ETV Bharat / state

New book released in Guwahati: ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ "এছিয়ান গেমছত অসমৰ খেলুৱৈ" শীৰ্ষক গ্ৰন্থ উন্মোচন

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 8:55 PM IST

এছিয়ান গেমছত অসমৰ খেলুৱৈ শীৰ্ষক এক গ্ৰন্থ বুধবাৰে গুৱাহাটীত উন্মোচন কৰা হয় ৷ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচিত হয় বিপুল বৰ্মনে লিখা ক্ৰীড়া গ্ৰন্থখন ৷

Book on Players from Assam in Asian games
গ্ৰন্থ উন্মোচনী অনুষ্ঠান

এছিয়ান গেমছত অসমৰ খেলুৱৈ শীৰ্ষক গ্ৰন্থ উন্মোচন

গুৱাহাটী, ৪ অক্টোবৰ : ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ "এছিয়ান গেমছত অসমৰ খেলুৱৈ" শীৰ্ষক এক গ্ৰন্থ বুধবাৰে উন্মোচন কৰা হয় ৷ চীনৰ হংঝৌত চলি থকা উনবিংশতিতম এছিয়ান গেমছৰ মাজতে গুৱাহাটীৰ হোটেল গেটৱে গ্ৰেণ্ডুৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচিত হয় বিপুল বৰ্মনে লিখা ক্ৰীড়া গ্ৰন্থখন ৷

১৯৫১ চনৰ পৰা আৰম্ভ হোৱা এছিয়ান গেমছত ২০১৮ চন পৰ্যন্ত অসমৰ ১৯ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ৷ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ পৰা হিমা দাসলৈ মুঠ ১৯ গৰাকী এছিয়ান গেমছৰ খেলুৱৈৰ জীৱন কাহিনীক লৈ যুগুত কৰা সংকলনটো বুধবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰে ১৯৮৬ চনৰ ছিউল এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী শ্বুটাৰ জয়দ্বীপ দাস আৰু ১৯৮২ চনৰ এছিয়ান গেমছৰ খেলুৱৈ তৈয়বুন নিছাই ৷

অনুষ্ঠানটোত অতিথি হিচাবে উপস্থিত আছিল বিশিষ্ট ক্ৰীড়া সংগঠক ড৹ বিষ্ণুৰাম নুনিছা, ক্ৰীড়া সাংবাদিক জয়ন্ত কুমাৰ দাস, পাৰ্থ চক্ৰৱৰ্তী, পুলিন সাহা, বিশিষ্ট কাৰ্টুনিষ্ট প্ৰদীপ নাথ আৰু সফল চাইক্লিষ্ট প্ৰতিভু দত্ত ৷ আটাইকেইজন অতিথিয়ে ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনক প্ৰশংসা কৰে ৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিপুল বৰ্মনৰ উত্তৰ পূৰ্বাঞ্চলৰ মহান অলিম্পিয়ান সকল, হিমালয়ান স্কৰপি’অন বাইচুং ভূটীয়া, পূৰ্বোত্তৰৰ অৰ্জুন, অসমৰ পৰম্পৰাগত ক্ৰীড়া সংৰক্ষণ প্ৰকাশ পাইছিল ৷ এছিয়ান গেমছত অসমৰ খেলুৱৈ শীৰ্ষক ক্ৰীড়া গ্ৰন্থখন এঞ্জেল পাব্লিকেচনে প্ৰকাশ কৰিছে ৷ এইখন ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ পঞ্চমখন গ্ৰন্থ ৷

উল্লেখ্য যে, চীনৰ হাংঝৌ প্ৰদেশত অনুষ্ঠিত হৈছে 2023 বৰ্ষৰ এছিয়ান গেমছ ৷ বৰ্তমানলৈকে 78 টা পদক দখলেৰে পদক তালিকাৰ চতুৰ্থ স্থানত আছে ভাৰত ৷ ভাৰতে এতিয়ালৈকে 16 টা সোণ, 30 টা ৰূপ আৰু 32 টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷ এছিয়ান গেমছৰ 2023 বৰ্ষৰ সংস্কৰণত ভাৰতৰ হৈ অসমৰ 7 গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ৷ ইফালে এছিয়ান গেমছৰ মহিলা বক্সিংৰ 75 কেজি শাখাত বুধবাৰে ৰূপৰ পদক অৰ্জন কৰিছে অসম কন্যা তথা তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে ৷

লগতে পঢ়ক : Asian Games 2023 : এছিয়াডত ৰূপৰ পদক অৰ্জন লাভলীনা বৰগোহাঁইৰ; উৎফুল্লিত পৰিয়াল তথা ধনশিৰিবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.