ETV Bharat / state

BJP Press Meet in Guwahati: আজমলে মিঞা শব্দটো অসমক জাপি দিব বিচাৰিছে ; অসম বিজেপি

author img

By

Published : Jul 13, 2023, 4:45 PM IST

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ এ আই ইউ ডি এফ-কংগ্ৰেছক তীব্ৰ সমালোচনা । বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা কংগ্ৰেছে গান্ধী পৰিয়ালৰ বাহিৰে আনক চিনি নাপাই বুলি সংবাদমেলত কটাক্ষ কৰে । আনহাতে আজমল যে এজন অসমীয়া নহৈ এজন মিঞা তাকেই প্ৰমাণ কৰিছে ৷

Press Meet of BJP state spokesperson in Guwahati
ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত সংবাদমেল

ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত সংবাদমেল

গুৱাহাটী, ১৩ জুলাই: বৃহস্পতিবাৰে এ আই ইউ ডি এফ সভাপতি মৌলানা বদৰুদ্দিন আজমলক অসমীয়াৰ সংজ্ঞা সন্দৰ্ভত উভতি ধৰিলে অসম ৰাজ্যিক বিজেপিয়ে ৷ আজমলে অসমীয়াৰ সংজ্ঞা সন্দৰ্ভত কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই কয় যে অসম আৰু অসমীয়া হৈছে এক পৰিপূৰক শব্দ । অসমীয়া মানুহৰ আৰবীয় সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নাই । বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই এইদৰে মন্তব্য় আগবঢ়ায় ।

আজমলে মিঞা শব্দটো অসমক জাপি দিব বিচাৰিছে । এই কথাই আজমল যে এজন অসমীয়া নহৈ এজন মিঞা তাকেই প্ৰমাণ কৰিছে বুলি তেওঁ মন্তব্য় কৰে । ভাৰতীয় জনতা পাৰ্টী যেতিয়ালৈ থাকিব তেতিয়ালৈ আজমলে কেতিয়াও মূৰ দাঙি উঠিব নোৱাৰে বুলি কয় বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই ।

আনহাতে আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত উক্ত সংবাদমেলত কংগ্ৰেছ দলকো চোকা সমালোচনাৰে থকা সৰকা কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে ৷ "কংগ্ৰেছ দলে কেৱল গান্ধী পৰিয়ালৰ বাহিৰে আন একো চিনি নাপাই । কংগ্ৰেছ দলৰ মূল উদ্দেশ্যই হৈছে গান্ধী পৰিয়ালৰ সুৰক্ষা আৰু সংৰক্ষণ ।" এই মন্তব্য় বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ ।

সংবাদমেলত তেওঁ কয় যে কংগ্ৰেছ দলে আজিকালি গণতন্ত্ৰৰ ৰক্ষাৰ কথা কয় । কিন্তু আদালতে কংগ্ৰেছৰ পক্ষত ৰায়দান নকৰা বাবে আদালতৰ বিৰুদ্ধে আন্দোলন কৰি আছে কংগ্ৰেছে । কংগ্ৰেছ ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ হত্যাকাৰী দল বুলি মন্তব্য় কৰে । বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই পুনৰ কয় যে পূৰ্বেও কংগ্ৰেছে গণতন্ত্ৰক ভৰিৰে মোহাৰি বহুবাৰ হত্যা কৰিছে ।

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰজন পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো সৰৱ হৈ পৰে । তেওঁ পশ্চিম বংগত নিৰ্বাচন প্ৰসংগতো মন্তব্য কৰি তেওঁ কয় যে পশ্চিম বংগত গণহত্যা কৰা হৈছে । তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে কংগ্ৰেছ কৰ্মীক হত্যা কৰিছে, কিন্তু এই ক্ষেত্ৰত কংগ্ৰেছে কোনো বিৰোধিতা কৰা নাই ।

লগতে পঢ়ক:Flood in Lakhimpur: অপৰিৱৰ্তিত লখিমপুৰৰ বান পৰিস্থিতি; মূষলধাৰ বৰষুণে জটিল কৰি তুলিছে পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.