ETV Bharat / state

Dr Bezbaruah 2: ৰাজস্থান ফিল্ম ফেষ্টিভেলত অসমীয়া ছবি 'ডক্তৰ বেজবৰুৱা ২’ লৈ সন্মান

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 5:05 PM IST

ৰাজস্থান ফিল্ম ফেষ্টিভেলত অসমীয়া ছবি 'ডক্তৰ বেজবৰুৱা ২’ লৈ বিশেষ সন্মান । শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ সহঃ অভিনেতাৰ সন্মান আগবঢ়োৱা হয় । অভিনেতা আদিল হুছেইনলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আৰু জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ শ্ৰেষ্ঠ সহঃ অভিনেতাৰ সন্মান আগবঢ়োৱা হয় ।

Assamese Film Dr Bezbaruah 2 wins Best actor and Best Supporting Actor Award in RFF 2023
ডক্তৰ বেজবৰুৱা ২’ লৈ সন্মান

গুৱাহাটী, 3 অক্টোবৰ: শেহতীয়াকৈ মুক্তি লাভ কৰিছিল জ্যেষ্ঠ অভিনেতা তথা প্ৰয়াত পৰিচালক নিপন গোস্বামীৰ পৰিচালিত ছবি 'ডক্তৰ বেজবৰুৱা 2' ৷ এই ছাচপেন্স থ্ৰিলাৰ ছবিখন এই বৰ্ষৰ ৩ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিছিল । এইখন ১৯৬৯ চনত মুক্তি পোৱা ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱাৰ চিকুৱেল । ডক্তৰ বেজবৰুৱাত নিপন গোস্বামীয়ে ডক্তৰ বেজবৰুৱাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু ডক্তৰ বেজবৰুৱা 2 ত ডক্তৰ বেজবৰুৱাৰ চৰিত্ৰত অভিনয় কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ প্ৰখ্যাত অভিনেতা আদিল হুছেইনে ৷ ডক্তৰ বেজবৰুৱা 2 ছবিখন বক্স অফিচত হিট ৰূপে পৰিগণিত হৈছে ৷ এতিয়া এই ছবিখনে অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ ৷

Assamese Film Dr Bezbaruah 2 wins Best actor and Best Supporting Actor Award in RFF 2023
ডক্তৰ বেজবৰুৱা ২’ লৈ সন্মান

ৰাজস্থান ফিল্ম ফেষ্টিভেলত উজলিল ‘ডক্তৰ বেজবৰুৱা ২’। চলিত বৰ্ষৰ মুক্তি লাভ কৰা 'ডক্তৰ বেজবৰুৱা ২’লৈ আগবঢ়োৱা হয় এক বিশেষ সন্মান । ৰাজস্থান ফিল্ম ফেষ্টিভেলত দুটাকৈ সন্মান বুটলিবলৈ সক্ষম হৈছে ছবিখনে । বিশিষ্ট অভিনেতা আদিল হুছেইনলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ শ্ৰেষ্ঠ সহঃ অভিনেতাৰ সন্মান আগবঢ়োৱা হৈছে । ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হৈছিল এই ফিল্ম ফেষ্টিভেল ।

Assamese Film Dr Bezbaruah 2 wins Best actor and Best Supporting Actor Award in RFF 2023
ডক্তৰ বেজবৰুৱা ২’ লৈ সন্মান

উল্লেখ্য যে, ড৹ সঞ্জীৱ নাৰায়ণৰ প্ৰযোজনাত নিৰ্মিত ছবি 'ডক্তৰ বেজবৰুৱা ২' ভাৰতৰ বিভিন্ন চহৰৰ আঠটা প্ৰেক্ষাগৃহৰ লগতে ১৪২ খন পৰ্দাত মুক্তি লাভ কৰিছিল । মুক্তিৰ পিছতেই ছবিখনে দৰ্শকৰ মাজত অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল । বিশিষ্ট অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ পৰিচালিত ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা আদিল হুছেইনে । লগতে ছবিখনত এগৰাকী তদন্তকাৰী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছিল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে । লগতে ছবিখনত অভিনয় কৰিছিল সিদ্ধার্থ নিপন গোস্বামী, কিংকিনী, পার্থসাৰথি মহন্ত, অৰুণ হাজৰিকা সহিতে বহু কলা-কুশলীয়ে ।

Assamese Film Dr Bezbaruah 2 wins Best actor and Best Supporting Actor Award in RFF 2023
ডক্তৰ বেজবৰুৱা ২’ লৈ সন্মান

উল্লেখ্য যে, এই ছবিখন আছিল নিপন গোস্বামীয়ে একক ভাৱে পৰিচালনা কৰা প্ৰথম ছবি ৷ অৱশ্যে ইয়াৰ পূৰ্বে তেখেতে মুনিন বৰুৱাৰ লগত যৌথভাৱে ‘প্ৰতিমা’ নামৰ বোলছবিখন পৰিচালনা কৰিছিল । ডক্তৰ বেজবৰুৱা ২ ছবিখন তেখেতে কেৱল পৰিচালনা কৰাই নহয়, এই ছবিখনত তেখেতে অভিনয়ো কৰিছিল ৷ এয়াই আছিল তেখেতৰ অন্তিমখন ছবি ৷

লগতে পঢ়ক: Pratima Barua Pandey Birth anniversary: গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি জন্মদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.