ETV Bharat / state

গণেশগুৰিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

author img

By

Published : Feb 2, 2021, 3:51 PM IST

গুৱাহাটীত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস ৷

bjp-new-office-open-in-ghy-geneshguri
গণেশগুৰিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

গুৱাহাটী, 2 ফেব্ৰুৱাৰী : বিধানসভা নিৰ্বাচনৰ কামকাজ সমূহ যাতে সুচাৰুৰূপে পৰিচালনা কৰিব পৰা যায় তাৰ বাবে গুৱাহাটীৰ গণেশগুৰিত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰা হয় ৷ ভৱন উদ্বোধনী অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ মাহেকীয়া মুখপাত্ৰ "অসমীয়া বিজেপি বাৰ্তা"ৰ 50 সংখ্যক সংস্কৰণ উন্মোচন কৰা হয় ।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ মন্তব্য

অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকল উপস্থিত আছিল ।

অনুষ্ঠানত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰি কয় যে, নিৰ্বাচনৰ প্ৰাকক্ষণত কাৰ্যালয়টো মুকলি কৰা হৈছে ৷ নিৰ্বাচন সংক্ৰান্তীয় সকলো কামকাজ এই স্থানৰ পৰা পৰিচালিত কৰা হ'ব ৷ ইফালে, নিৰ্বাচনৰ প্ৰাৰ্থীক লৈ ৰাষ্ট্ৰীয় দলে 3 টা চাৰ্ভে আৰু ৰাজ্যিক দলে 1 টা চাৰ্ভে কৰিব ৷ তাৰ পিছত প্ৰতিটো সমষ্টিৰ পৰা 3 গৰাকীকৈ প্ৰাৰ্থীৰ নাম প্ৰেৰণ কৰা হ'ব বুলি মন্তব্য ৰণজিৎ কুমাৰ দাসৰ ৷

লগতে পঢ়ক : 2021-22 বৰ্ষৰ বাজেট ব্যৱহাৰিক আৰু উন্নয়নসমূলক: সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.