ETV Bharat / state

অথঃ কয়লা সংবাদঃ ''প্ৰব্ৰজনকাৰী মুছলমানৰ কোলাৰ কেঁচুৱা প্ৰদ্যুৎ বৰদলৈ''

author img

By

Published : Oct 3, 2019, 6:46 PM IST

প্ৰব্ৰজনকাৰী মুছলমানৰ কোলাৰ কেঁচুৱা প্ৰদ্যুৎ বৰদলৈ : মুমুনিল আৱাল

প্ৰদ্যুৎ বৰদলৈৰ বিস্ফোৰক মন্তব্যৰ পিচতেই মুমুনিল আৱালৰ প্ৰতিক্ৰিয়া ৷ সংবাদমেল আয়োজন কৰি কংগ্ৰেছৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক চোকা সমালোচনা অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমুনিল আৱালৰ ৷

গুৱাহাটী, 3 অক্টোবৰঃ কয়লা ছিণ্ডিকেটকলৈ প্ৰদ্যুৎ বৰদলৈৰ বিস্ফোৰক মন্তব্যৰ পিচতেই মুমুনিল আৱালৰ প্ৰতিক্ৰিয়া ৷ বৃহস্পতিবাৰে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ গুৱাহাটীস্থিত মূখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছৰ নগাঁৱৰ সংসদ প্ৰদ্যুৎ বৰদলৈক চোকা সমালোচনা কৰে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমুনিল আৱালে ৷

আৱালে কয়,

‘‘কয়লা খননত শ্ৰমিকৰ মৃত্যু হ’লে সাংবাদিকে বাতৰি গাপ দিয়াৰ বাবদ এক লাখকৈ টকা পোৱা কথা কোৱাটো দুৰ্ভাগ্যজনক । কোন সংবাদিকে, কোন শ্ৰমিকৰ মৃত্যুত টকা লাভ কৰিছেল ? সাংবাদিকে কোন উৎসৰ পৰা টকা পাই সেই তথ্য সাংসদ প্ৰদ্যুৎ বৰদলৈয় ৰাজহুৱা কৰক ৷ ’’

প্ৰব্ৰজনকাৰী মুছলমানৰ কোলাৰ কেঁচুৱা প্ৰদ্যুৎ বৰদলৈ : মুমুনিল আৱাল

লগতে কয়, প্ৰদ্যুৎ বৰদলৈয় এতিয়া শয়নে-সপোনে কেৱল কয়লাহে দেখি আছে । এটা সময়ত কয়লাৰ চোৰাং বজাৰৰ প্ৰদ্যুৎ বৰদলৈয়ে সম্ৰাট আছিল যাৰ বাবে আজিও তেওঁ কয়লাৰ কলা বেপাৰৰ মোহ এৰিব নোৱাৰি ভুল বকিব ধৰিছে বুলি উল্লেখ কৰে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মুমুনিল আৱালে ৷ প্ৰব্ৰজনকাৰী মুছলমানৰ কোলাৰ কেঁচুৱা প্ৰদ্যুৎ বৰদলৈ যাৰ বাবে কয়লাকলৈ তুমি মোৰ মাথো কৰি আছে বুলি তীক্ষ্ম কটাক্ষ কৰে আৱালে । কয়লা ছিণ্ডিকেটকলৈ প্ৰদ্যুৎ বৰদলৈয়ে কি কৈছিল শুনক-

কয়লা ছিণ্ডিকেটকলৈ প্ৰদ্যুৎ বৰদলৈৰ বিস্ফোৰক মন্তব্য
Intro:প্ৰবজানকাৰী মুছলমানৰ কোলাৰ কেচুৱা প্ৰদ্যুত বৰদলৈয় : মুমুনিল আৱাল


Body:অসম সংখ্যালঘু উন্নন বৰ্ডৰ অধ্যাক্ষ মুমুনিল আৱালয়ে বৃস্পতিবাৰে অসম সংখ্যালঘু উন্নন বৰ্ডৰ গুৱাহাটীস্থিৰ মূখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছৰ নগাঁৱৰ সংসদ প্ৰদ্যুত বৰদলৈক চোকা সমালোচনা কৰে। আৱালয়ে কয় যে কয়লা খননত শ্ৰমিকৰ মৃত্যু হলে সংবাদিকে প্রতি মৃত্যু হোৱা শ্ৰমিকৰ বেপাৰীত এক এক লাখকৈ লোৱা বুলি কোৱাতো দুৰ্ভাগ্যজনক। কোন সংবাদিকে কোন শ্ৰমিকৰ মৃত্যু এক লাখকৈ টকা লাভ কৰিছেল? সংবাদিকে উৎসৰ পৰা টকা পাই সেই তথ্য সংসদ প্ৰদ্যুত বৰদলৈয় ৰাজহুৱা কৰক। প্ৰদ্যুত বৰদলৈয় এতীয়া শয়নে সপোনে কেৱল কয়লাহে দেখি আছে। এটা সময়ত কয়লাৰ চোৰাং বজাৰৰ প্ৰদ্যুত বৰদলৈয়ে সম্ৰাট আছিল যাৰ বাবে আজিও তেওঁ কয়লাৰ কলা বেপাৰৰ মোহ এৰিব নোৱাৰি ভুল বকিব ধৰিছে। প্ৰবজানকাৰী মুছলমানৰ কোলাৰ কেচুৱা প্ৰদ্যুত বৰদলৈয় যাৰ বাবে কয়লাকলৈ তুমি মোৰ মাথো কৰি আছে।


Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.