ETV Bharat / state

হাতীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড ; হানি-খুঁচি হত্যা জৈয়নুদ্দিন আহমেদক

author img

By

Published : May 24, 2022, 11:12 AM IST

মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড
মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড(Sensational murder case in Guwahati) ৷ এইবাৰ হাতীগাঁও ফ্ৰেইণ্ডছ পথত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । ঘৰৰ ভিতৰতে কোনো দুৰ্বৃত্তই হানি-খুঁচি হত্যা কৰি থৈ যায় মৌলানা জৈয়নুদ্দিন আহমেদ কাছিমী নামৰ এজন লোকক ।

গুৱাহাটী, 24 মে’ : পুনৰ মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational murder case in Guwahati)। জাপৰিগোগ হত্যাকাণ্ড (Murder in Japarigog) ৰ চাঞ্চল্য মাৰ নৌযাওতেই হাতীগাঁও ফ্ৰেইণ্ডছ পথত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । ঘৰৰ ভিতৰতে দুৰ্বৃত্তই হানি-খুঁচি হত্যা কৰি থৈ যায় মৌলানা জৈয়নুদ্দিন আহমেদ কাছিমীক ।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, মৌলানা জৈয়নুদ্দিন আহমেদ কাছিমীৰৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছে । আনকি ঘৰৰ পিছফালৰ গ্ৰীল ভঙা অৱস্থাত পোৱা গৈছে ৷ স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি পিছফালৰ গ্ৰীল ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই । ঘৰৰ ভিতৰখনো চেদেলি-ভেদেলি হৈ থকাৰ লগতে খোলা আছে আলমিৰাৰ দৰ্জা ৷ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক : পোহৰলৈ আহিছে কৃষ্ণনগৰৰ বিক্ৰমপুৰত সংঘটিত হত্যাকাণ্ডৰ বহু ন ন তথ্য

জানিব পৰা মতে, আব্দুল হক নামৰ এগৰাকী অভিযন্তাৰ ঘৰত ৰখীয়া হৈ আছিল নিহত জৈয়নুদ্দিন । বৰ্তমান অভিযন্তাগৰাকী কৰ্মসূত্ৰে কিছুদিনৰ বাবে আছেগৈ হায়দৰাবাদত । বিগত 12-13 দিন ধৰি ৰখীয়া হৈ আছিল মৃত জৈয়নুদ্দিন । অইন দিনাৰ দৰে সোমবাৰে নিশা ঘৰৰ পৰা প্ৰায় 11.30 বজাত অভিযন্তাগৰাকীৰ ঘৰ ৰখিবলৈ গৈছিল হাতীগাঁৱৰ এখন গেলামালৰ দোকানত কৰ্মৰত মৌলানা জৈয়নুদ্দিনে ।

কিন্তু অতি ৰহস্যজনকভাৱে আব্দুল হকৰ ঘৰত কোনো দুৰ্বৃত্তই হত্যা কৰে মৌলানা জৈয়নুদ্দিনক ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ৷ ইফালে আৰক্ষী থানাৰ পৰা প্ৰায় ডেৰশ মিটাৰত এই হত্যাকাণ্ড সংঘটিত হোৱাত মহানগৰীৰ সধাৰণ জনতা বৰ্তমান কিমান সুৰক্ষিত তাক লৈও বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে ।

লগতে পঢ়ক : হত্যাকাণ্ড সংঘটিত হোৱা সময়ত মই শুই আছিলোঁ: ধৰণী ডেকাৰ পুত্ৰৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.