাহাটীৰ হাজাৰ হাজাৰ কেব চালকক । পথৰ ওপৰতেই জীৱনৰ চকৰি ঘূৰা কেব চালকসকলৰ এতিয়া জীৱিকাৰ পথ বন্ধ হৈ পৰিছে । ক'ভিড পৰিস্থিতিৰ বাবে এতিয়া তেওঁলোকৰ বাবে দুবেলা দুমুঠিৰ যোগাৰ কৰাটোৱেই যেন অসম্ভৱ হৈ পৰিছে ।

ক'ভিড পৰিস্থিতি দিশাহাৰা হাজাৰ হাজাৰ কেব চালক

বিগত বৰ্ষৰ ভয়াৱহ ক'ভিড পৰিস্থিতিৰ পৰা কোনোমতে মূৰ দাঙি উঠিবলৈ সক্ষম হোৱা কেব চালকসকলে পুনৰ একেই পৰিস্থিতিৰে যুঁজিব লগা হৈছে । কিন্তু, এইবাৰ যেন তেওঁলোক একেবাৰে ভাঙি পৰিছে । বৰ্তমান প্ৰযোজ্য হৈ থকা সান্ধ্য আইনৰ বাবে কেব চালকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কেব চালকসকলে । দুবেলা দুমুঠিৰ চিন্তাৰ লগতে গাড়ীৰ ইএমআই, ভাড়াঘৰৰ ধন, সন্তানৰ শিক্ষা আদিক লৈ এক অবৰ্ণনীয় চিন্তাত দিন কটাবলগীয়া হৈছে কেব চালকসকলে ।

উল্লেখযোগ্য যে, গুৱাহাটীত প্ৰায় ১৬ হাজাৰ কেব চালক আছিল যদিও সেই সংখ্যা হ্ৰাস হৈ বৰ্তমান প্ৰায় ৯ হাজাৰহে কেব চালক আছে । অৰ্থাৎ ৫০ ৰ পৰা ৬০ হাজাৰ লোকৰ কথা জড়িত হৈ আছে । এই কঠিন সময়খিনি যাতে কোনোমতে পাৰ কৰিব পাৰি তাৰ বাবে ভয়াৱহ আৰ্থিক সংকটত ভোগা কেব চালকসকলে চৰকাৰ তথা বিভিন্ন দল-সংগঠনৰ পৰা কিছু সহায়-সহযোগ কামনা কৰিছে । নহ’লে এই লোকসকলৰ বাবে জীৱন সংগ্ৰামত আগুৱাই যোৱাটোৱেই অসাধ্য হৈ পৰিব ।

অৱশ্যে শেহতীয়াকৈ দুই, এজন সদাশয় ব্যক্তি আগবাঢ়ি আহিছে কেব চালকসকলক সহায় কৰিবলৈ । কেব চালকসকলৰ সমস্যা সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা সদৌ অসম কেব মজদুৰ সংঘৰ উপদেষ্টাদ্বয় ধ্ৰুৱ ৰাজ অসম আৰু দিগন্ত নাথৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল । সাক্ষাৎকাৰত উপদেষ্টাদ্বয়ে প্ৰকাশ কৰিলে কেব চালকৰ মনৰ বেদনা ৷

লগতে পঢ়কঃ বিশ্ব পৰিৱেশ দিৱসত কি ক’লে বৃক্ষবন্ধু লীলা হাজৰিকাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.