ETV Bharat / state

BJYM announces fortnight-long seva campaign: সেৱা পষেক উপলক্ষে ৰাজ্যজুৰি বি‌‌জেপি যুৱ মৰ্চাৰ ৰক্তদান শিৱিৰৰ আয়োজন

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 8:31 PM IST

BJYM announces fortnight-long seva campaign
সেৱা পষেক উপলক্ষে ৰাজ্যজুৰি বি‌‌জেপি যুৱ মৰ্চাৰ ৰক্তদান শিৱিৰৰ আয়োজন

প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে ৰাজ্যখনৰ ৩৯খন সাংগঠনিক জিলাতে ৰক্তদান শিৱিৰ আৰু স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ন কৰিব ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশে । ইয়াৰে লগত সংগতি ৰাখি আজি হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাই এক ৰক্তদান শিবিৰৰ আয়োজন কৰে ৷ এই ৰক্তদান শিবিৰত মহানগৰ জিলা যুৱ মৰ্চাৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মাসহ প্ৰায় অৰ্ধশতাধিক যুৱক-যুৱতীয়ে ৰক্তদান কৰে ।

সেৱা পষেক উপলক্ষে ৰাজ্যজুৰি বি‌‌জেপি যুৱ মৰ্চাৰ ৰক্তদান শিৱিৰৰ আয়োজন

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ: ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশে ৰাজ্যখনৰ ৩৯খন সাংগঠনিক জিলাতে ৰক্তদান শিৱিৰ আৰু স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ন কৰিব । যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই সোমবাৰে হেঙেৰাবাৰীস্থিত গুৱাহাটী মহানগৰৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই‌ কথা সদৰী কৰে ।‌

সংবাদমেলত যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ জীৱনকাল কেৱল সেৱা আৰু সংঘৰ্ষৰে পৰিপূৰ্ণ ৷ এনে এজন ব্যক্তিৰ জন্মদিন পালনৰ বাবে সেৱামূলক কাৰ্যসূচীৰ বাহিৰে কোনো বিকল্প নাই ৷ যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে প্ৰতিবছৰৰ দৰে এইবছৰো ভাৰতীয় যুৱ মৰ্চাই সেৱা পষেক পালনৰ সিদ্ধান্ত লৈছে ৷

সেই অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ গান্ধী-জয়ন্তীলৈকে যুৱ মৰ্চাই কেতবোৰ সেৱা-মূলক কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত লৈছে । যুৱ মৰ্চাই ৰাজ্যৰ ৩৯ খন সাংগঠনিক জিলাতে চাৰি হেজাৰ ইউনিটতকৈও অধিক ৰক্ত সংগ্ৰহৰ লক্ষ্যৰে ৰক্তদান শিৱিৰৰ আয়োজন কৰিব । এই পষেকটোতে যুৱ মৰ্চাই ৰাজ্যৰ ঐতিহাসিক, গৌৰৱময়ী স্থানসমূহত স্বচ্ছতামূলক কাৰ্যসূচীও ৰূপায়ন কৰিব ।

ইয়াৰে লগত সংগতি ৰাখি হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত আজি গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাই এক ৰক্তদান শিবিৰৰ আয়োজন কৰে ৷ এই ৰক্তদান শিবিৰত মহানগৰ জিলা যুৱ মৰ্চাৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মাসহ প্ৰায় অৰ্ধশতাধিক যুৱক-যুৱতীয়ে ৰক্তদান কৰে । অনুষ্ঠানৰ শুভাৰম্ভণি অনুষ্ঠানত ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা, ৰাজ্যিক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক তাপস কলিতা, মিডিয়া আহ্বায়ক বিশ্বজিৎ খাউণ্ড, গুৱাহাটী মহানগৰ জিলা বিজেপিৰ সভাপতি তপন দাস উপস্থিত থাকে ।

লগতে পঢ়ক: 73rd birthday of PM Modi: ২০২৪ ৰ নিৰ্বাচত অসমৰ ১১ খন আসন লাভ কৰিব BJP য়ে; প্ৰদান বৰুৱাৰ দৃঢ়তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.