ETV Bharat / state

Winter Session of Assam Assembly: চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব বিধানসভাৰ শীতকালীন অধিৱেশন

author img

By

Published : Dec 17, 2021, 6:46 PM IST

20 ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শীতকালীন অধিবেশন (Winter Session of Assam Assembly) ৷ চাৰিদিনৰ বাবে হ’ব এই অধিৱেশন ৷

Winter Assam Assembly
চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব বিধানসভাৰ শীতকালীন অধিৱেশন

গুৱাহাটী, 17 ডিচেম্বৰ : এইবাৰ মাত্ৰ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Assembly likely to be held for four days) ৷ বিধানসভা সচিবালয়ৰ সুত্ৰই সদৰী কৰা মতে, চাৰিওটা দিনৰ কাৰ্যক্ৰমণিকাত প্ৰশ্নোত্তৰ কালৰ লগতে কেইবাখনো নতুন আৰু সংশোধনী বিধেয়ক উত্থাপন কৰা হব ৷

Winter Assam Assembly
চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব বিধানসভাৰ শীতকালীন অধিৱেশন

আটাইকেইখন বিধেয়ক 23 ডিচেম্বৰত সদনত উত্থাপন কৰাৰ লগতে একেদিনাই পাৰিতকৰণ কৰা হব । আনহাতে, অধিৱেশনৰ প্ৰথম দিনা 2021-22 বৰ্ষৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ তালিকা সমূহ সদনত উত্থাপন কৰা হব ৷

21 ডিচেম্বৰত থাকিব বেচৰকাৰী কাৰ্যসূচী । আনহাতে অধিৱেশনৰ অন্তিম দিনা অধ্যক্ষৰ উদ্যোগত বিশেষ আলোচনা অনুষ্ঠিত হব ৷

লগতে পঢ়ক : Foundation Day of AJP : দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.