ETV Bharat / state

মালিগাঁৱৰ বিশ্বকৰ্মা মন্দিৰত অনুষ্টুপীয়াকৈ পূজাৰ আয়োজন

author img

By

Published : Sep 16, 2020, 7:06 PM IST

biswakarma puja preparation at  maligoan
মালিগাঁৱৰ বিশ্বকৰ্মা মন্দিৰত অনুষ্টুপীয়াকৈ পূজাৰ আয়োজন

ছেনিটাইজাৰ,মাক্স,সামজিক দূৰত্ব বজাই পূজা কৰা হ'ব মন্দিৰত। সকলো ভক্তকে নিয়মসমূহ মানি চলিবলৈ আহ্বান জনাইছে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই। পুৱা ৮ বজাৰ পৰায়ে পূজা অনুষ্ঠিত হ'ব।

গুৱাহাটী,16 ছেপ্তেম্বৰঃ বৃহস্পতিবাৰে সমগ্ৰ দেশতে পালন কৰা হ'ব বিশ্বকৰ্মা পূজা। ক’ৰণাসৃষ্ট পৰিৱেশৰ বাবেই অনুষ্টুপীয়াকৈ সকলোৱে আয়োজন কৰিছে পূজা। গুৱাহাটীৰ কামাখ্যা গেটস্থিত বিশ্বকৰ্মা মন্দিৰত পূৰ্বৰ দৰে এইবাৰ নাই উছাহ-উদ্দীপনা। মহানগৰীৰ অতিকৈ পুৰণি এই মন্দিৰত কঠোৰ নীতি-নিয়মৰ মাজেৰে পূজা অনুষ্ঠিত কৰিছে মন্দিৰ কৰ্তৃপক্ষই। ছেনিটাইজাৰ,মাক্স,সামজিক দূৰত্ব বজাই পূজা কৰা হ'ব মন্দিৰত। সকলো ভক্তকে নিয়মসমূহ মানি চলিবলৈ আহ্বান জনাইছে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই। পুৱা ৮ বজাৰ পৰায়ে পূজা অনুষ্ঠিত হ'ব।

মালিগাঁৱৰ বিশ্বকৰ্মা মন্দিৰত অনুষ্টুপীয়াকৈ পূজাৰ আয়োজন

উল্লেখযোগ্য যে,১৯৬৫ চনতে নিৰ্মাণ কৰা এই বিশ্বশৰ্মা মন্দিৰত প্ৰতিবছৰে অতি জাকজমকতাৰে পূজা আয়োজন কৰা হয়। যত বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। কিন্তু এইবাৰৰ পৰিৱেশ সুকীয়া। ক’ৰণা অতিমাৰীৰ বাবে চৰকাৰী নিৰ্দেশনা অনুসৰি পূজা আয়োজন কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে।

লগতে পঢ়কঃ গোলাঘাট হামদৈ পথাৰত প্ৰকাণ্ড কাছ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.