ETV Bharat / state

Bharat Bandh in Assam: ৰাজ্যত ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ

author img

By

Published : Mar 28, 2022, 7:23 PM IST

Bharat Bandh in Assam
ৰাজ্যত ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ

দেশৰ বহুকেইটা মটৰ শ্ৰমিক সন্থাৰ লগতে বিভিন্ন ট্ৰেড ইউনিয়ন, চি পি এম, চি পি আই এমকে ধৰি বাওঁদলৰ সমৰ্থনত দেশজুৰি আহ্বান জনোৱা দুদিনীয়া ভাৰত বন্ধৰ প্ৰভাৱ অসমতো পৰিলক্ষিত হৈছে (Bharat Bandh in Assam)৷

নিউজ ডেস্ক: দেশৰ বহুকেইটা মটৰ শ্ৰমিক সন্থাৰ লগতে বিভিন্ন ট্ৰেড ইউনিয়ন, চি পি এম, চি পি আই এমকে ধৰি বাওঁদলৰ সমৰ্থনত ২৮ আৰু ২৯ তাৰিখৰ বাবে দুদিনীয়া ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছিল ।

৪৮ ঘন্টীয়া এই বন্ধক সমৰ্থন কৰি অসমৰ মটৰ শ্ৰমিক কল্যাণ আঁচনি কাৰ্যকৰী কৰা, অত্যাধিক কৰ আৰু জৰিমনাৰ নামত মটৰ শ্ৰমিকক কৰি অহা হাৰাশাস্তি বন্ধ কৰা, পেট্ৰল-ডিজেল আৰু ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰা আদি কেইবাদফীয়া দাবীলৈ সদৌ অসম গাড়ী চালক সন্থা, অল ইণ্ডিয়া ৰোড ট্ৰান্সপোৰ্ট ৱৰ্কাৰ্চ ফেডাৰেচন আৰু অসম মটৰ শ্ৰমিক যৌথ মঞ্চই বন্ধক সফল কৰি তুলিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

নগাঁও: নগাঁৱত ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ, প্ৰতিবাদকাৰীক আটক নগাঁও আৰক্ষীৰ । নগাঁৱত ব্যক্তিগত বাহনৰ চলাচল অব্যাহত থকাৰ বিপৰীতে সম্পূৰ্ণ বন্ধ যাত্ৰীবাহী বাছৰ চলাচল । নগাঁৱত ভাৰত বন্ধৰ সমৰ্থনত পুৱাই ৰাজপথলৈ ওলাই আহি আটক হয় কেইবাজনো বন্ধৰ সমৰ্থক । নগাঁও ষ্টেট বেংকৰ সন্মুখৰ পৰা নগাঁও আৰক্ষীয়ে আটক কৰে কেইবাজনো বন্ধৰ সমৰ্থকক ।

ৰাজ্যত ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ

বন্ধৰ সময়ছোৱাত নগাঁও চহৰৰ প্ৰায়সমূহ দোকান পোহাৰ খোলা ৰখাৰ লগতে চহৰখনত অব্যাহত থাকে ব্যক্তিগত যান বাহনৰ চলাচল (Bharat Bandh impact in Nagaon)। অৱশ্যে যাত্ৰীবাহী বাছৰ চলাচল একপ্ৰকাৰ বন্ধ হৈ পৰে বন্ধৰ সময়ছোৱাত । বন্ধৰ সময়ত চৰকাৰী কাৰ্য্যালয়সমূহ বন্ধ কৰিবলৈ ওলাই অহা বন্ধৰ সমৰ্থককো আৰক্ষীয়ে দাবী ধমকি দিয়াৰ অভিযোগ উত্থাপন হৈছে ।

মূলত চৰকাৰী ৰাজহুৱা খণ্ডক ব্যক্তিকৰণ কৰি পুঁজিপতিৰ হাতত বিক্ৰী কৰিব বিচৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠে বাওঁ দলসমূহ । নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ লগতে চি পি এমৰ নেতা কৰ্মীয়ে পুৱাই ভাৰত বন্ধ সফল কৰিবলৈ ওলাই আহে । বন্ধৰ সময়ত চৰকাৰী দুই এক কাৰ্য্যালয় খোলা ৰখাৰ বিপৰীতে নগাঁৱৰ বি এছ এন এল, ডাকঘৰ আদি সম্পূৰ্ণ বন্ধ ৰখা পৰিলক্ষিত হয় ।

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো জনবিৰোধী নীতি প্ৰত্যাহাৰ নকৰালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে নিখিল ভাৰত কৃষক সভাৰ নগাঁও জিলা সমিতিয়ে ৷

বৰপেটা: নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰে দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক কল কাৰখানা, উদ্যোগ আদিৰ লগতে বেংক, ৰেল, জীৱন বীমা নিগম আদি লাভজনক ক্ষেত্ৰসমূহৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত কৃষক আৰু শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই ৰূপায়ণ কৰা প্ৰতিবাদৰ প্ৰভাৱ দেখা গৈছে নগাঁৱত ৷ ধৰ্মঘটৰ ফলত বৰপেটাত জীৱন বীমা নিগমৰ কাম কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে (Bharat Bandh impact in Barpeta)৷

