ETV Bharat / state

দীৰ্ঘদিনৰ অন্তত গৰজি উঠিল আছু: ৰাজ্যজুৰি কা বিৰোধী প্ৰতিবাদ

author img

By

Published : Mar 20, 2021, 8:11 PM IST

শদিয়াৰ পৰা ধুবুৰীলৈ গুঞ্জৰিত হ'ল CAA আমি নামানো ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত এইদৰে পুনৰ সদৌ অসম ছাত্ৰ সন্থাই কঁপালে ৰাজ্যৰ আকাশ-বতাহ ৷ বহু দিনৰ বিৰতিৰ অন্তত গৰজি উঠিল আছু ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে শনিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিশাল বাইক ৰেলী বাহিৰ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে সদৌ অসম ছাত্ৰ সন্থা ৷

caa-protest-by-aasu
দীৰ্ঘদিনৰ অন্তত গৰজি উঠিল আছুঃৰাজ্যজুৰি কা বিৰোধী প্ৰতিবাদ

নিউজ ডেস্ক,20 মাৰ্চ: শদিয়াৰ পৰা ধুবুৰীলৈ গুঞ্জৰিত হ'ল CAA আমি নামানো ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত এইদৰে পুনৰ সদৌ অসম ছাত্ৰ সন্থাই কঁপালে ৰাজ্যৰ আকাশ-বতাহ ৷ বহু দিনৰ বিৰতিৰ অন্তত গৰজি উঠিল আছু ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে শনিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিশাল বাইক ৰেলী বাহিৰ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে সদৌ অসম ছাত্ৰ সন্থা ৷ কোনোপধ্যে জাতিধ্বংসী নাগৰিকত্ব আইন মানি লোৱা নহ'ব বুলি হুংকাৰ দি বিজেপি চৰকাৰে অসমীয়া জাতিৰ ভাষা ,সংস্কৃতি সকলো নিঃশেষ কৰি নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমত লাখ লাখ হিন্দু বাংলাদেশীৰ বোজা জাপি দিয়াৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ প্ৰতিবাদকাৰী আছু কৰ্মীৰ ৷

এই আইন বাতিল নোহোৱা পৰ্যন্ত কা বিৰোধী আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ আছুৰ ৷ ইপিনে প্ৰতিবাদকাৰী আছু কৰ্মীয়ে আগন্তুক নিৰ্বাচনত অসমৰ পৰা বিজেপি দলটোক পুলিয়ে পোখাই উঘালি পেলাবলৈও ৰাইজক আহ্বান জনায় । তদুপৰি আছুৰ এই আন্দোলন কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ আন্দোলন নহয় বুলি কৈ এই আন্দোলন অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী আছু কৰ্মীয়ে ৷

দীৰ্ঘদিনৰ অন্তত গৰজি উঠিল আছুঃৰাজ্যজুৰি কা বিৰোধী প্ৰতিবাদ

উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে চৰকাৰৰ বিৰুদ্ধে ৰাজ্যুজুৰি গণ হুংকাৰ, বজ্ৰনিনাদ আদিৰ দৰে কেইবালানিও আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল আছুৱে ৷ সেই আন্দোলনৰ ফলত বিজেপি বিৰোধী এক ঢৌৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল আছুৱে ৷ কিন্তু মূৰকত সেই আন্দোলন সম্পূৰ্ণৰূপে মষিমূৰ কৰিবলৈ সক্ষম হৈছিল বিজেপি চৰকাৰ ৷ শান্ত হৈ পৰিছিল আন্দোলন ৷ আনকি বিজেপি বিৰোধী যি ঢৌ, সেই ঢৌ নাইকিয়া কৰিবলৈও সক্ষম হৈছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে ৷ ইয়াৰ উপৰি কা আন্দোলনৰ গইনা লৈ ৰাজ্যত আত্মপ্ৰকাশ ঘটিছিল আঞ্চলিক দলৰো ৷ তেনেস্থলত প্ৰশ্ন হয়, নিৰ্বাচনৰ প্ৰাকমুৰ্হুতত CAA বিৰোধিতাৰে আছুৰ এনে প্ৰতিবাদে আগন্তুক নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক শলঠেকত পেলাবলৈ সক্ষম হ'বনে ? পুনৰ বিজেপি বিৰোধী ঢৌ সৃষ্টি কৰিবলৈ সক্ষম হ'বনে আছুৱে ? কা বিৰোধিতাৰে আছুৰ এই আন্দোলন আগন্তুক নিৰ্বাচনত সহায়ক হ'বনে আঞ্চলিক দলৰ বাবে ? সেয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়কঃ 2021 ৰ নিৰ্বাচন সন্দৰ্ভত কি ক'লে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.