ETV Bharat / state

Khel Maharan In Assam: ১ নৱেম্বৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ'ব খেল মহাৰণ

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 9:38 PM IST

খেল মহাৰণৰ বাবে সাজু ৰাজ্য চৰকাৰ । অহা ১ নৱেম্বৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ'ব খেল মহাৰণ ৷ অসমত ক্ৰীড়াৰ এক টেলেণ্ট পুল নিৰ্মাণ উদ্দেশ্য এই প্ৰয়াস ৰাজ্যৰ চৰকাৰৰ ।

Khel Maharan organised in Assam
Assam Khel Maharan

অসমত অনুষ্ঠিত হ'ব খেল মহাৰণ

গুৱাহাটী, ৬ অক্টোবৰ: অহা ১ নৱেম্বৰ পৰা ১০ জানুৱাৰীলৈ অসমত অনুষ্ঠিত হ'ব খেল মহাৰণ । সেই উপলক্ষে শুকুৰবাৰে জনতা ভৱনত খেল-মহাৰণৰ ল’গ’, জাৰ্চী, থীম চং, ৱেবচাইট, মোবাইল এপ মুকলিৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জনতা ভৱনৰ সভা কক্ষত অনুষ্ঠিত হয় এই অনুষ্ঠান । মুখ্যমন্ত্ৰীৰ লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লোছা, মন্ত্ৰী যোগেন মোহন, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতেই ক্ৰীড়া বিভাগৰ সঞ্চালক আৰু আন আন বিষয়াসকল ।

  • Maharaj Dodan is the Mascot for Assam’s biggest sporting event - Khel Maharan.

    Blessed with immense physical powers, he is believed to be the forefather of the Rabha tribe, nephew of Maharaj Bana & related to Devi Usha, in the Mahabharata. pic.twitter.com/xFrbf02TKR

    — Himanta Biswa Sarma (@himantabiswa) October 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

খেল-মহাৰণৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অসম চৰকাৰে চাৰিটা জন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । প্ৰথমটো অমৃত বৃক্ষ আন্দোলন, দ্বিতীয়টো অমৃত কলহ, তৃতীয়টো খেল মহাৰণ আৰু চতুৰ্থতো সাংস্কৃতিক মহা সংগ্ৰাম । অসমৰ ২৫ হাজাৰ গাঁও সামৰি খেল মহাৰণ অনুষ্ঠিত হ'ব ।’’

  • অসমৰ চুকে-কোণে লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহক আৱিষ্কাৰ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হ'বলগীয়া 'খেল মহাৰণ'ৰ শীৰ্ষ গীত-

    The motivating theme song of Khel Maharan will encourage the participants to give their best shot on the field!#KhelMaharan pic.twitter.com/mOJgzvmYx3

    — Himanta Biswa Sarma (@himantabiswa) October 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰথম অৱস্থাত গাঁও পঞ্চায়ত এলেকাত খেল সমূহ অনুষ্ঠিত হ'ব । প্ৰতিখন গাঁৱৰ পৰা এটাকৈ দলে অংশগ্ৰহণ কৰিব লাগিব । তাৰ পিছত গাঁও পঞ্চায়তৰ পৰা এটাকৈ দল উলিওৱা হ'ব । তাৰ পিছত তাৰ পৰা সেই দল সমূহে বিধানসভা সমষ্টিত খেলত অংশ গ্ৰহণ কৰিব । বিধানসভা পৰ্যায়ৰ পৰা আকৌ জিলা পর্যায়ত খেল অনুষ্ঠিত হ'ব । জিলা পৰ্যায়ৰ পৰা আকৌ এটা দল নিৰ্বাচিত কৰি ৰাজ্যিক পৰ্যায়লৈ উলিয়াই অনা হ'ব । শেষত ৰাজ্যিক ভিত্তিত এই খেল মহাৰণ অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: Asian Games 2023: পুৰুষৰ হকীত জাপানক হৰুৱাই স্বৰ্ণ জয় ভাৰতৰ