ৰাজ্যত ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ

তিনিচুকীয়া: সমগ্ৰ দেশজুৰি আহ্বান জনোৱা ভাৰতবন্ধৰ কাৰ্যসূচীক সমৰ্থন কৰি সদৌ অসম গাড়ী চালক সন্থা, অল ইণ্ডিয়া ৰোড ট্ৰান্সপোৰ্ট ৱাৰ্কাৰ্চ ফেডাৰেচন আৰু অসম মটৰ শ্ৰমিক যৌথ মঞ্চৰ উদ্যোগত গ্ৰহণ কৰা বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে তিনিচুকীয়া জিলাতো ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাণিজ্যিক চহৰ তিনিচুকীয়াত সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে (Bharat Bandh impact in Tinsukia)।

ৰাজ্যত ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ

লখিমপুৰ: দেশজোৰা ধৰ্মঘটৰ প্ৰভাৱ পৰিলক্ষিত হৈছে লখিমপুৰতো ৷ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰৰ পৰা প্ৰতিবাদী সমদল কৰি প্ৰতিবাদকাৰীসকলে উপায়ুক্তৰ কাৰ্য্যালয়ত ধৰ্ণা দিয়ে । বিজেপি চৰকাৰৰ কেতবোৰ জনবিৰোধী নীতিৰ প্ৰতিবাদ জনায় প্ৰতিবাদকাৰীসকলে । শ্ৰম বিৰোধী শ্ৰম সংহিতা বাতিল কৰা, বিদ্যুৎ সংশোধনী আইন বাতিল কৰা, ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ কৰা বন্ধ কৰা, কৃষকক দিয়া প্ৰতিশ্ৰুতি পালন কৰাকে ধৰি ১২ টা দাবী পূৰণ কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীসকলে (Bharat Bandh impact in Lakhimpur)।

ৰাজ্যত ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ

বঙাইগাঁও: জনসাধাৰণ বিৰোধী আৰু শ্ৰমিক বিৰোধী নীতি, ৰাজহুৱা প্ৰতিষ্ঠান ব্যক্তিগতকৰণ বন্ধ কৰা, বন্ধ হৈ থকা কাগজ কল দুটা পুনৰ জীৱিত কৰা, মূল্য বৃদ্ধি বন্ধ কৰা, শ্ৰমিকৰ পাপ্য মজূৰী আদায় দিয়া আৰু ৰন্ধন কৰ্মীৰ বৰ্ধিত হাৰত দৰমহা বৃদ্ধি কৰাৰ উপৰিও আৰু কেবাটাও দাবীৰ বিৰুদ্ধে ট্ৰেড ইউনিয়ন আৰু মটৰ শ্ৰমিক ইউনিয়নে আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ বঙাইগাওঁ জিলাৰ বিভিন্ন প্ৰান্তত মিশ্ৰিতভাৱে পৰে ।

ৰাজ্যত ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে স্বাভাৱিকভাৱেই চলিছে ব্যক্তিগত খণ্ডৰ যান-বাহন । অৱশ্যে ট্ৰাক আৰু বাছৰ চলাচল সেৰেঙা । দোকান-পোহাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান কিছু খোলা আৰু কিছু বন্ধ থকা পৰিলক্ষিত হৈছে । বন্ধৰ সমৰ্থক বা বিৰোধী কোনো লোক বন্ধৰ সপক্ষে মাত মাতিবলৈ আহিছে যদিও বন্ধৰ প্ৰভাৱ আংশিকভাৱে পৰে । বিশেষকৈ ব্যক্তিগত যান-বাহন সুচাৰুৰূপে চলি আছে । মুঠতে আংশিকভাৱে স্বাভাৱিক জীৱন যাপন কৰিব পাৰিছে সৰ্বসাধাৰণ লোকে (Bharat Bandh impact in Bangaigaon)।

ধেমাজি: বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি আৰু জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত সোমবাৰে ধেমাজিতো টেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহৰ যৌথ মঞ্চৰ বিভিন্ন শ্ৰমিক সংগঠনসমূহৰ তিনি শতাধিক প্ৰতিবাদীয়ে দেশজোৰা সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদীসকলে হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে ৷ লক্ষণীয়ভাৱে জিলা SUCI শ্ৰমিক সংগঠনৰ লগতে অংগনৱাড়ী কৰ্মীসকলেও অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনায় (Bharat Bandh impact in Dhemaji) ৷

ৰাজ্যত ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ

লগতে পঢ়ক: চিত্ৰশিল্পী নীলিম মহন্তৰ মুক্তিৰ দাবীত উত্তাল লখিমপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.