ETV Bharat / state

আজমলহঁতৰ মাজত আছে চোৰ-ডকাইত-জেহাদী: মন্ত্ৰী পীযুষৰ ব্যাখ্যা

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 8:10 PM IST

Badruddin Ajmal controversy
Badruddin Ajmal controversy

“আজমল এটা প্ৰতীক, আজমলৰ প্ৰতীকেৰে অসমত বহুত মানুহ আছে ৷ এই 'আজমলহঁত’ৰ মাজত লাভ জেহাদী, ভূমি জেহাদী, ডকাইত, চোৰৰ সংখ্যাই বেছি আছে ৷ সকলোৱে একলগ হৈ 'আজমলহঁত’ৰ পৰা আমি অসমীয়া জাতিটোক বচাব লাগিব ৷’’ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

আজমলহঁত কোন ?

গুৱাহাটী, ১৭ নৱেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 'আজমলহঁত’ বুলি কৰা মন্তব্যই ৰাজ্যৰ ৰাজনীতিত বিতৰ্কৰ সূত্ৰপাত ঘটাইছে । এইবাৰ মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলাই 'আজমলহঁত’ৰ ব্যখ্যা আগবঢ়াইছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰী পীযুষ হাজৰীকাই । ‘‘আজমলৰ প্ৰতীকেৰে অসমত বহুত মানুহ আছে । তাৰ মাজত লাভ জেহাদী আছে, লেণ্ড জেহাদী আছে, ডকাইত আছে, চোৰো আছে ।’’ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ।

সম্প্ৰতি চৰ্চা লাভ কৰা এটা বিষয় 'আজমলহঁত’ । এই আজমলহঁত কোন বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে এনেদৰে মন্তব্য কৰি কয়, “আজমল এটা প্ৰতীক । মুখ্যমন্ত্ৰীয়ে কৈছে যে আজমল এটা প্ৰতীক । এই 'আজমলহঁত’ত মাটি দখল কৰা মানুহ আছে । আমাৰ যিটো লেণ্ড জেহাদ বুলি কয়, লাভ জেহাদ বুলি কয়, সেইবোৰ আজমলহঁতত আছে ।”

মন্ত্ৰীগৰাকীয়ে আৰু কয়, ‘‘আজমল বিষয়টোত খিলঞ্জীয়া মুছলমানসকলৰ কথা অহা নাই । কিন্তু আমি আকৌ কৈছে যে এই আজমলহঁত, অৰ্থাৎ যিখিনি মানুহ লাভ জেহাদী, ভূমি জেহাদী, চোৰ-ডকাইত তেওঁলোকক আমি কঠোৰ হাতেৰে দমন কৰিছো । এই আজমলৰ প্ৰতীকত আব্দুল খালেকো আছে, বাংলাংদেশীয় মূলৰ মানুহখিনিৰ মাজতেই লাভ জেহাদী আছে, ভূমি জেহাদী আছে, চোৰ-ডকাইতৰ সংখ্যা বেছি আছে’’ বুলি মন্ত্ৰীগৰাকীয়ে পুনৰ কয় ।

আজমলে অসমীয়াৰ স্বাভিমান চেলেং চাদৰ দলিয়াই দিয়াৰ পিছত এই সন্দৰ্ভত একো প্ৰতিক্ৰিয়া এতিয়ালৈকে দিয়া নাই । এই প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ মন্ত্ৰীগৰাকীয়ে কয়, “আপোনালোকে প্ৰতিক্ৰিয়া বিচাৰে কিয় ? আপোনালেকে বদৰুদ্দিন আজমলক ডাঙৰ মানুহ সজাই দিয়ে, কেতিয়াবা তেওঁ ক’ৰবাত ১ লাখ টকা এটা দি আহিলে আমিয়ে তেওঁক ভগৱান সজাই দিওঁ । সেইটো কৰিয়ে আমি জাতিটো নষ্ট কৰি আছো ।’’

‘‘আজমলৰ লগত আমাৰ কোনো মতলব নাই । আজমল যদি সুমেৰুত, আমি কুমেৰুত । এটা কথা ঠিক যে 'আজমলহঁত’ৰ পৰা আমি অসমীয়া জাতিটো বাচিব লাগিব । তাৰ কাৰণে আমি সকলোৱে একলগ হ’ব লাগিব ।’’ মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে মুখ্যমন্ত্ৰীয়ে বুজাই দিছে যে 'আজমলহঁত’ৰ মাজত কোন কোন আছে । আজমলহঁতৰ মাজত বাংলাদেশীয় মূলৰ মুছলমান আছে । এইদৰে বদৰুদ্দিন আজমলক সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Minister Piyush Hazarika in Udalguri: আজমলৰ নিজৰে সন্মান নাই: পীয়ুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.