উল্লেখ্য যে পাঁচটা খেলক সামৰি এই খেল মহাৰণ অনুষ্ঠিত হ'ব । এই পাঁচটা খেল হৈছে ফুটবল, কাবাদী, ভলীবল, খোখো আৰু এথলেটিকছ । ৩৫ খন জিলাৰ বাবে নিৰ্দিষ্টকৈ জাৰ্চী তৈয়াৰ কৰা হৈছে । এই খেলত অংশগ্ৰহণ কৰিবলৈ প্ৰায় ১৯,২৭,২৭০ জনে অনলাইন যোগে আবেদন কৰিছে । ১৯ বছৰ উৰ্দ্ধৰ ৪১ হাজাৰ পুৰুষে ১০০ মিটাৰ দৌৰৰ বাবে পঞ্জীয়ন কৰিছে আৰু ২৪ হাজাৰ ৬১৯ গৰাকী মহিলা পঞ্জীয়ন কৰিছে ।

  • Live: Attending release function of Logo, Jersey and Theme song of Khel Maharan at Janata Bhawan, Dispur https://t.co/soOJl0NxaI

    — Himanta Biswa Sarma (@himantabiswa) October 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কয়, ‘‘এই খেল মহাৰণে অসমত ক্ৰীড়াৰ এক টেলেণ্ট পুল নিৰ্মাণ কৰিব । গ্ৰামঞ্চলত ক্ৰীড়াৰ বহু থল আছে । যুৱ প্ৰতিভাক গঠনমূলক দিশলৈ আগবঢ়াই নিয়াৰ চেষ্টাৰে চৰকাৰে এই পদক্ষেপ লৈছে । এতিয়াৰে পৰা পঞ্চায়ত পৰ্যায়ত ক্ৰীড়া সংঘ (Sports Club) আৰু সাংস্কৃতিক সংঘ (Cultural Club) নিৰ্মাণ কৰা হ'ব । খেল মহাৰণৰ বাবে বিধায়ক পুঁজিৰ ১০ শতাংশ ধন আৱন্টন দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।’’

  • The Assam Khel Maharan will bring out the best grassroot sporting talent from across the State.

    Highlights of my Press interaction today. pic.twitter.com/3FJbOz1lTa

    — Himanta Biswa Sarma (@himantabiswa) October 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি পঞ্চায়ত পৰ্যায়ত খেলত অংশগ্ৰহণ কৰাৰ পৰা ৰাজ্যিক পৰ্যায়ৰ খেললৈ সকলো খেলুৱৈক পুৰস্কাৰ দিয়া হ'ব । যাতায়ত আৰু থকা খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা সকলো চৰকাৰে গ্ৰহণ কৰিব । এই গোটেই খেল মহাৰণৰ বাবে প্ৰায় ৬২ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে । ৰাজ্যিক পৰ্যায়ত উজলি উঠা খেলুৱৈক চৰকাৰে বিনামূলীয়াকৈ প্ৰশিক্ষণ, জলপানীৰ ব্যৱস্থা কৰিব ।

খেল মহাৰণৰ শীৰ্ষ সংগীতত (Theme Song) কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ৷ তাৰোপৰি খেল মহাৰণৰ প্ৰচাৰৰ বাবে প্ৰস্তুত কৰা ভিডিঅ’ত ৰাজ্যৰ বহু সংখ্যক প্ৰবীণ খেলুৱৈক দেখা পোৱা যাব ৷ এই খেল মহাৰণলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে জুবিন গাৰ্গ আৰু খেলুৱৈসকলক কৃতজ্ঞতা জনায় মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক: Playground in Guwahati: খেলপথাৰৰ অভাৱ থকা গুৱাহাটী কিদৰে হ’ব দেশৰ ক্ৰীড়াৰ ৰাজধানী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.