ETV Bharat / state

BJP press conference on child marriage: বাল্যবিবাহৰ বিৰুদ্ধে চলা আৰক্ষীৰ অভিযানক সমৰ্থন ৰাজ্যিক বিজেপিৰ

author img

By

Published : Feb 3, 2023, 7:52 PM IST

বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যত চলা অভিযানক সমৰ্থন জনাইছে ভাৰতীয় জনতা পাৰ্টিয়ে(BJP press conference on child marriage) ৷ এই অভিযানক স্বাধীনোত্তৰ ভাৰতৰ বৃহৎ সামাজিক অভিযান আখ্যা ৰাজ্যিক বিজেপিৰ ৷ এই প্ৰক্ৰিয়াই নাৰী সবলীকৰণ, শিশু শিক্ষা, শিশু স্বাস্থ্য আৰু সামাজিক ভাৰসাম্য উপৰিও সমাজত এটা সুস্থ পৰিবেশ গঢ়ি তুলিব বুলি আশা ব্যক্ত কৰে বিজেপিৰ ৰাজ্যিক নেতৃত্বই ।

BJP press conference on child marriage
ভাৰতীয় জনতা পাৰ্টিৰ সংবাদমেল

ভাৰতীয় জনতা পাৰ্টিৰ সংবাদমেল

গুৱাহাটী, ৩ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ অভিযান চলোৱা হ’ব বুলি ঘোষণা কৰিছিল(Assam drive against child marriage) । তাৰ পিছতে বৃহস্পতিবাৰৰ নিশাৰে পৰা অসম আৰক্ষীয়ে জিলাই জিলাই অভিযান চলাই কেইবাশ অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিছে । অসম আৰক্ষীৰ এই প্ৰক্ৰিয়াক সমৰ্থন জনাইছে ভাৰতীয় জনতা পাৰ্টিয়ে(BJP press conference on child marriage) ।

আজি বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মা আৰু জুৰি শৰ্মা বৰদলৈয়ে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায় । সংবাদমেলত ৰঞ্জীব কুমাৰ শৰ্মাই কয়, "বাল্যবিবাহ সন্দৰ্ভত নিশাৰ ভিতৰত কেইবা শতাধিক অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰা প্ৰক্ৰিয়াক ভাৰতীয় জনতা পাৰ্টিয়ে সমৰ্থন জনাইছো । এই প্ৰক্ৰিয়াই নাৰী সবলীকৰণ, শিশু শিক্ষা, শিশু স্বাস্থ্য আৰু সামাজিক ভাৰসাম্য উপৰিও সমাজত এটা সুস্থ পৰিবেশ গঢ়ি তুলিব । মহিলাক‌ আমি অৰ্ধ-আকাশ বুলি গণ্য কৰো" ।

লগতে পঢ়ক: AAMSU reaction on Child marriage: চৰকাৰক সমৰ্থন জনাই বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ আহ্বান আমছুৰ

তেওঁ আৰু কয়, "বাল্যবিবাহ মহিলা সবলকৰণৰ মাজত এটা প্ৰধান অন্তৰায় আছে । এই অন্তৰায় দূৰ কৰি মহিলাসকলৰ সুৰক্ষা, স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে আগুৱাই নিব বিচাৰিছে । এক সামাজিক আন্দোলনৰ নেতৃত্ব দিছে মুখ্যমন্ত্ৰীয়ে । স্বাধীনোত্তৰ ভাৰতত ইমান বৃহৎ সামাজিক অভিযান হয়তো ইয়াৰ আগত হোৱা নাছিল । দেশ স্বাধীন হোৱাৰ পূৰ্বে ৰাজা ৰামমোহন ৰায়ে বিধবা বিবাহৰ বিৰুদ্ধে আন্দোলন কৰি মানুহক সজাগ কৰি মহিলা সবলীকৰণৰ বলিষ্ঠ পদক্ষেপ লৈছিল ।"

ইফালে উক্ত সংবাদমেলতে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই বিজেপিৰ মুখপাত্ৰ জুৰি শৰ্মা বৰদলৈ কয় যে মহিলাসকল পানীৰ নিচিনা, যি পাত্ৰতে থয় তাৰে গঢ় লয় । নীতি নিয়ম বহুত বনাইছিল কিন্তু পদক্ষেপ লোৱা নাছিল । কোনো জাতি-ধৰ্মক আঘাত কৰিবলৈ এই পদক্ষেপ নহয় । যদিহে বিৰোধীয়ে ইয়াৰ বিৰুদ্ধে মাত মাতে তেন্তে তেওঁলোক সমাজ বিৰোধী বা দেশ বিৰোধী, বিজেপি বিৰোধী নহয় । যি ধৰ্মৰে নহঁওক কিয় এগৰাকী যুৱতী ১৪ বছৰৰ তলত বিবাহপাশত আবদ্ধ হয় সেয়া POCSO আইনৰ অধীনত পৰে । POCSO ৰ অধীনত গ্ৰেপ্তাৰ হোৱা অবৈধ স্বামীসকলৰ পত্নীয়ে পাব চাউল আৰু অৰুণোদয় আঁচনিৰ ধন ।

লগতে পঢ়ক: Operation against child marriage: বাল্যবিবাহৰ বিৰুদ্ধে যুযুধান অসম আৰক্ষী; ২০৪৪ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.