ETV Bharat / state

Bir Lachit Barphukan Statue: নাৰেংগী সেনা চাউনিত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপনেৰে শ্বহীদ স্মাৰক মুকলি

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 10:31 PM IST

Bir Lachit Barphukan Statue
নাৰেংগী সেনা চাউনিত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি

সোমবাৰে নাৰেংগী সেনা চাউনী মুকলি কৰা হ’ল বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু এটা যুদ্ধ স্মাৰক । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মুকলি কৰে প্ৰতিমূৰ্তিটো ৷

তেজপুৰ/গুৱাহাটী, ৯ অক্টোবৰ : নাৰেংগী সেনা চাউনীত সোমবাৰে মুকলি কৰা হয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু এটা যুদ্ধ স্মাৰক । এই উপলক্ষে অয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত বৰফুকৰ প্ৰতিমূৰ্তি মুকলি কৰে । এই অনুষ্ঠানত ভাৰতীয় সেনাৰ GOC ইষ্ট কমাণ্ড লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ লগতে আন শীৰ্ষ সেনা বিষয়াসকল ৷

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আজিৰ দিনটো অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন । নাৰেংগী সেনা চাউনীত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু শ্বহীদ স্মাৰক উন্মোচন কৰিবলৈ পাই নিজকে ধন্য মানিছো । সেনা বাহিনীৰ এনে পদক্ষেপ নতুন প্ৰজন্মৰ বাবে সহায়ক হ’ব । কাৰণ তেওঁলোকে স্মাৰকসমূহৰ জৰিয়তে জ্ঞান অৰ্জন কৰিব পাৰিব ।’’ নাৰেংগী সেনা চাউনীত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে লেফটেনেন্ট জেনেৰেলগৰাকীয়েই সেনা চাউনীটোত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ প্ৰস্তাৱ অসম চৰকাৰলৈ আগবঢ়াইছিল । তেওঁ লগতে কয়, লাচিত বৰফুকনৰ জীৱনক লৈ তিনিশজনীয়া এটা নাট্যদল গঠন কৰিব চৰকাৰে ৷ দলটোৱে দেশৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰিব লাচিত বৰফুকনৰ নাটক ।

সোমবাৰে অসম চৰকাৰ আৰু সেনাৰ মাজত এক বুজাবুজি স্বাক্ষৰ সম্পন্ন হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে প্ৰাক্তন সেনা অথবা আন কোনো শ্বহীদ সেনাৰ পৰিয়ালৰ সদস্যক স্কীল ট্ৰেইনিং দিয়া হ’ব । আনহাতে যোৰহাটৰ হলঙা পাৰত নিৰ্মাণ কৰা লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি শীঘ্ৰেই নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লাচিত বৰফুকনৰ জীৱনাদৰ্শক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰখাৰ কথাও ব্যক্ত কৰি ড৹ শৰ্মাই কয়- ‘‘বীৰ শিৱাজীৰ দৰেই সন্মানৰ যোগ্য লাচিত বৰফুকন । আমি লাচিত বৰফুকনৰ জীৱনগাথাঁক উচিত মূল্যায়ন কৰাৰ প্ৰয়াস কৰিছোঁ ।’’ অসমত এটা শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত সেনাবাহিনীৰ পৰিশ্ৰম আৰু ত্যাগক কৃতজ্ঞতা জ্ঞাপন কৰে । সোমবাৰৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী বিমল বৰাও আদি উপস্থিত থাকে ।

লগতে পঢ়ক: Republic day parade: গণৰাজ্য দিৱসৰ ব্ৰাছ বেণ্ডত উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰিব NCC ৰ 50 গৰাকী গাৰ্লছ কেডেটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.