ETV Bharat / state

Biju Phukan memorial award: বিশিষ্ট শিল্পী দ্বীপেন বৰুৱালৈ বিজু ফুকন সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 10:11 PM IST

Biju Phukan memorial award
Biju Phukan memorial award

প্ৰসিদ্ধ কণ্ঠশিল্পী দ্বীপেন বৰুৱালৈ বিজু ফুকন সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা ৷ সোমবাৰে ঘোষণা কৰা হয় এই বঁটা ৷

দ্বীপেন বৰুৱালৈ বিজু ফুকন সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা

গুৱাহাটী, 13 নৱেম্বৰ: ঘোষণা কৰা হ’ল এই বৰ্ষৰ বিজু ফুকন সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা । বিশিষ্ট শিল্পী দ্বীপেন বৰুৱালৈ এই বৰ্ষৰ বিজু ফুকন সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা । সোমবাৰে সংবাদমেল যোগে এই ঘোষণা কৰে উদ্যোক্তা বিজু ফুকনৰ পৰিয়াল আৰু দ্য ৰয়েল এফেয়াৰে ।

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এই সংবাদমেলত উপস্থিত থাকে ছবি পৰিচালক ৰূপক গগৈ, প্ৰয়াত অভিনেতা বিজু ফুকনৰ পৰিয়ালৰ পুত্ৰ অংশুমান ফুকন আৰু আয়োজক দ্যা ৰয়েল এফেয়াৰ-ৰ স্বত্বাধিকাৰী ৱাজিদ ৰেহমান । বিজু ফুকন সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা লগতেই অন্যান্য বহুকেইটা শিতানতো প্ৰদান কৰা হ’ব বঁটা ।

অহা ১৯ ডিচেম্বৰত পাঞ্জাবাৰীৰ শিল্পগ্ৰামত প্ৰদান কৰা হ’ব বঁটাসমূহ । এই বছৰৰ অন্যান্য শিতানসমূহৰ ভিতৰত থাকিব শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ ছবি পৰিচালক, শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা ৷ লগতে সাংবাদিকতা ক্ষেত্ৰতো প্ৰদান কৰা হ'ব বঁটা ।

বিনোদন বিভাগত বেলেগ বেলেগ শিতানত মুঠ ১৫ টা বঁটা প্ৰদান কৰা হ'ব আৰু অন্যান্য শিতানত ১০ টা বঁটা প্ৰদান কৰা হ'ব । উক্ত শিতান সমূহত বঁটাপ্ৰাপ্ত সকলক বাচনি কৰিবলৈ ইতিমধ্যে ৪ ‌জন বিচাৰক মনোনীত কৰা হৈছে ।

উল্লেখযোগ্য যে দ্য ৰয়েল এফেয়াৰে বিজু ফুকন ট্ৰাষ্টৰ সহযোগত প্ৰতিবছৰে এই বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰি আহিছে । সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে দ্য ৰয়েল এফেয়াৰ সংস্থাটোৱে এই বঁটা প্ৰদান কৰি আহিছে ।

দ্বীপেন বৰুৱাক অসমৰ ৰাইজৰ আগত পৰিচয় কৰায় দিয়াৰ প্ৰয়োজন নিশ্চয় নাই ৷ তেওঁ অসমৰ এনে এগৰাকী শিল্পী, যি নিজৰ মধুৰ কণ্ঠৰে সত্তৰৰ দশকৰ পৰা অসমৰ শ্ৰোতাক মুগ্ধ কৰি আহিছে ৷ সেই সময়ৰ প্ৰায়সমূহ বোলছবিৰ গীততেই কণ্ঠ নিগৰাইছিল দ্বীপেন বৰুৱাই ৷ আজিও মানুহৰ মুখে মুখে আছে তেওঁৰ সুধুৰ গীতসমূহ ৷

লগতে পঢ়ক: Assamese Film Chilani Chor : আহিবলগীয়া নতুন অসমীয়া ছবি চিলনী চোৰৰ গীত মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.