ETV Bharat / state

বিৰোধীৰ মিত্ৰতা অসমৰ বাবে অশুভ সংকেত: ৰাজ্যিক বিজেপি

author img

By

Published : Feb 25, 2021, 1:33 PM IST

বিৰোধীৰ মিত্ৰতা অসমৰ বাবে অশুভ সংকেতঃ ৰাজ্যিক বিজেপি
বিৰোধীৰ মিত্ৰতা অসমৰ বাবে অশুভ সংকেতঃ ৰাজ্যিক বিজেপি

অসমক শােষণ, বঞ্চনা আৰু লুণ্ঠনেৰে ইতিহাস ৰচনা কৰা কংগ্ৰেছী নেতাসকলে উন্নয়নৰ কাম-কাজসমূহ সঠিককৈ হৃদয়ংগম কৰিব পৰা নাই । কংগ্রেছী নেতাসকলে এতিয়া “অসম বচাওঁ” বুলি বদৰুদ্দিন আজমলৰ শৰণাপন্ন হৈ আমাৰ চৰকাৰৰ ভাল কাম সমূহৰ অপব্যাখ্যা আৰু অপপ্রচাৰ চলাই সু-পৰিকল্পিতভাৱে ৰাইজক বিভ্রান্ত কৰাৰ অপচেষ্টাত লিপ্ত হৈছে" । এই মন্তব্য ভাৰতীয় জনতা পার্টী অসম প্ৰদেশৰ মুখ্য মুখপাত্র ৰূপম গােস্বামীৰ ৷

গুৱাহাটী,25 ফেব্ৰুৱাৰীঃ "কংগ্ৰেছৰ দীর্ঘদিনীয়া প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্র মােডীৰ নেতৃত্বাধীন ভাৰতীয় জনতা পার্টীৰ চৰকাৰে অসমৰ সৰ্বাংগীণ উন্নয়নৰ দিশত অভূতপূর্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । সেয়েহে কংগ্ৰেছী নেতাসকলৰ মুখত কেন্দ্রীয় চৰকাৰৰ বঞ্চনাৰ কথা শােভা নাপায় । অসমক শােষণ, বঞ্চনা আৰু লুণ্ঠনেৰে ইতিহাস ৰচনা কৰা কংগ্ৰেছী নেতাসকলে উন্নয়নৰ কাম-কাজসমূহ সঠিককৈ হৃদয়ংগম কৰিব পৰা নাই । কংগ্রেছী নেতাসকলে এতিয়া “অসম বচাও” বুলি বদৰুদ্দিন আজমলৰ শৰণাপন্ন হৈ আমাৰ চৰকাৰৰ ভাল কাম সমূহৰ অপব্যাখ্যা আৰু অপপ্রচাৰ চলাই সু-পৰিকল্পিতভাৱে ৰাইজক বিভ্রান্ত কৰাৰ অপচেষ্টাত লিপ্ত হৈছে" । বুধবাৰে ৰাজ্যিক বিজেপিৰ খানাপাৰাস্থিত নির্বাচনী সংবাদকোষৰ কাৰ্যালয়ত এক সংবাদমেল সম্বােধন কৰি ভাৰতীয় জনতা পার্টী, অসম প্ৰদেশৰ মুখ্য মুখপাত্র ৰূপম গােস্বামী আৰু মুখপাত্র সুভাষ দত্তই সংবাদ মাধ্যমত বক্তব্য দাঙি ধৰি এনেদৰে কয় ।

