ETV Bharat / state

ASTC employees protest: পৰিবহন নিগমৰ মুখ্য কাৰ্যালয়ত কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Jun 2, 2023, 8:22 PM IST

হাহাকাৰ লাগিছে অসম ৰাজ্যিক পৰিবহন নিগমৰ 771 গৰাকী কৰ্মচাৰীৰ ৷ শুকুৰবাৰে পৰিবহন নিগমৰ মুখ্য কাৰ্যালয়ত কৰ্মচাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অসম ৰাজ্যিক পৰিবহন সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰৰ বিৰুদ্ধেও ক্ষোভ কৰ্মচাৰীসকলৰ (ASTC protest) ৷

ASTC employees protest
ASTC employees protest

ASTCৰ কৰ্মচাৰীৰ ক্ষোভ

গুৱাহাটী, ২ জুন: প্ৰতিবাদত উত্তাল অসম ৰাজ্যিক পৰিবহন নিগম । পল্টন বজাৰৰ অসম ৰাজ্যিক পৰিবহন নিগমত কৰ্মচাৰীৰ প্ৰতিবাদ । চাকৰিৰ পৰা অব্যাহতি দিয়া ৭৭১ জন ঠিকাভিত্তিক কৰ্মচাৰীক পুনৰ নিযুক্তিৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ (ASTC worker protest) ।

যি সময়ত চৰকাৰে এক লাখ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ লক্ষ্য লৈছে সেই সময়ত চৰকাৰে ৭৭১ জন কৰ্মচাৰীক অব্যাহতি দিয়াক লৈ দল-সংগঠন তথা বিৰোধী ৰাজনৈতিক দলসমূহে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে । লগতে কৰ্মচাৰীসকলৰ মাজতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে বুধবাৰে হঠাৎ অবৈধভাৱে নিযুক্তি লাভ কৰাৰ দোহাই দি ৭৭১ জন ঠিকাভিত্তিক কৰ্মচাৰীক অব্যাহতি দিয়াৰ পিচতে উত্তপ্ত হৈ পৰিছিল গুৱাহাটী মহানগৰীৰ পল্টন বজাৰস্থিত অসম ৰাজ্যিক পৰিবহন নিগমৰ মুখ্য কাৰ্যালয় ৷ কৰ্মচাৰীৰ ক্ষোভত পাচতেই অসম ৰাজ্যিক পৰিবহন সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে সংবাদ মাধ্যমক জনাইছিল যে বৃহস্পতিবাৰৰ পৰা ৰাজ্যজুৰি বন্ধ হ’ব ASTCৰ বাছ সেৱা (ASTC employees protest)।

কিন্তু বুধবাৰে আবেলি ৩ বজাত লোৱা সিদ্ধান্ত হঠাৎ নিশা ১২ বজাত বাতিল কৰিছিল অসম ৰাজ্যিক পৰিবহন সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে । ইয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ASTC ৰ বিষয়-কৰ্মচাৰীসকল ৷ চাকৰি হেৰুৱাই ক্ষোভত ফাটি পৰিছে 771 গৰাকী কৰ্মচাৰী ৷

গুৱাহাটীৰ সমান্তৰালভাৱে ৰাজ্যৰ আন আন জিলাসমূহতো প্ৰতিবাদ অব্যাহত ৰাখিছে বৰ্খাস্ত হোৱা কৰ্মচাৰীসকলে ৷ যদিহে এই নিযুক্তি অবৈধ আছিল তেন্তে কিয় তেওঁলোকক সাক্ষাতকাৰৰ বাবে মতা হৈছিল বুলি চৰকাৰক প্ৰশ্ন কৰিছে কৰ্মচাৰীসকলে ৷ লগতে এই সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনাইছে ৷ এই নিযুক্তি লাভৰ ক্ষেত্ৰত নিজৰ কোনো ভুল নাই বুলিও উল্লেখ কৰিছে কৰ্মচাৰীসকলে (ASTC emplyee lay off) ৷

উল্লেখ্য যে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ আনন্দ প্ৰকাশ তিৱাৰীৰ কাৰ্যকালত এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ অবৈধভাৱে হোৱাৰ তথ্য় পোহৰলৈ আহিছে ৷ কোনো বিজ্ঞাপন প্ৰকাশ নকৰাকৈয়ে দিয়া হৈছিল এই নিযুক্তি ৷ পূৰ্বেও এইগৰাকী আনন্দ প্ৰকাশ তিৱাৰীৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে বহু অনিয়ম সংঘটিত কৰাৰ অভিযোগ ৷ যাৰ বাবে চৰকাৰে 771গৰাকী কৰ্মচাৰীক অবৈধভাৱে চাকৰি লোৱাৰ অভিযোগত অব্যাহতি প্ৰদান কৰে (ASTC recruitment scam) ৷

লগতে পঢ়ক: SCERT Scam: ব্লেকমেইলাৰ ৰবিজিৎ গগৈ আৰু পূজামণি দাসক লগত লৈ ভিজিলেন্সৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.