ETV Bharat / state

Badaruddin Ajmal controversial Statement: আজমলক গ্ৰেপ্তাৰৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ

author img

By

Published : Dec 3, 2022, 3:42 PM IST

Badaruddin Ajmal controversial Statement
আজমলৰ মন্তব্যত জ্বলিছে ৰাজ্য

হিন্দু সমাজক লৈ AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া(Badruddin Ajmal controversy) ৷ ৰাজ্যৰ বিভিন্ন স্থানত বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে দাবী উঠিছে আজমলক গ্ৰেপ্তাৰৰো ৷ বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ অসম তৃণমূল কংগ্ৰেছৰ ৷

গুৱাহাটী, 3 ডিচেম্বৰ : AIUDFৰ সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে হিন্দুৰ সমাজ ব্যৱস্থাক লৈ কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া(Reaction on Ajmal statement)৷ উল্লেখ্য যে, শালীনতাৰ সকলো সীমা চেৰাই গৈ হিন্দুক লৈ অতি কটু মন্তব্য কৰিছিল সাংসদ বদৰুদ্দিন আজমলে(Ajmal's controversial statement on Hindu)৷

যাক লৈ ৰাজ্যৰ অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে সকলো দল সংগঠনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া৷ আজমলৰ মন্তব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ আজমলৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম তৃণমূল কংগ্ৰেছ ৷ শনিবাৰে অসম তৃণমূল কংগ্ৰেছে গুৱাহাটীৰ জয়ানগৰত বদৰুদ্দিন আজমলৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।

অসম তৃণমূল কংগ্ৰেছ, অসম তৃণমূল যুৱ কংগ্ৰেছ আৰু অসম তৃণমূল মহিলা কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে 'হিন্দু বিৰোধী বদৰুদ্দিন আজমল মুৰ্দাবাদ', 'হিন্দুক অপমান কৰা বদৰুদ্দিন আজমল মুৰ্দাবাদ', 'নাৰী সমাজক অপমান কৰা আজমল নিপাত যাওক', 'বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰক,' 'বিজেপিৰ এজেণ্ট আজমল মুৰ্দাবাদ', 'সাম্প্ৰদায়িক ৰাজনীতি কৰা নচলিব', 'সুবিধাবাদী বদৰুদ্দিন আজমল হুঁচিয়াৰ', 'আজমলৰ সাংসদ পদ খাৰিজ কৰক', আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে পৰিৱেশ ।

অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই বদৰুদ্দিন অজমলক কঠোৰ ভাষাৰে সমালোচনা কৰে । গুজৰাট আৰু অন্যান্য ৰাজ্যত চলি থকা নিৰ্বাচনলৈ লক্ষ্য ৰাখি বিজেপিৰ শ্ৰতলিপি মতে এই মন্তব্য দি আজমলে শংকৰ-আজানৰ সম্প্ৰীতিৰ দেশত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ কু-অভিসন্ধি কৰা গুৰুত্বপূৰ্ণ মন্তব্য কৰে দিলীপ কুমাৰ শৰ্মাই । লগতে নাৰী সমাজক অপমান কৰাৰ বিৰুদ্ধেও আজমলক ধিক্কাৰ দিয়ে দলটোৱে ।

সমান্তৰালভাৱে সাংসদ বদৰুদ্দিন আজমলৰ গ্ৰেপ্তাৰৰো দাবী তোলে দিলীপ কুমাৰ শৰ্মাই৷ লগতে ভৱিষ্যতে এনে ধৰণৰ অশালীন মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আজমলক সকীয়নি প্ৰদান কৰে অসম তৃণমূল কংগ্ৰেছে ৷ উল্লেখ্য যে, আজমলৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি ইতিমধ্যেই আজমলৰ বিৰুদ্ধে হাতীগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে দুলু আহমেদে ৷

আজমলৰ এনে মন্তব্যই যিকোনো সময়তে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে সকলোৱে ৷ আজমলৰ মন্তব্যৰ বিৰোধিতাৰে প্ৰৱল জনমত সৃষ্টি হোৱাৰ পিছতে শিৰনত কৰিবলৈ বাধ্য হ’ল বদৰুদ্দিন আজমল ৷ বদৰুদ্দিন আজমলৰ মন্তব্য-‘যদিহে মোৰ কথাই কাৰোবাৰ আবেগ আৰু অনুভূতিত আঘাত সানিছে তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী ৷ মই কাৰো আবেগত আঘান সানিব বিচৰা নাছিলোঁ ৷ মই কেৱল চৰকাৰে সংখ্যালঘু সকলক সমদৃষ্টি প্ৰদান কৰি শিক্ষা আৰু সংস্থাপন দিয়াটো বিচাৰো ৷’ সেয়া যি কি নহওক, বদৰুদ্দিন আজমলৰ মন্তব্যৰ পিছতেই এতিয়া জ্বলিছে ৰাজ্য ৷

লগতে পঢ়ক : Badaruddin Ajmal controversy: বিজেপিৰ ‘দালাল’ আজমলৰ বিৰুদ্ধে মুখ খুলিব পৰা নাই AIUDF নেতা-কৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.