বিৰোধীৰ মিত্ৰতা অসমৰ বাবে অশুভ সংকেতঃ ৰাজ্যিক বিজেপি

মুখ্য মুখপাত্র ৰূপম গােস্বামীয়ে সংবাদমেল যােগে প্রকাশ কৰে যে, ভাৰতীয় জনতা পার্টী কেন্দ্রীয় নেতৃত্বৰ অসমলৈ আগমন ঘটিলেই অসম প্রদেশ কংগ্ৰেছৰ আতংকত ভূগি প্রলাপ বকিব আৰম্ভ কৰে । এনে হােৱাটো স্বাভাৱিক বুলি কৈ গােস্বামীয়ে কয়, কংগ্ৰেছৰ ৬০ টা বছৰ আৰু ভাৰতীয় জনতা পার্টীৰ চাৰে ছয় বছৰ তুলনা কৰি চালে কংগ্ৰেছৰ ৬০ বছৰত দুর্বলতা, অপশাসন, স্থৱিৰ উন্নয়ন ব্যৱস্থাৰ প্রতিচ্ছবিখন প্রতিফলিত হােৱাৰ বিপৰীতে, ভাৰতীয় জনতা পাৰ্টীৰ চাৰে ছয় বছৰ শাসনকালত ভাৰতবৰ্ষৰ জনসাধাৰণে পূর্বৰে পৰা ভুগি অহা সমস্যা সমূহৰ পৰিসমাপ্তি ঘটাই সমাজৰ সৰ্বস্তৰৰ ৰাইজৰ সৰ্বাংগীণ উন্নয়ন হােৱা ছবিখন প্রতিফলিত হয় । কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, এ আই ইউ ডি এফ, চি পি আই সকলাে দলকে একেডাল জৰীৰে বন্ধা বুলি অভিহিত কৰি ৰূপম গােস্বামীয়ে কয় ৷ ভাৰতীয় জনতা পার্টীৰ ৪২ লাখ কার্যকর্তা, ৬০০০ শক্তিকেন্দ্ৰৰ আহ্বায়ক, ৪০০ টা মণ্ডল, ৩ লক্ষ পৃষ্ঠা প্রমুখ আৰু ৩৯ খন সাংগঠনিক জিলা আছে, ৰাজ্যিক বিজেপিৰ এই বৃহৎ সাংগঠনিক শক্তিৰ সন্মুখত কোনাে বিৰােধীয়ে টিকি থাকিব নােৱাৰে । সমাগত বিধানসভা নির্বাচনত কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, এ আই ইউ ডি এফ, চি পি আইৰে গঠিত একতাৰ জৰীডাল অতি দুখলগাকৈ বিধ্বস্ত হ’ব ।

আজিৰ সংবাদমেলত অসম চুক্তিৰ সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্য মুখপাত্ৰজনে কয়, ৩০ বছৰে কাগজৰ পৃষ্ঠাত সােমাই থকা অসম চুক্তিক ভাৰতীয় জনতা পার্টীয়েহে সংসদৰ মজিয়ালৈ উলিয়াই আনিবলৈ সক্ষম হৈছে । অসম আন্দোলনৰ ফলশ্ৰুতিত স্বাক্ষৰিত হােৱা অসম চুক্তিৰ সন্দৰ্ভত বিজেপিক সঘনাই সমালােচনা কৰি থকা বিৰােধী দলক কটাক্ষ কৰি গােস্বামীয়ে কয় যে, ৰাইজৰ দলৰ উপদেষ্টা হীৰেণ গোঁহাইয়ে অসম আন্দোলনৰ বিৰােধিতা কৰিছিল আৰু এই ৰাইজৰ দলৰ লগতে অসম আন্দোলনৰ গুৰি ধৰােতা সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰসত জন্ম লাভ কৰা অসম জাতীয় পৰিষদে কেৱল মাত্র শাসনৰ লোভৰ বাবে নির্বাচন খেলিবলৈ হাত মিলাইছে ৷ এয়া অসমৰ ৰাইজৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক । ইয়াৰ বিপৰীতে ভাৰতীয় জনতা পার্টীয়ে অসম আন্দোলনৰ কৰাই নহয়, আন্দোলনৰ প্রতি সঁহাৰি জনাই সেই সময়ত একমাত্ৰ ৰাজনৈতিক দল হিচাপে নির্বাচন বর্জন কৰিছিল । অসম আন্দোলনত শ্বহীদ হােৱা ৮৫৫ জন তেজাল যুৱকক দায়িত্ব হীৰণে গােঁহাইয়ে ল’ব লাগিব বুলি মন্তব্য কৰি ৰূপম গােস্বামীয়ে কয় যে, অসম আন্দোলনৰ সময়ত কংগ্ৰেছ দলে চৰকাৰ চলাইছিল, আৰু কংগ্রেছ দলক হীৰেণ গোঁহাইয়ে উচতনি দিছিল । এইবিলাক দিশৰ ওপৰত অসমৰ সচেতন ৰাইজে দৃষ্টি নিবন্ধ কৰি প্ৰতাৰক কোন ? মুখা পিন্ধা কোন ? সেয়া নির্ধাৰণ কৰিব ।

লগতে পঢ়কঃ বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে: সুস্মিতা দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.