ETV Bharat / state

BJP election meeting in Guwahati:কংগ্ৰেছৰ দখলত থকা সমষ্টিত বিজেপিৰ বিস্তাৰক সভা

author img

By

Published : Jun 20, 2023, 3:29 PM IST

উত্তৰ পূবৰ ৯ টা লোকসভা সমষ্টিৰ বিস্তাৰকৰ সভা আৰু কৰ্মশালা সম্পন্ন । এই কৰ্মশালাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

CM Himanta Biswa Sarma at BJP office
লোকসভা সমষ্টিৰ বিস্তাৰকৰ সভা

লোকসভা সমষ্টিৰ বিস্তাৰকৰ সভা

গুৱাহাটী, ২০ জুন: লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা বছৰ । সেয়েহে ব্যস্ততা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ । ঘনে ঘনে আয়োজন কৰিছে সভা, বিভিন্ন পৰ্যায়ৰ বৈঠক । সোমবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় উত্তৰ পূবৰ ৯ টা লোকসভা সমষ্টিৰ বিস্তাৰকৰ সভা আৰু কৰ্মশালা ।

এই কৰ্মশালাত সোমবাৰে বিয়লি উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । কৰ্মশালাৰ অন্তত সাংবাদিকৰে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কয়," উত্তৰ পূবৰ ৯ টা লোকসভা সমষ্টিৰ বিস্তাৰক সকলৰ কৰ্মশালা আছিল । মোক এই কৰ্মশালাত বক্তব্য ৰাখিবলৈ মাতিছিল ।"

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত কয় যে উত্তৰ পূৰ্বাঞ্চলৰ অন্য সমষ্টিৰ লগতে কংগ্ৰেছৰ দখলত থকা নগাঁও, কলিয়াবৰ, বৰপেটাতো বিস্তাৰক সভা অনুষ্ঠিত হৈ আছে । ইপিনে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ অহা সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য় আগবঢ়ায় । তেওঁ কয় যে গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ অহাৰ দিনা ঈদ আছে । সেই কাৰণে সময়ৰ কিছু সাল সলনি হ'ব বুলিও মন্তব্য় কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে দেওবাৰে উত্তৰ গুৱাহাটীলৈ গৈ থাকোতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতলৰ সন্মুখত এজন ল'ৰাক দেখা পাই । ল'ৰাজনে চকুৰ চিকিৎসা কৰি বাছ আস্থানত ৰৈ আছিল । তেনে সময়তে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ বাহন ৰখাই ল'ৰাজনৰ লগত কথা পাতে । এই সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ,"মই উত্তৰ গুৱাহাটীলৈ গৈ থকা সময়ত ল'ৰা এজনক দেখা পালো । চকুৰ অলপ সমস্য়া আছিল । তেওঁৰ সৈতে কথা পাতিছো । মই ফোন নম্বৰো লৈছো । বোকাখাতৰো তেনেকুৱা এজন ল'ৰা আছিল । যাৰ চকুৰ ওপৰঞ্চি মাংস ওলাই আহিছিল । আজিৰ ল'ৰাজনৰ ইমান মাংস ওলাই অহা নাই‌ । চিকিৎসা মহাবিদ্যালত চিকিৎসা কৰিছে যদিহে ভাল নহয়, মই বাহিৰলৈ পঠাই দিম ।"

লগতে পঢ়ক:Reshuffle in Dispur : দিছপুৰত খোপনি পুঁতি থকাৰ দিন উকলিল বিষয়া-কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.