ETV Bharat / state

ATM fraudsters arrested: হাতীগাঁও আৰক্ষীৰ জালত বৃহৎ ATM প্ৰৱঞ্চক চক্ৰ

author img

By

Published : Oct 16, 2022, 5:41 PM IST

ATM fraudsters arrested in Hatigaon
হাতীগাঁও আৰক্ষীৰ জালত বৃহৎ ATM প্ৰৱঞ্চক চক্ৰ

হাতীগাঁও আৰক্ষীৰ জালত পৰে এটা বৃহৎ ATM প্ৰবঞ্চক চক্ৰ (ATM fraud arrested in Guwahati) ৷ ATMৰ জৰিয়তে প্ৰবঞ্চনা কৰি ধন সৰকোৱা এটা চাৰিজনীয়া দল জালত পৰিছে আৰক্ষীৰ ৷ বৰপেটাৰ পৰা হাতীগাঁও আৰক্ষীয়ে আটক কৰিছে চক্ৰটোক ৷ আৰক্ষীয়ে প্ৰবঞ্চক কেইটাৰ পৰা ৮৮ খন এটিএম কাৰ্ড আৰু তিনিখন চাৰিচকীয়া বাহন জব্দ কৰিছে ৷ ইয়াৰোপৰি প্ৰবঞ্চনাৰে ধন সৰকোৱা বহু সামগ্ৰীও জব্দ কৰিছে আৰক্ষীয়ে ৷

গুৱাহাটী, ১৬ অক্টোবৰ: শনিবাৰে হাতীগাঁও আৰক্ষীৰ জালত পৰে এটা বৃহৎ ATM প্ৰবঞ্চক চক্ৰ (ATM fraudsters arrested in Guwahati) ৷ ATMৰ জৰিয়তে প্ৰবঞ্চনা কৰি ধন সৰকোৱা এটা চাৰিজনীয়া দল জালত পৰিছে আৰক্ষীৰ ৷ বৰপেটাৰ পৰা হাতীগাঁও আৰক্ষীয়ে আটক কৰিছে চক্ৰটোক (Hatigaon Police Station) ৷ ধৃত প্ৰবঞ্চক কেইটাক্ৰমে বাবুল আহমেদ, জিয়াউল হক, আমিনুল , লুটফুৰ ৰহমান, হানিফুৰ ৷

হাতীগাঁও আৰক্ষীৰ জালত বৃহৎ ATM প্ৰৱঞ্চক চক্ৰ

ATM ৰ পৰা টকা উলিয়াওতে সাৱধান হওক আপুনি । টকা উলিয়াবলৈ ATM লৈ গৈ সৰ্বস্বান্ত হ’ব পাৰে আপুনি । ATM ত অচিনাকি লোকক আপোনাৰ ATM Card ৰ পৰা ধন উলিয়াবলৈ দিয়ে নেকি আপুনি ? ATM ত অচিনাকি লোকক আপোনাৰ ATM কাৰ্ডখন দিয়াৰ আগতে এশবাৰ ভাবক (ATM fraud case)। শেহতীয়াকৈ নিজৰ ATM কাৰ্ডখন অচিনাকি লোকক ধন উলিয়াবলৈ দি বিপদত পৰিছিল গুৱাহাটীৰ দুজনকৈ বয়োজ্যেষ্ঠ ব্যক্তি ।

এই ঘটনা সন্দৰ্ভত ডি চি পি সুধাকৰ সিং কয় যে, কিছুদিন পূৰ্বে ঘোঁৰামৰাৰ ATM ৰ পৰা ধন হৰলুকীৰ দুটা ঘটনা সংঘটিত হৈছিল । দুজন বয়োজ্যেষ্ঠ ব্যক্তিৰ ATM কাৰ্ড দুষ্ট চক্ৰই ব্যৱহাৰৰ কৰি হৰলুকী কৰিছিল ধন । সহায় কৰাৰ চলেৰে ATM কাৰ্ডখন সাল-সলনি কৰি লৈ গৈছিল চক্ৰটোৱে (ATM fraud in Guwahati) । তাৰ পিছতেই এজনৰ একাউণ্টৰ পৰা 68 হাজাৰ, আনজনৰ একাউণ্টৰ 1 লাখ 10 হাজাৰ টকা লুটি লৈ গৈছিল বুলি কয় ডি চি পি সুধাকৰ সিঙে ।

উল্লেখ্য যে, ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে হাতীগাঁও আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ । আৰক্ষীক দিয়া অভিযোগৰ ভিত্তিত আৰম্ভ হৈছিল প্ৰবঞ্চকৰ বিৰুদ্ধে অনুসন্ধান । তাৰ পাছতেই CCTV ৰ ভিজুৱেল চাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাবুল আহমেদ নামৰ এটা প্ৰবঞ্চকক । বাবুলৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জিয়াৰুল ৰহমান নামৰ আন এটা প্ৰবঞ্চকক । দুই বয়োজ্যেষ্ঠ ব্যক্তিৰ একাউন্টৰ পৰা প্ৰৱঞ্চনাৰে সৰকোৱা ধন জিয়াৰুলৰ একাউণ্টলৈ ট্ৰান্সফাৰ হৈছিল ।

তাৰ পাছতেই আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত চক্ৰটোৰ আন তিনি প্ৰবঞ্চকক শনিবাৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰে । সোণাপুৰ আৰু বঙাইগাঁৱত শনিবাৰে অভিযান চলায় গ্ৰেপ্তাৰ কৰে তিনি প্ৰবঞ্চকক । চক্ৰটোৰ পৰা উদ্ধাৰ হৈছে ৮৮ খন এটি এম কাৰ্ড, মোবাইল ৪ টা, POS মেচিন ৩ টা, নগদ ১৫ হাজাৰ নগদ ধন, তিনিখন বিলাসী বাহন । উল্লেখ্য যে, এই চক্ৰটোৰ আঁৰত এটা বৃহৎ দল জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: দিব্যাংগৰ নামতো ধন লোৱা চাকৰি দালাল ওলাইছে নগাঁৱত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.