ETV Bharat / state

আমাৰ দলত সকলোৱে সম্পদ : ৰঞ্জিৎ দাস

author img

By

Published : May 8, 2021, 8:36 PM IST

Updated : May 8, 2021, 9:15 PM IST

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে দেওবাৰে অনুষ্ঠিত হ’বলগীয়া বিধায়িনী দলৰ বৈঠকৰ বাবে বিধানসভাৰ সভাকক্ষলৈ আহি নিজে প্ৰস্তুতিৰ বুজ লয় ।

আমাৰ দলত সকলোৱে সম্পদ: ৰঞ্জিৎ দাস
আমাৰ দলত সকলোৱে সম্পদ: ৰঞ্জিৎ দাস

গুৱাহাটী,৮ মে: দেওবাৰে অসম বিধানসভা সচিবালয়ত অনুষ্ঠিত হ’ব বিজেপি বিধায়িনী দলৰ প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক । সেই বৈঠকতে চূড়ান্ত কৰা হ’ব কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী । সৰ্বানন্দ সোণোৱাল নে ড৹ হিমন্তবিশ্ব শৰ্মা । শনিবাৰে সন্ধিয়া বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে দেওবাৰে অনুষ্ঠিত হ’বলগীয়া বিধায়িনী দলৰ বৈঠকৰ বাবে বিধানসভাৰ সভাকক্ষলৈ আহি নিজে প্ৰস্তুতিৰ বুজ লয় ।

আমাৰ দলত সকলোৱে সম্পদ : ৰঞ্জিৎ দাস

তাৎপৰ্যপূৰ্ণভাৱে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ এইবুলি মন্তব্য কৰে যে দেওবাৰে দিনৰ ১২ বজাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব । সেই বৈঠকত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ, দলৰ সাধাৰণ সম্পাদক অৰুণ সিং, দলৰ অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ উপস্থিত থাকিব । এইসকলৰ মাজৰ দুয়োজনক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে দায়িত্ব দিয়া হ’ব বুলি তেওঁ কয় । ইপিনে পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত কৌশলী মন্তব্য আগবঢ়াই ৰঞ্জিৎ দাসে কয় যে বিজেপিত সকলোৱে একো একোটা সম্পদ ।

দেওবাৰে সভাস্থলীৰ প্ৰস্তুতিৰ বুজ লোৱাৰ সময়ত বিজেপিৰ সভাপতি গৰাকীক সংগ দিয়ে দলৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, সাংসদ তপন গগৈ, ৰাজদ্বীপ ৰয়, পল্লৱলোচন দাস, প্ৰদান বৰুৱা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, অমিয় কুমাৰ ভূঞা আদিয়ে ।

লগতে পঢ়কঃ কেইজন বিধায়কৰ স্বাক্ষৰ লৈ দিল্লীলৈ গৈছিল পীযুষ হাজৰিকা ?

Last Updated : May 8, 2021, 9:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.